নিয়মীয়া বাৰ্তা, ৩১ অক্টোবৰ : ধুবুৰীৰ জাতীয় আৰু সাংস্কৃতিক জীৱনৰ অভিন্ন অংগ, অসম আন্দোলনৰ সক্ৰিয় কৰ্মী অকণ বায়ন আৰু নাই। কালি বিয়লি ৪ মান বজাত ধুবুৰীৰ মিচন ৰোডৰ নিজা বাসগৃহত দেহত্যাগ কৰে তেওঁ। ১৯৪৭ চনৰ ১ আগষ্টত বৰপেটা জিলাৰ জনীয়াত জন্মগ্ৰহণ কৰা অকণ বায়নৰ পিতৃ আছিল প্ৰয়াত ধৰণীধৰ বায়ন আৰু মাতৃ প্ৰয়াত কলণলতা বায়ন। প্ৰাথমিক আৰু হাইস্কুলীয়া শিক্ষা জনীয়া প্ৰাথমিক বিদ্যালয় আৰু জনীয়া হাইস্কুলত সম্পন্ন কৰাৰ পিছত তেওঁৰ কলেজীয়া ছাত্ৰ জীৱন আৰম্ভ হৈছিল ধুবুৰীৰ ভোলানাথ মহাবিদ্যালয়ত। মহাবিদ্যালয়খনৰ পৰা স্নাতক ডিগ্ৰী লাভ কৰাৰ পিছত তেওঁৰ কৰ্মজীৱন আৰম্ভ হৈছিল ধুবুৰী জিলা বিদ্যালয়সমূহৰ পৰিদৰ্শকৰ কাৰ্য্যালয়ত। ১৯৬৫ চনত কাৰ্যালয়টোত কৰ্মজীৱনৰ পাতনি মেলি ২০০৬ চনত ষ্টেন’গ্ৰাফাৰৰ পদৰ পৰা অৱসৰ গ্ৰহণ কৰিছিল তেওঁ। দীৰ্ঘদিনৰ পৰা অসুস্থ হৈ আছিল তেওঁ। তেওঁৰ মৃত্যুৰ সময়ত বয়স হৈছিল ৭৬ বছৰ। উল্লেখ্য যে অসম আন্দোলনৰ সময়ত ধুবুৰী জিলা কৰ্মচাৰী পৰিষদৰ সাধাৰণ সম্পাদকৰ দায়িত্বত থকা অকণ বায়নে বৃহত্তৰ ধুবুৰী অঞ্চলত আন্দোলনটোক নেতৃত্ব প্ৰদান কৰিছিল। আনকি অসম আন্দোলনত লোৱা সক্ৰিয় ভূমিকাৰ বাবে তেওঁ চাকৰিৰ পৰা নিলম্বিত হ’বলগীয়াও হৈছিল। এসময়ত অসম সাহিত্য সভাৰ কেন্দ্ৰীয় সমিতিৰ সহকাৰী সম্পাদকৰ দায়িত্ব পালন কৰা অকণ বায়নে অসম সাহিত্য সভাৰ ধুবুৰী কাৰ্যালয়ৰ সম্পাদকৰ দায়িত্বতো আছিল। তেওঁ ধুবুৰী সাহিত্য সভাৰ সম্পাদক হৈয়েই ধুবুৰী সাহিত্য সভা ভৱনৰ নিৰ্মাণৰ কাম হাতত লৈছিল আৰু সম্পূৰ্ণ কৰি তুলিছিল। তেওঁ আছিল ধুবুৰী জিলা কৰ্মচাৰী পৰিষদৰো এগৰাকী অন্যতম প্ৰতিষ্ঠাতা, আৰু এটা সময়ত আঞ্চলিক আৰু জিলা সম্পাদকৰো দায়িত্ব নিয়াৰিকৈ পালন কৰিছিল। তেওঁ কেইবাবাৰো ধুবুৰী কেন্দ্ৰীয় ৰঙালী বিহু উদযাপন সমিতিৰো সম্পাদকৰ দায়িত্ব পালন কৰিছিল। গুৰুজনাৰ স্মৃতি বিজড়িত পশ্চিমবংগৰ কোচবিহাৰৰ মধুপুৰ সত্ৰৰ উন্নয়নৰ ক্ষেত্ৰতো তেওঁৰ বিশাল অৰিহণা আছিল। যোৱানিশা অলেখ গুণমুগ্ধৰ উপস্থিতিত ধুবুৰীৰ শ্মশানত তেওঁৰ শেষকৃত্য সম্পন্ন কৰা হয়। মৃত্যুৰ সময়ত একমাত্ৰ জীয়ৰী আৰু জোঁৱাইক ইহসংসাৰত এৰি যায় তেওঁ। তেওঁৰ মৃত্যুত ধুবুৰীৰ বিভিন্ন দল-সংগঠনে শোক প্ৰকাশ কৰাৰ উপৰি অসম জাতীয়তাবাদী যুৱ-ছাত্ৰ পৰিষদৰ কেন্দ্রীয় কমিটীৰ উপদেষ্টা হেমেন চক্ৰৱৰ্তীয়ে অকণ বায়নৰ এই মৃত্যুক ধুবুৰীৰ জাতীয় আৰু সাংস্কৃতিক ক্ষেত্রখনৰ এক অপূৰণীয় ক্ষতি বুলি অভিহিত কৰিছে।
প্ৰেৰক অমিতাভ চক্ৰৱৰ্তী