নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

আজমলৰ আৱেগিক ব্লেকমেইলিং এইবাৰ নচলিব : জাভেদ ইছলাম

বাৰ্তা ব্যুৰ, গোৱালপাৰা, ১৬ মাৰ্চঃ আজমলৰ আৱেগিক ব্লেকমেইলিং এইবাৰ নিৰ্বাচনত নচলিব। বিগত ১৫ বছৰে আজমলে কেৱল ধৰ্মৰ নামত ৰাজনীতি কৰি সাংসদ হৈ আহিছে। ধুবুৰীৰ ৰাইজে এইবাৰ সজাগ হৈছে৷ এই মন্তব্য ধুবুৰী লোকসভা সমষ্টিৰ অগপ প্ৰাৰ্থী জাভেদ ইছলামৰ। দলীয় টিকট লাভ কৰাৰ পাছত গোৱালপাৰা জিলাত যোৱানিশা উপস্থিত হয় প্ৰাৰ্থীগৰাকী। গোৱালপাৰা জিলা অগপ কাৰ্যালয়ত উপস্থিত হৈ প্ৰাৰ্থীগৰাকীয়ে দলীয় কাৰ্যকৰ্তাৰ সৈতে মিলিত হৈ নিৰ্বাচনী কুচকাৱাজ আৰম্ভ কৰে। সভাৰ অন্তত প্ৰাৰ্থীগৰাকীয়ে সাংবাদিকৰ সৈতে হোৱা সাক্ষাৎকাৰত কয় যে আজমলে নিজকে বুঢ়া বাঘ আৰু ৰকিবুলক ছাগলীৰ লগত তুলনা কৰি পশুতুল্যৰ দৰে কাম কৰি আহিছে। বিগত সময়ৰ দৰে আজমলে এইবেলি সংখালঘু লোকৰ কান্ধত বন্দুক থৈ নিৰ্বাচনী বৈতৰণী পাৰ হব নোৱাৰে। বিগত ১৫ টা বছৰে আজমলে ধৰ্মৰ নামত কেৱল ৰাজনীতি কৰি আহিছে। আজমল আৰু ৰকিবুল দুয়োজন বাহিৰৰ প্ৰাৰ্থী গতিকে ধুবুৰীৰ ৰাইজে এইবাৰ বাহিৰৰ প্ৰাৰ্থীক ভোট নিদিয়ে। আজিকালি মানুহ বহু সচেতন হৈছে। নৱপ্ৰজন্মৰ চিন্তাধাৰা বহু ওপৰত গৈছে। সেয়ে ধুবুৰীত এইবেলি আন্ধাৰ গুচি পোহৰ হবই৷ ধুবৰীত আজমলৰ লগতে এইবেলি ৰকিবুল হুছেইনো আহিছে। দুয়োগৰাকী প্ৰাৰ্থীৰ ধুবুৰীৰ লগত কোনো সম্পৰ্ক নাই। স্থানীয় প্ৰাৰ্থী কেৱল মই আছো। আজমলে ব্ৰহ্মপুত্ৰৰ ওপৰত দলং নিৰ্মাণৰ কথা কৈ মিছাকৈ আভুৱা মাৰি আছে কিন্তু ব্ৰহ্মপুত্ৰৰ ওপৰত ধুবুৰী-ফুলবাৰী সংযোগী দলং ২০০৮ চনৰ তৰুন গগৈ নেতৃত্বাধীন চৰকাৰৰ দিন কেবিনেটতে সিদ্ধান্ত হৈছিল।  আজমলৰ দিনত ধুবুৰীৰ উন্নয়নৰ কাম কাজসমুহ আজি দুৰবীণ দি চাবলগীয়া হৈছে বুলি মন্তব্য কৰাৰ লগতে কংগ্ৰেছৰ প্ৰাৰ্থী ৰকিবুল হুছেইনকো তীব্ৰ সমালোচনা কৰে অগপ প্ৰাৰ্থীগৰাকীয়ে ।

প্ৰেৰক উদিত নাৰায়ণ কলিতা

You might also like