নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

ইউডিএফ অবিহনে শূন্য বিৰোধী ঐক্য : ধুবুৰীত কংগ্ৰেছক তুলাধূনা আজমলৰ

নিয়মীয়া বাৰ্তা, ১৩ জুলাইঃ “আজিকালি চলি আছে ইউনিফৰ্ম চিভিল ক’ড- আজি, অহাকালি সংসদত অনা হ’ব। আপোনালোকৰ হৈ মই চৰকাৰক প্ৰশ্ন কৰিব বিচাৰোঁ – ইউনিফৰ্ম চিভিল ক’ড লগাওক। কালিৰ পৰা আমি শাৰী পিন্ধিম, আপোনালোকেও সকলোৱে শাৰী পিন্ধক। পুৰুষ-মহিলা সকলোৱে শাৰী পিন্ধিব লাগিব। ইউনিফৰ্ম চিভিল ক’ড যেতিয়া হ’ব সকলোৱে শাৰী পিন্ধিব লাগিবো।” এই ভাষ্য বদৰুদ্দিন আজমলৰ। কালি সন্ধিয়া ধুবুৰী চহৰৰ পাৰ্শ্বৱৰ্তী দুৰ্গম ভাষাণীচৰত এক জনসভাত এইদৰে কেন্দ্ৰীয় চৰকাৰে সংসদত উত্থাপন কৰিবলগীয়া ইউচিচি (ইউনিফৰ্ম চিভিল ক’ড) বিলখনৰ বিৰোধিতাত সৰৱ হৈ উঠা দেখা যায় ধুবুৰীৰ সাংসদ বদৰুদ্দিন আজমলে। তেওঁ আৰু কয়, “এবাৰ আমি দাৰি ৰাখিম, এবাৰ আপোনালোকে দাৰী ৰাখক। হ’ব নে মানিব চৰকাৰক? ইউনিফৰ্ম চিভিল ক’ড নহয়! নে ভাই? ৫ বছৰ; ঠিক আছে – ৫ বছৰ আমি ৰাখিম, ৫ বছৰ আপোনালোকেও দাৰি ৰাখক। ৫ বছৰ আমি মাছ-মাংস খাম, আপোনালোকেও খাওক।” কাৰ্য্যতঃ ২০২৪ চনৰ লোকসভা নিৰ্বাচনৰ ৰণদুন্দুভি বজাই আজমলে তেওঁৰ স্বভাবসিদ্ধ ভংগীমাৰে কংগ্ৰেছক আক্ৰমণৰ লক্ষ্য কৰি কয়, “এই এনআৰচি- কোনে আনিছিল অসমত? এই তৰুণ গগৈ চৰকাৰ লগাইছে। ডি-ভোটাৰ কোনে লাগু কৰিছিল? এই তৰুণ গগৈ চৰকাৰে আৰম্ভ কৰিছে- চেলেঞ্জ জনাই মই কৈছোঁ। ইন্টাৰনেট চাওক, গুগল চাওক- ডিটেনচন কেম্প কোনে বনাইছে? তৰুণ গগৈ চৰকাৰে। সীমান্ত আৰক্ষী (ব’ৰ্ডাৰ পুলিচ) কোনে বনাইছে? তৰুণ গগৈৰ সময়ত হৈছে।” কংগ্ৰেছৰ ৰাজ্যিক নেতৃত্বক হুংকাৰ আজমলৰ, “আমি আপোনালোকক কৈছোঁ, আপোনালোকে আমাৰ কথাটো শুনি আপোনালোকে আমাক ভোট দিওক, আমি দিল্লীত চৰকাৰ কৰিম (কংগ্ৰেছ নেত়ৃত্বই এনেদৰে ক’ব বুলি অনুকৰণ কৰি শুদ্ধ অসমীয়াত কৈ) – আৰে চৰকাৰ আপোনালোক কি বনাব! আমিও বিচাৰিছোঁ দিল্লীত চৰকাৰ হওক; কংগ্ৰেছে চৰকাৰ বনাওক; মহাজোট বন্ধন চৰকাৰ বনাওক। কিন্তু অসমৰ পচা কচু কেইগৰাকীমান যে আছে- তেওঁলোকৰ সেই ১১জনীয়া ক্ৰিকেট টীম, ফুটবল টীম – এয়ালৈ চৰকাৰ নবনিব; সপোন নেদেখিব। দিল্লীলৈ ইফালেৰে ঘূৰি যাওক বা সিফালেৰে ঘূৰি যাওক – আগলৈ গৈ পাব ৩খন বা ৫খন আসন আৰু ৫খন আসন আজমল, ইউডিএফ লৈ থিয় হৈ আছে- এই ৫খন আপোনালোকৰ নহ’লে দিল্লীত চৰকাৰ নহ’ব।” ভাষণ প্ৰসংগত ধুবুৰীৰ সাংসদগৰাকীৰ ভোটাৰলৈ আহ্বান, “নিৰ্বাচন সন্মুখত। ধনৰ প্ৰলোভনত নপৰিবো। যিয়ে ধন দিবলৈ আহিব গছত বান্ধি ৰাখি নজৰুল ভাইক (ধুবুৰীৰ ইউডিএফ বিধায়ক) অভিযোগ দিব। আৰক্ষীয়ে পিটন দি লৈ যাব। ধনখিনি আপোনালোক লৈ ল’ব।” পিছত সাংবাদিকৰে হোৱা কথাবতৰাত অসমীয়া শব্দৰ এক নতুন সংজ্ঞা দাঙি ধৰে ধুবুৰীৰ সাংসদগৰাকীয়ে। তেওঁ কয়, “আমি জানো এটাই কথা অস-মিঞা; তাৰ মানে দুয়ো ভাই ভাই। অস মিঞা – মিঞা সম্পূৰ্ণ নহ’ব যেতিয়ালৈকে অস নাথাকে, অসম নাথাকে। আৰু, অসমৰ ল’গত ভাই যদি মিঞা নাথাকে সেইটোও কোনোদিন সম্পূৰ্ণ নহ’ব; অসম্পূৰ্ণ হ’ব।” আনহাতে, লোকসভা নিৰ্বাচনত ধুবুৰীত কংগ্ৰেছী নেতা ৰ’কিবুল হুছেইনে তেওঁৰ বিৰূদ্ধে নিৰ্বাচনত অৱতীৰ্ণ হ’লে তেওঁক ১০ লাখ টকাৰে সাহাৰ্য্য কৰিব বুলিও সাংবাদিকৰ সন্মুখত মন্তব্য আগবঢ়ায় আজমলে।

প্ৰেৰক অমিতাভ চক্ৰৱৰ্তী

You might also like