নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

‘যিকোনো মুহূর্ততে ভেকচিন পাব অসমে’

স্বাস্থ্যমন্ত্রী ড০ শর্মাৰ ঘোষণা

নিয়মীয়া বাৰ্তা, ৪ জানুৱাৰীঃ ড্রাগ কণ্ড্র’লাৰ জেনেৰেল অৱ ইণ্ডিয়াই মহামাৰী ক’ৰোনাৰ দুবিধ প্রতিষেধক ‘ক’ভিশ্বিল্ড’ আৰু ‘ক’ভাক্সিন’ ভাৰতত ‘নিয়ন্ত্রিত জৰুৰী প্রয়োগ’ত অনুমতি দিয়াৰ পাছতে প্রতিক্রিয়া ব্যক্ত কৰিছে ৰাজ্যৰ স্বাস্থ্যমন্ত্রী ড০ হিমন্ত বিশ্ব শর্মাই৷ আজি শিৱসাগৰত সংবাদ মাধ্যমৰ আগত তেওঁ অসমত শীঘ্রে ক’ৰোনাৰ প্রতিষেধক উপলব্ধ হ’ব বুলি সদৰী কৰে৷ স্বাস্থ্যমন্ত্রী ড০ শর্মাই কয়– এতিয়া আমি ভেকচিন ল’ব পাৰোঁ৷ ড্রাই ৰান ইতিমধ্যে সম্পূর্ণ হৈ গৈছে৷ মই ভাবোঁ যিকোনো মুহূর্ততে আমি ভেকচিন পাম৷

কেন্দ্রীয় স্বাস্থ্যমন্ত্রীয়ে কোৱাৰ দৰে প্রথমে ভেকচিন চিকিৎসক–চিকিৎসা কর্মী বা হাস্পতালৰ ফ্রণ্টলাইন ষ্টাফেহে পাব৷ পৰৱর্তী পর্যায়ত আৰক্ষী–শিক্ষক আদিৰ দৰে যিসকলে সামাজিক আৰু ৰাজহুৱা কামত থাকে, তেওঁলোকে পাব৷ তৃতীয় পর্যায়ত যিসকল লোক উচ্চ ৰক্তচাপ, বৃক্ক, মধুমেহ আদিৰ দৰে জটিল ৰোগত আক্রান্ত তেওঁলোকক ভেকচিন দিয়া হ’ব৷ ইফালে আজি গুৱাহাটী শংকৰদেৱ কলাক্ষেত্রত আয়োজিত ২০২০ বর্ষৰ শ্রীমন্ত শংকৰদেৱ বঁটা প্রদান অনুষ্ঠানত ভাষণ দি তেওঁ কয় যে আজি কেন্দ্রীয় চৰকাৰে দুটাকৈ ভেকছিনৰ অনুমোদন দিছে৷ যিটোৱে কঢ়িয়াই আনিছে আশাৰ বাতৰি৷ ইতিপূর্বে আমেৰিকা, ৰাছিয়া আৰু ব্রিটেইনে এটাকৈ ভেকছিন আবিষ্কাৰ কৰিছে৷ চতুর্থটো ভেকছিন আবিষ্কাৰ কৰিছে ভাৰতে৷ আত্মনির্ভৰশীল–বিক ভাৰতৰ যি সপোন আছিল সেই সপোন ২০২১ বর্ষৰ আৰম্ভণিতে আমাৰ সন্মুখত উজলি উঠিছে৷

You might also like