নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

অজাপত যোগদান দুলু আহমেদৰ

নিয়মীয়া বাৰ্তা, ৪ জানুৱাৰীঃ তীর্থনগৰী হাজোৰ ঐতিহাসিক পোৱামক্কাৰ দৰগাহ আৰু হয়গ্রীৱ মাধৱ মন্দিৰৰ সমন্বয়ে প্রতিহত কৰিব বিভেদকামী শক্তিক৷ হিন্দু আৰু মুছলমানৰ নামত ভাগ ভাগ কৰা বিজেপি আৰু এআইইউডিএফৰ নিচিনা সাম্প্রদায়িক শক্তিক এইবেলি উৎখাত কৰিবলৈ হাজোৰ লগতে সমগ্র অসমবাসী সাজু হৈছে৷ –এইবক্তব্য অসম জাতীয় পৰিষদৰ সভাপতি লুৰিণজ্যোতি গগৈৰ৷ অসম জাতীয় পৰিষদৰ কামৰূপ জিলা আহ্বায়ক সমিতিৰ উদ্যোগত আজি তীর্থনগৰী হাজোৰ অভয়পুৰত অনুষ্ঠিত এক যোগদান সমাৰোহত অংশগ্রহণ কৰি অজাপৰ সভাপতিজনে এনেদৰে উল্লেখ কৰে৷

অসম জাতীয় পৰিষদৰ যুটীয়া সম্পাদক প্রিন্স ফাইজুল হকৰ পৌৰোহিত্যত অনুষ্ঠিত সভাত ৰাইজক উদ্দ্যেশি দিয়া ভাষণ প্রসংগত কয়– ১৯৭১ ৰ পাছৰ বাংলাদেশীৰ নাম ৰাষ্ট্রীয় নাগৰিকপঞ্জী আৰু ভোটাৰ তালিকাত অন্তর্ভুক্ত কৰি অসমবাসীৰ ৰাজনৈতিক ক্ষমতা দুর্বল কৰাৰ লগতে অসমৰ মাটিৰ পৰা বাংলাদেশীক উচ্ছেদ কৰিব নোৱাৰা তথা অসমৰ মাটি সুৰক্ষিত কৰাত বিজেপি চৰকাৰ চূডান্তভাৱে ব্যর্থ হৈছে৷ সাম্প্রদায়িক শক্তিক অসম জাতীয় পৰিষদে কেতিয়াও আঁকোৱালি নলয় বুলি দোহাৰি কয় যে খিলঞ্জীয়া ৰাইজৰ সুৰক্ষিত ভৱিষ্যতৰ স্বার্থত সমাজ তথা অসমৰ জনগণৰ আত্মপ্রতিষ্ঠাৰ বাবে জাতীয় পৰিষদে গ্রহণ কৰা মহাসংগ্রামৰ পৰা কেতিয়াও বিচ্ছিন্ন নহয়৷ অসম জাতীয় পৰিষদৰ কার্যকৰী সভাপতি পবিন্দ্র ডেকা, মুখ্য উপদেষ্টা বসন্ত ডেকা, সাধাৰণ সম্পাদক জগদীশ ভূঞা, উপ–সভাপতিত্রয় ক্রমে অদীপ ফুকন, চমচেৰ সিং আৰু ৰবীন দত্ত, অসম বিধানসভাৰ প্রাক্তন অধ্যক্ষ পুলকেশ বৰুৱাকে ধৰি কেইবাগৰাকীও নেতাৰ উপস্থিতিত সভাপতি লুৰিণজ্যোতি গগৈয়ে পুনৰ কয়– অসম জাতীয় পৰিষদ এটা আপোচবিহীন জাতীয়তাবাদী শক্তি৷ শ্বহীদৰ ত্যাগক অপমান কৰা দিল্লীৱালা নেতাৰ ৰঙা চকুলৈ অসমৰ ৰাইজে ভয় নকৰে৷ অসমৰ জনগণৰ লগতে সকলো জাতি–জনগোষ্ঠী, ভাষা–সাহিত্য, সংস্কৃতি, স্বাভিমান তথা মানুহৰ আস্থাৰ ভিত্তিত অসম জাতীয় পৰিষদ গঠন হৈছে আৰু এইসমূহৰ প্রতি সহানুভূতি তথা অসমৰ কৃষ্টি–সংস্কৃতি জীয়াই ৰখাৰ স্বার্থত অসম জাতীয় পৰিষদে সকলো সময়তে দায়বদ্ধ হৈ থাকিব বুলিও উল্লেখ কৰে৷

