এআইইউডিএফৰে মিত্রতা নকৰিলে অসমত বিহাৰৰ দৰে অৱস্থা হ’ব কংগ্রেছৰ
কংগ্রেছক ব্লেকমেইলিং সুযোগসন্ধানী বদৰুদ্দিন আজমলৰ
নিয়মীয়া বাৰ্তা ১২ নৱেম্বৰঃ বিহাৰ বিধানসভা নির্বাচনত এন ডি এই একক সংখ্যাগৰিষ্ঠতা লাভ কৰি চৰকাৰ গঠনৰ পাছতেই এ আই ইউ ডি এফৰ সভাপতি সাংসদ বদৰুদ্দিন আজমলে আৰম্ভ কৰিছে ব্লেকমেইলিঙৰ ৰাজনীতি৷ অসমত চৰকাৰ গঠন কৰিলেই শংকৰদেৱ কলাক্ষেত্র দখলৰ হুংকাৰ দিয়া আজমলে বিহাৰ বিধানসভা নির্বাচনৰ ফলাফলক গইনা হিচাপে লৈয়েই তেওঁলোকৰ সৈতে মিত্রতা কৰিবলৈ কংগ্রেছক ব্লেকমেইলিং কৰা আৰম্ভ কৰি দিছে৷ আনকি তেওঁলোকৰ সৈতে মিত্রতা নকৰাৰ বিষয়ত কংগ্রেছক হাজাৰবাৰ চিন্তা কৰিবলৈ একপ্রকাৰ সকীয়নি দি আজমলে অসমত মহাজোঁট গঠনৰ বিকল্প নাই বুলিও হুংকাৰ দিয়ে৷
উল্লেখ্য যে নিখিল ভাৰত কংগ্রেছ কমিটীৰ সাধাৰণ সম্পাদক তথা অসম প্রদেশ কংগ্রেছ কমিটীৰ পর্যবেক্ষক জিতেন্দ্র সিঙে অসমত এতিয়ালৈ কংগ্রেছে কোনো দলৰে মিত্রতা কৰা নাই বুলি স্পষ্ট কৰি দিয়াৰ লগতে এই সম্পর্কীয় সকলো সিদ্ধান্ত হাইকমাণ্ডেহে ল’ব বুলি যোৱা সপ্তাহত সংবাদ মেলযোগে প্রকাশ কৰে৷ আনকি এই বিষয়ক লৈ চলি থকা চিন্তা–চর্চা কংগ্রেছ দলৰ চিন্তা–চর্চা নহয়, যিসকলে তেনে চিন্তা–চর্চা কৰি আছে, সেয়া তেওঁলোকৰ ব্যক্তিগত চিন্তা–চর্চা বুলিহে মন্তব্য কৰে৷ পর্যবেক্ষক সিঙৰ সেই ভাষ্যৰ পাছতে কংগ্রেছ–এ আই ইউ ডি এফৰ মিত্রতাৰ প্রসংগ কিছু তল পৰে৷ কিন্তু কালি বিহাৰ বিধানসভা নির্বাচনৰ ফলাফলৰ পাছতেই পুনৰ মিত্রতাৰ বিষয়টোক লৈ আগ্রাসী ভূমিকা গ্রহণ কৰিছে আজমলে৷
বুধবাৰে গুৱাহাটীত সংবাদ মাধ্যমৰ আগত আজমলে কয়– আমি শেষমুহূর্তলৈ কংগ্রেছ নেতৃত্বক মিত্রতা তথা মহাজোঁট গঠনৰ প্রস্তাৱ দি থাকিম৷ আমি ‘আপ আপ’ কৈ থাকিম৷ যেতিয়ালৈকে কংগ্রেছ হাইকমাণ্ডে ‘ছেটআপ’ নকৰে, তেতিয়ালৈ কৈয়ে থাকিম৷ এই বিষয়ত কংগ্রেছে এশবাৰ নহয়, হাজাৰবাৰ চিন্তা কৰক৷ অসমত মহাজোঁটবন্ধন অবিহনে কোনো বিকল্প নাই৷ সেইদৰে এ আই ইউ ডি এফৰ পৰা কোনেও মুখ্যমন্ত্রী, উপ–মুখ্যমন্ত্রী নহয় বুলি আজমলে পুৰণা ৰেকর্ড বজাই অতি তাৎপর্যপূর্ণভাৱে কয় যে মুখ্যমন্ত্রী কোন হ’ব– নহ’ব, প্রধানমন্ত্রী কোন হ’ব–নহ’ব, আমেৰিকাৰ নির্বাচনে বুজাই দিছে৷ এইবোৰক লৈ বহু আগৰে পৰা চিন্তা–চর্চা কৰি লাভ নাই৷ বিহাৰত কি ভাবিছিল, কি হ’ল? সেয়ে অসমত মুখ্যমন্ত্রী কোন হ’ব, ভাবি লাভ নাই৷ আজমলৰ এই ভাষ্যই সময়ত যে তেওঁলোক নিজেই মুখ্যমন্ত্রিত্বৰ দাবীদাৰ হ’বও পাৰে, তাৰেই ইংগিত বহন কৰিছে৷ সংবাদ মাধ্যমৰ আগত আজমলে মন্ত্রী ড০ হিমন্ত বিশ্ব শর্মাকো সমালোচনা কৰি কয় যে মন্ত্রীগৰাকীয়ে তেওঁক বুঢ়া আঙুলি দেখুৱাই পদমর্যাদা ভংগ কৰিছে৷ এজন শিক্ষামন্ত্রীৰ পদমর্যাদা তেওঁ ৰাখিব পৰা নাই৷ পাকিস্তান জিন্দাবাদ বিতর্কৰ প্রসংগত তেওঁৰ সমর্থনত কংগ্রেছৰ ১০জনে সমর্থন দিছে৷ কিন্তু মন্ত্রী ড০ শর্মাৰ সমর্থনত পীয়ূষ হাজৰিকা আৰু জয়ন্ত মল্ল বৰুৱাৰ বাহিৰে দলৰ আন কোনেও সমর্থন দিয়া নাই৷