ধুবুৰীৰ চলাকুৰা ZPCৰ AIUDFৰ বিজয়ী লায়লা বেগমৰ শিক্ষাগত অৰ্হতা ভুৱা!
নিয়মীয়া বাৰ্তা, ২০ জুনঃ সম্প্ৰতি অনুষ্ঠিত হোৱা পঞ্চায়ত নিৰ্বাচনত ধুবুৰী জিলা পৰিষদৰ সদস্যা পদত বিজয়ী হোৱা এগৰাকী প্ৰাৰ্থীয়ে নিজৰ মনোনয়ন পত্ৰত ভুৱা শিক্ষাগত অৰ্হতাৰ নথী-পত্ৰ দাখিল কৰাৰ এক চাঞ্চল্যকৰ অভিযোগ উত্থাপিত হৈছে।
আজি ধুবুৰী ৰাজীৱ ভৱনত আয়োজিত সংবাদমেলত এই বিষ্ফোৰক অভিযোগ উত্থাপিত কৰিছে যুৱ কংগ্ৰেছৰ ৰাজ্যিক সাধাৰণ সম্পাদক ৰফিকুল হ’ক চৌধুৰীয়ে। সংবাদমেলখনত এইবাৰ দক্ষিণ শালমাৰাৰ ৬নং চলাকুৰা জিলা পৰিষদ সমষ্টিৰ পৰা এআইইউডিএফ দলৰ বিজয়ী প্ৰাৰ্থী লাইলা বেগমে নিজৰ মনোনয়ন পত্ৰত দিয়া শিক্ষাগত অৰ্হতাৰ নথী-পত্ৰ সম্পূৰ্ণ ৰূপে ভুৱা বুলি দাবী কৰে চৌধুৰীয়ে।
তথ্য জনাৰ আইনৰ অধীন (আৰটিআই)ত লাইলা বেগমে মনোনয়ন পত্ৰত দিয়া শিক্ষাগত অৰ্হতাৰ নথী-পত্ৰখিনি পোৱাৰ পিছত কৰা অনুসন্ধানৰ পিছত সম্পূৰ্ণ বিষয়টো উন্মোচিত হোৱা বুলি আজিৰ সেই সংবাদমেলখনত উল্লেখ কৰিছে তেওঁ।
নিজৰ ভাষ্যৰ সত্যতা প্ৰতিপন্ন কৰিবলৈ যুৱ কংগ্ৰেছৰ ৰাজ্যিক সাধাৰণ সম্পাদকগৰাকীয়ে লাইলা বেগমে উচ্চতৰ মাধ্যমিক পৰীক্ষাত উত্তীৰ্ণ বুলি দেখুৱা ধুবুৰী হুদুৰহাট ধৰ্মশালা উচ্চতৰ মাধ্যমিক বিদ্যালয়ৰ অধ্যক্ষ মইনুল হ’কৰ এখন লিখিত ৰূপত দিয়া এখন পত্ৰও সংবাদমেলখনত উপস্থিত থকা সাংবাদিক সকলক দেখুৱায় চৌধুৰীয়ে।
পত্ৰখনত অধ্যক্ষগৰাকীয়ে অসম উচ্চ মাধ্যমিক শিক্ষা পৰিষদে অনুষ্ঠিত কৰা ২০০৭ বৰ্ষৰ উচ্চতৰ মাধ্যমিক পৰীক্ষাৰ সময়ত ধুবুৰী হুদুৰহাট ধৰ্মশালা উচ্চতৰ মাধ্যমিক বিদ্যালয়ৰ কেন্দ্ৰ ক’ড/ৰ’ল “০৪৩” থকা বুলি উল্লেখ কৰাৰ বিপৰীতে পৰিষদৰ হলোগ্রাফিক লগো থকা সকলো প্ৰমাণপত্ৰ “২২ মে’ ২০০৭” তাৰিখে জাৰী কৰা হৈছিল বুলি স্পষ্ট ভাবে উল্লেখ কৰিছে।
