নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

মহাজোঁটৰ অংশ হিচাপেহে কংগ্রেছৰ সৈতে থাকিব ইউডিএফ

বিদ্রোহ নির্বাপনৰ চেষ্টাৰে ৰিপুণ বৰাই চাফাই গালে

নিয়মীয়া বাৰ্তা ২৬ আগষ্টঃ  সাংসদ বদৰুদ্দিন আজমল নেতৃত্বাধীন এআইইউডিএফৰে কৰা মিত্রতাক লৈ কংগ্রেছৰ অভ্যন্তৰত সৃষ্টি হোৱা ক্ষোভ–সন্তুষ্টি–বিস সাংঘাতিকভাৱে জোকাৰি গৈছে কংগ্রেছক৷ এই মিত্রতাক লৈ ৰাজ্যৰ প্রধান বিৰোধী দল কংগ্রেছত ইতিমধ্যে একপ্রকাৰ উলম্ব বিভাজন ঘটিছে৷ দলটোৰ সংখ্যালঘু সম্প্রদায়ৰ প্রাক্তন সাংসদ, প্রাক্তন মন্ত্রী, প্রাক্তন বিধায়কসকলৰ লগতে বিৰোধী দলপতি দেৱব্রত শইকীয়া, জ্যেষ্ঠ বিধায়ক ৰূপজ্যোতি কুর্মী, এআইচিচিৰ সম্পাদক তথা প্রাক্তন বিধায়ক ৰাণা গোস্বামী আদিয়ে ইতিমধ্যে মুকলিভাৱেই সেই মিত্রতাৰ বিৰোধিতা কৰিছে৷ দলৰ ভিতৰচ’ৰাত উদ্ভৱ হোৱা ক্ষোভ–সন্তুষ্টি–বিস মষিমূৰৰ কৌশল হিচাপে প্রদেশ কংগ্রেছৰ সভাপতি ৰিপুণ বৰাই আসন্ন বিধানসভা নির্বাচনত বিজেপিক প্রতিহত কৰাৰ বাবে কংগ্রেছে যি মহাজোঁট গঠন প্রক্রিয়া আৰম্ভ কৰিছে, এআইইউডিএফ সেই মহাজোঁটৰ এটা অংশহে বুলি মন্তব্য কৰে৷ দিছপুৰৰ মানৱেন্দ্র শর্মা কমপ্লেক্সত সোমবাৰে আয়োজিত শিল্পী, কলা–কুশলীৰ এক যোগদান অনুষ্ঠানত সভাপতি বৰাই কয় যে কংগ্রেছৰ নেতৃত্বত গঠন হ’বলগীয়া মহাজোঁটৰ প্রতি বাঁওপন্থী দল, আঞ্চলিক দল, জনগোষ্ঠীয় সংগঠন আদিয়ে সঁহাৰি জনাইছে৷ তেওঁ লগতে কয়–বিজেপিবিৰোধী শক্তিসমূহ একত্রিত হোৱাত বিজেপি ভীতিগ্রস্ত হৈছে৷ তাৰ বাবেই বিজেপিয়ে এআইইউডিএফৰ সৈতে মিত্রতা হোৱা বুলি প্রচাৰ চলাইছে৷ সভাপতি বৰাৰ মতে, মহাজোঁটত বাঁওপন্থী দল, আঞ্চলিক দল, জনগোষ্ঠীয় সংগঠনো থাকিব৷ এআইইউডিএফ দল সেই মহাজোঁটৰ এটা অংশ হিচাপেহে থাকিব৷ বৰাই আৰু কয় যে এআইইউডিএফ সাম্প্রদায়িক দল নহয়৷ এআইইউডিএফে এটা সম্প্রদায়ৰ অধিকাৰ আৰু উন্নতিৰ বাবে মাত মাতি আহিছে৷ এটা সম্প্রদায়ৰ অধিকাৰ আৰু উন্নতিৰ বাবে মাত মাতি অহাটো কেনেকৈ সাম্প্রদায়িক হ’ব? আচলতে বিজেপিহে সাম্প্রদায়িক৷ বিজেপিয়ে দলিত আৰু কিছু নির্দিষ্ট সম্প্রদায়ক আক্রমণ কৰি আহিছে৷ তাৰ বাবেই জনসাধাৰণে এতিয়া পৰিৱর্তনৰ পৰিৱর্তে পৰিত্রাণ বিচাৰিছে৷ বিজেপিৰো বর্তমানৰ কেইবাজনো বিধায়ক আৰু প্রাক্তন বিধায়কে অহা তিনি–চাৰি মাহ পিছত নির্বাচনৰ প্রাক্ক্ষণত কংগ্রেছ দলত যোগদান কৰিব বুলি তাৎপর্যপূর্ণ মন্তব্য কৰি কয় যে বর্তমান তেওঁলোকৰ সৈতে সেইসকল বিজেপি নেতাৰ যোগাযোগ চলি আছে৷ স্বাস্থ্যমন্ত্রী ড০ হিমন্ত বিশ্ব শর্মাই কংগ্রেছত তেওঁৰ ‘বন্ধু’ থকা বুলি কৈছে৷ ড০ শর্মা যিহেতু এসময়ত কংগ্রেছত আছিল, গতিকে ‘বন্ধু’ থাকিব পাৰে৷ কিন্তু ড০ শর্মাৰ সপোন সপোন হৈয়েই থাকিব৷ কংগ্রেছৰো বিজেপিৰ বন্ধু আছে৷ উক্ত অনুষ্ঠানতে কংগ্রেছ বিধায়িনী দলৰ উপ–দলপতি ৰকিবুল হুছেইনে ভাষণত কয় যে এইবাৰ বিধানসভা নির্বাচনত বিজেপিক পৰাভূত কৰি কংগ্রেছে ৰাজ্যত চৰকাৰ গঠন কৰিবলৈ সক্ষম হ’ব৷ তেওঁলোকে নির্বাচনত উৰাজাহাজেৰে যাব৷ কিন্তু কংগ্রেছে পেডেল মাৰি মাৰি চাইকেল চলাই, টেক্সি গাড়ী লৈ ৰাইজৰ কাষলৈ যাব৷ ৰাইজে এইবাৰ বিজেপিক উৎখাত কৰিব৷ এআইচিচিৰ যুটীয়া সম্পাদক ড০ সঞ্জয় চৌধুৰীয়ে ভাষণত সকলোকে ঐক্যবদ্ধ হৈ নির্বাচনত অৱতীর্ণ হ’বলৈ আহ্বান জনায়৷ প্রাক্তন মুখ্যমন্ত্রী ডাঃ ভূমিধৰ বর্মনেও সকলোকে ঐক্যবদ্ধ হৈ নির্বাচনত অৱতীর্ণ হোৱাৰ আহ্বান জনায়৷

You might also like