তেওঁ আৰু কয় যে অসমবাসীৰ অধিকাৰসমূহ বিজেপি চৰকাৰে অতি কৌশলেৰে আৰু পর্যায়ক্রমে কাঢ়ি নিছে৷ বিদেশী নাগৰিকৰ সমস্যাটোক জীয়াই ৰাখি বিজেপিয়ে অসমবাসীৰ ৰাজনৈতিক অধিকাৰ খর্ব কৰিছে বুলিও কয়৷ এই সভাতে পৰিষদৰ কার্যকৰী সভাপতি পবিন্দ্র ডেকাই কয়– ৰাষ্ট্রীয় দলৰ সৈতে কেৱল অসমতে নহয়, ভাৰতৰ ভিন্ন ৰাজ্যত মিত্র চৰকাৰ আছে৷ কিন্তু অসমতহে মিত্র দলৰ চৰকাৰে ৰাজ্যখনৰ অর্থনৈতিক, সাংস্কৃতিক, সামাজিক দিশত পৃথক দৃষ্টিভংগীৰে শাসন চলাইছে৷ অসমৰ বাহিৰত আন ৰাজ্যত কিন্তু এক বেলেগ ছবি প্রতিফলিত৷ সেয়ে অসমৰ সুৰক্ষিত ভৱিষ্যতৰ স্বার্থত অসমৰ জনসাধাৰণে নতুন জাতীয়তাবাদী ভাবধাৰাৰে নতুনকৈ অসম জাতীয় পৰিষদ নামৰ এটা নতুন ৰাজনৈতিক দলৰ জন্ম দিছে৷

সভাত পৰিষদৰ সাধাৰণ সম্পাদক জগদীশ ভূঞাই কয়– বিজেপিয়ে ঘোষণা কৰাৰ দৰে হয় এইবেলি অসমত দুটা সভ্যতাৰ যুঁজ হ’ব৷ কিন্তু বিজেপিয়ে ঘোষণা কৰাৰ দৰে কিন্তু নহয়, এইবেলি অসমত হিন্দু–মুছলমানৰ একতাত অসমীয়া জাতিসত্তা অক্ষুণ্ণ ৰখাৰ স্বার্থত সভ্যতাৰ যুঁজ আৰু আনটো হৈছে অসমৰ জাতীয় সত্তা ৰক্ষাৰ বাবে বিজেপিক অসমৰ পৰা পুলি–পোখাই উভালি পেলোৱা সভ্যতাৰ যুঁজ৷ এই সভাতে প্রাক্তন কংগ্রেছ নেতা দুলু আহমেদ, ৰ’জী আহমেদ, কংগ্রেছ নেতা ৰমণী মালাকাৰ, প্রাক্তন কৃষি বিষয়া নবাব ইমদাদ আলী আহমেদ, কংগ্রেছ নেত্রী পুতুলী মহন্ত, হাজো ইয়ং ব্রিগেডৰ সভাপতি চাহিদ ছান হক, বিশিষ্ট সমাজকর্মী চাইদুল হক, অগপ নেতা বাসুদেৱ দাস, অজিত কলিতা, নিকুঞ্জ কুমাৰ শর্মা, জয়প্রকাশ দাস, জিতেন কলিতা, কংগ্রেছ নেতা জিতেন্দ্র ভৰালী, দেৱজিৎ কলিতাকে ধৰি অর্ধশতাধিক লোকে যোগদান কৰে৷ ইপিনে, পুৱাৰ ভাগত পৰিষদৰ সভাপতি লুৰিণজ্যোতি গগৈক হাজোৰ চেঁচামুখ দলংঘাট চ’কৰ পৰা প্রায় পাঁচ কিলোমিটাৰ পথ শোভাযাত্রা কৰি সহস্রাধিক সমর্থকে যোগদান সমাৰোহস্থলীলৈ আদৰি আনে৷

You might also like