🔹 বিজেপিত যোগদান ৰূপহীহাটৰ প্ৰাক্তন বিধায়ক মজিবুৰ ৰহমানৰ
নিয়মীয়া বাৰ্তা, ৩১ মাৰ্চ : ৰূপহীহাট সমষ্টিৰ প্ৰাক্তন বিধায়ক মজিবুৰ ৰহমানে এ আই ইউ ডি এফ ত্যাগ কৰি বিজেপিত যোগদান কৰা ঘটনাই নগাঁও লোকসভা সমষ্টিত ব্যাপক চৰ্চা লাভ কৰিছে । নগাঁৱৰ ধিং সমষ্টিৰ ২নং কান্দুলীমাৰীৰ মাঠখোলাত অনুষ্ঠিত এখন সভাত মজিবুৰ ৰহমানে বিজেপিত যোগদান কৰে । নগাঁও লোকসভা সমষ্টিৰ বিজেপিৰ প্ৰাৰ্থী সুৰেশ বৰাৰ এক প্ৰচাৰ সভাত মন্ত্ৰী পীয়ূষ হাজৰিকাৰ উপস্থিতিত ৰূপহীহাটৰ প্ৰাক্তন বিধায়ক তথা এ আই ইউ ডি এফ দলৰ নেতা মজিবুৰ ৰহমানে বিজেপিত যোগদান কৰে । উল্লেখ্য যে ২০১১ চনত এ আই ইউ ডি এফ দলৰ পৰা বিধায়ক নিৰ্বাচিত হৈছিল মজিবুৰ ৰহমান। সংখ্যালঘু অধ্যুষিত সমষ্টিটোত মজিবুৰ ৰহমানৰ বিজেপিত যোগদানে ৰাজনৈতিক সমীকৰণ সলনি কৰাৰো সম্ভাৱনা প্ৰকট হৈ পৰিছে । ইফালে, বিজেপিত যোগদান কৰিয়ে প্ৰাক্তন বিধায়কগৰাকীয়ে এ আই ইউ ডি এফ দল সন্দৰ্ভত কেইবাটাও বিস্ফোৰক মন্তব্য প্ৰকাশ কৰে । তেওঁ কয় যে এ আই ইউ ডি এফ দলটো এটা ৰাজনৈতিক ব্যৱসায়িক দলত পৰিণত হৈছে । পূৰ্বতে ৰাইজৰ মাজত এ আই ইউ ডি এফৰ যি জনপ্ৰিয়তা আৰু গ্ৰহণযোগ্যতা আছিল, সেয়া লাহে লাহে নাইকিয়া হৈ আহিছে । শীঘ্ৰেই এ আই ইউ ডি এফ দলটো নি:শেষ হ’ব বুলি প্ৰাক্তন বিধায়ক মজিবুৰ ৰহমানে প্ৰকাশ কৰি লগতে কয় যে বিজেপিয়ে সকলোৰে বাবে কাম কৰি আছে। সংখ্যালঘু লোকে বিজেপিক ভোট নিদিলেও চৰকাৰে সকলোৰে বাবে কাম কৰি আছে । বিজেপিত যোগদান কৰিয়েই প্ৰাক্তন বিধায়ক মজিবুৰ ৰহমানে লগতে এই কথাও স্বীকাৰ কৰে যে পূৰ্বতে কংগ্ৰেছৰ দিনত চাকৰিৰ বাবে টকা দিব লাগিছিল, কিন্তু বিজেপি চৰকাৰৰ দিনত কোনো পইচা নিদিয়াকৈয়ে অসম লোকসেৱা আয়োগৰ চাকৰিৰ দৰে আগশাৰীৰ চাকৰি সংখ্যালঘু মুছলমানে যুৱক-যুৱতীয়ে নিজৰ যোগ্যতাৰ ভিত্তিত লাভ কৰিছে । আনহাতে, সমষ্টিটোত বিজেপি প্ৰাৰ্থী সুৰেশ বৰাই প্ৰাৰ্থিত্ব লাভ কৰাৰ পিছৰে পৰা সংখ্যালঘু এলেকাত দিনে-নিশাই প্ৰচাৰ অব্যাহত ৰাখিছে । ১৮ লাখতকৈও অধিক ভোটাৰ থকা নগাঁও লোকসভা সমষ্টিত প্ৰায় এঘাৰ লাখ সংখ্যালঘু ভোটাৰ আছে । গতিকে নিৰ্ণায়ক ভূমিকা পালন কৰা সংখ্যালঘু সমাজৰ এগৰাকী প্ৰতিনিধি মজিবুৰ ৰহমানে বিজেপিত যোগদান কৰাৰ পিছত নগাঁৱৰ ৰাজনৈতিক দৃশ্যপট সলনি হোৱাৰ চৰ্চা চলিছে ।
প্ৰেৰক জহিৰুল ইছলাম