নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

চাঞ্চল্য : শিৱসাগৰৰ সৰ্পবন্ধু আকাশে বাছি ল’লে চৰম পথ

নিয়মীয়া বাৰ্তা, ২ ফেব্ৰুৱাৰী : মাত্ৰ বাৰ বছৰ বয়সৰ পৰাই বিষাক্ত সাপ ধৰি সুৰক্ষিতভাৱে বনাঞ্চলত মুকলি কৰি অহা শিৱসাগৰৰ উদীয়মান প্ৰকৃতিপ্ৰেমী তথা সৰ্পবন্ধু আকাশ দাস ( ১৯)ৰ ৰহস্যজনক আত্মহননক লৈ শিৱসাগৰৰ লগতে সমগ্ৰ উজনি অসমতেই গভীৰ শোকৰ ছাঁ পৰিছে ৷ অতি কম সময়ৰ ভিতৰতে কেইবাসহস্ৰ বিষাক্ত সাপ ধৰি বনাঞ্চলত মুকলি কৰি দিয়াৰ লগতে অঘৰী কুকুৰ, ঘোঁৰা তথা বন্যপ্ৰাণী সুৰক্ষিতভাৱে উদ্ধাৰ কৰাৰ ক্ষেত্ৰত গুৰুত্বপূৰ্ণ ভূমিকা পালন কৰি অহা উদীয়মান প্ৰকৃতিপ্ৰেমী আকাশ দাসৰ ৰহস্যজনক আত্মহননে হাজাৰ হাজাৰ শুভাকাংক্ষীক স্তম্ভিত কৰি তুলিছে ৷ পুৱাৰ পৰা নিশালৈকে প্ৰকৃতিৰ সুৰক্ষাৰ বাবেই সেৱা কৰি অহা আকাশৰ এই অস্বাভাৱিক মৃত্যুৰ ঘটনাক সহজভাৱে ল’ব পৰা নাই শুভাকাংক্ষীসকলে৷ এডাল লোৰ ষ্টিক আৰু এটা কাপোৰৰ মোনা লৈ জিলাখনৰ ইমূৰৰ পৰা সিমূৰলৈ ঢপলিয়াই ফুৰা আকাশ দাসৰ দৰে অদম্য সাহসী তথা নীৰৱ প্ৰকৃতিপ্ৰেমী যুৱকে কিয় ইমান এক কৰুণ সিদ্ধান্ত গ্ৰহণ কৰিলে, তাক লৈও সৃষ্টি হৈছে তুমুল চাঞ্চল্যৰ ৷ জানিব পৰা মতে, কালি নিশা প্ৰায় ৯ বজাত জয়সাগৰ জোনাকী নগৰস্থিত বাসগৃহত মোবাইল ফোনেৰে কোনোবা এগৰাকী যুৱতীৰ সৈতে বাৰ্তালাপ কৰি থকাৰ সময়তে হঠাত আগফালৰ কোঠাত ম’বাইলটো থৈ ভিতৰৰ কোঠাত প্ৰৱেশ কৰে ৷ ইফালে, কথা পাতি থকা আকাশৰ কিছু সময়লৈকে মাতবোল নুশুনি মাতৃয়ে আকাশ ক’ত গ’ল বুলি চাবলৈ আহোঁতেই ম’বাইলটো বিছনাত পৰি থকা দেখে ৷ সেই সময়তে পুত্ৰ ভিতৰৰ কোঠাত আছে নে কি বুলি জুমি চাওঁতেই এডাল ৰছীত ওলমি থকা প্ৰত্যক্ষ কৰি চিঞৰি চিঞৰি ওচৰ চুবুৰীয়াৰ সহায় বিচাৰে ৷ লগে লগে স্থানীয় ৰাইজৰ সহযোগত জৰুৰী সেৱাