নিয়মীয়া বাৰ্তা ৮ জানুৱাৰীঃ অজন্তা নেওগৰ বিজেপি গমনে আউল লগাইছে গোলাঘাটৰ একাংশ বিজেপি নেতাৰ ৰাজনৈতিক জীৱনৰ অংকত৷ অজন্তা নেওগে বিজেপিত যোগদান কৰাৰ লগে লগে বিজেপিৰ ভিতৰচ’ৰাত আৰম্ভ হৈছে লবীকেন্দ্রিক ৰাজনীতি৷ গোলাঘাট বিধানসভা সমষ্টিৰ পৰা ১৯ বছৰ ধৰি প্রতিনিধিত্ব কৰা অজন্তা নেওগ এইবাৰ বিজেপিৰ পৰা প্রার্থিত্ব লাভ কৰাৰ পূর্ণ সম্ভাৱনা থকাৰ ফলত বিজেপিৰ তৃণমূল কর্মীৰ মাজত সৃষ্টি হৈছে গৃহকন্দল৷ আজিৰ তাৰ বহিঃপ্রকাশ ঘটিল গোলাঘাট জিলা বিজেপিৰ কার্যালয়ত৷ আজি গোলাঘাট জিলা বিজেপি কার্যালয়ত গোলাঘাট সমষ্টিৰ মণ্ডল, ব্লক পর্যায়ৰ সভাপতি–সম্পাদকৰ সৈতে জিলা সভাপতি–সম্পাদকৰ অনুষ্ঠিত বৈঠকত ঘটিল ক্ষোভৰ বহিঃপ্রকাশ৷ ফলত গোলাঘাট বিজেপি কার্যালয়ত উত্তপ্ত পৰিস্থিতি সৃষ্টি হয়৷
বিজেপিৰ জিলা সমিতি আৰু তৃণমূল কর্মীৰ মাজত উত্তাল পৰিৱেশে উদঙাই দিলে অজন্তাৰ আগমনে গোলাঘাট বিজেপিত সৃষ্টি কৰে ক্ষোভ–সন্তুষ্টি৷ বিজেপি তৃণমূল কর্মীসকলে ‘অজন্তা নেওগ হটাও’ ধ্বনিৰে উত্তাল কৰি তোলে বিজেপিৰ জিলা কার্যালয়৷ গোলাঘাট বিজেপি কার্যালয়ত বৈঠক অনুষ্ঠিত হৈ থকাৰ সময়তে বিজেপিৰ তৃণমূল কর্মীসকলে বাহিৰত উত্তাল কৰি তোলে সমগ্র পৰিৱেশ৷ কর্মীসকলে এসময়ৰ কংগ্রেছৰ প্রভাৱশালী মন্ত্রী তথা বর্তমানৰ বিজেপি নেত্রী অজন্তা হটাও, বিজেপি বচাও ধ্বনি দিয়াৰ লগতে অজন্তা নেওগক গোলাঘাট বিধানসভাৰ প্রার্থিত্ব নিদিবলৈ দাবী জনায়৷ গোলাঘাটত বিজেপিৰ টিকট বিতোপন শইকীয়াকে দিব লাগিব বুলি দাবী কৰে তৃণমূল কর্মীসকলে৷ আনহাতে, অহা ৯ জানুৱাৰীত ন–বিজেপি অজন্তা নেওগৰ নেতৃত্বত এক বিশাল যোগদান কার্যসূচীৰ আয়োজন কৰা হৈছে যদিও পুৰণি বিজেপি নেতা–কর্মীসকলক একাষৰীয়া কৰি গোলাঘাট বিজেপিত একপ্রকাৰৰ গৃহকন্দল লগোৱাৰ চেষ্টা কৰা বুলিও চর্চিত হৈছে৷ ইফালে ঊষাগৰঙাত অনুষ্ঠিতব্য এই যোগদান কার্যসূচীৰ পাছতে গোলাঘাটৰ ৰাজনৈতিক বতাহ অধিক উত্তপ্ত হোৱাৰ সম্ভাৱনা আছে৷