বিশেষ বাৰ্তা, ১৪ ফেব্ৰুৱাৰীঃ নগাঁও জিলাৰ কলিয়াবৰ জগলাবন্ধাৰ খাউণ্ডচুকৰ অজিত খাউণ্ড (৮৩)ৰ আমেৰিকাত এক শোকাৱহ পথ দুৰ্ঘটনাত মৃত্যু হয়। দক্ষিণ কেৰ’লিনাৰ ছাৰ্লটত নিজা ঘৰৰ পৰা গাড়ীৰ ইন্ধন ভৰাবলৈ গৈ এই দুৰ্ঘটনাত পতিত হয় আৰু স্থানীয় চিকিৎসালয়লৈ নিয়াৰ পাছত চিকিৎসালয়তে তেওঁৰ মৃত্যু হয় বুলি পৰিয়ালৰ লোকে জানিবলৈ দিয়ে। কৰ্মসূত্ৰে আমেৰিকাৰ বাসিন্দা খাউণ্ড এগৰাকী অভিযন্তা হিচাপে অৱসৰ লয়। কলিয়াবৰৰ শিলঘাট উচ্চতৰ মাধ্যমিক বিদ্যালয়ৰ পৰা উচ্চ মাধ্যমিক শিক্ষান্ত পৰীক্ষাত ষ্টেণ্ড কৰি কটন কলেজত শিক্ষা গ্ৰহণ কৰাৰ পাছত খড়গপুৰ আই আই টিৰ পৰা ইঞ্জিনীয়াৰিং সম্পূৰ্ণ কৰি কিছুদিন ভাৰতীয় সেনাত যোগদান কৰিছিল। পাছত আমেৰিকাৰ এটি প্ৰতিষ্ঠানত অভিযন্তা হিচাপে যোগদান কৰে। মৃত্যুৰ সময়ত খাউণ্ডে পত্নীসহ দুই কন্যাক এৰি গৈছে। খাউণ্ডৰ মৃত্যুত তেওঁৰ জন্মস্থানত শোকৰ ছাঁ পৰিছে।
প্ৰেৰক অমৰ শৰ্মা