কিন্তু তাৎপৰ্যপূৰ্ণ ভাবে ৰফিকুল হ’ক চৌধুৰীয়ে আৰটিআই যোগে পোৱা বুলি দাবী কৰা লাইলা বেগমৰ প্ৰমাণপত্ৰৰ জেৰক্স কপিত কেন্দ্ৰ ক’ড/ৰ’ল “০৩৭৬” বুলি থকাৰ উপৰি জাৰী কৰা তাৰিখৰূপে আছে “২২ মে’ ২০০৭”। তদুপৰি বেগমৰ প্ৰমাণপত্ৰখনত নাই কোনো ধৰণৰ হলোগ্ৰাফিক ল’গোও।
ইপিনে, নিজৰ সেই পত্ৰখনত ২০০৭ চনত বিদ্যালয় ত্যাগ কৰাৰ প্ৰমাণপত্ৰ বিদ্যালয়ৰ কাৰ্যালয়ৰ পৰা বুক নং ১ আৰু চিৰিয়াল নম্বৰ ২৯ (উচ্চতৰ মাধ্যমিক)ৰ অধীনত শেখ ৰশিদুল ইছলাম আহমেদ, পিতাঃ শেখ মনিৰ উদ্দিন আহমেদ, গ্ৰামঃ ছাগলচৰা তৃতীয় খণ্ডক প্ৰদান কৰা হৈছিল বুলিও উল্লেখ কৰিছে অধ্যক্ষ গৰাকীয়ে।
তাৰোপৰি ধুবুৰী হুদুৰহাট ধৰ্মশালা উচ্চতৰ মাধ্যমিক বিদ্যালয়ৰ অধ্যক্ষ গৰাকীয়ে নিজৰ সেই পত্ৰখনত সংলগ্ন বিদ্যালয় ত্যাগ কৰাৰ প্ৰমাণপত্ৰৰ জেৰক্স কপিত সম্পূৰ্ণ ভিন্ন ডিজাইন আৰু নম্বৰ দৰ্শোৱা হৈছে, যি মূল প্ৰতিলিপিৰ সৈতে মিল খোৱা নাই বুলিও স্পষ্ট ভাবে উল্লেখ কৰা পোৱা গৈছে ইপিনে সমগ্ৰ বিষয়টো লৈ আজি ধুবুৰী জিলা আয়ুক্তলৈ লিখিত অভিযোগ দিয়া হোৱা বুলি সদৰি কৰিছে আৰু বিষয়টো লৈ তদন্ত কৰাৰো দাবী জনাইছে ৰফিকুল হ’ক চৌধুৰীয়ে।
তদুপৰি এই ঘটনাই ধুবুৰীত ভূয়া শিক্ষাগত অৰ্হতাৰ প্ৰমাণপত্ৰ যোগান ধৰাৰ এটা চক্ৰ সক্রিয় হৈ থকাৰ সন্দেহ উত্থাপন কৰিছে যুৱ কংগ্ৰেছৰ ৰাজ্যিক সাধাৰণ সম্পাদকগৰাকীয়ে আৰু বিষয়টো লৈ যুৱ কংগ্ৰেছ্ আৰক্ষীৰ কাষ চাপিব বুলিও দাবী কৰিছে তেওঁ। ইয়াতে, উল্লেখনীয় যে, সাম্প্রতিক পঞ্চায়ত নিৰ্বাচনত ৬নং চলাকুৰা জিলা পৰিষদ সমষ্টিৰ পৰা কংগ্ৰেছ দলৰ প্ৰাৰ্থী ৰূপে অৱতীৰ্ণ হোৱা ৰফিকুল হ’ক চৌধুৰীক পৰাভূত কৰি বিজয়ী হৈছে এআইইউডিএফ প্ৰাৰ্থী লাইলা বেগম।
প্ৰেৰক অমিতাভ চক্ৰৱৰ্তী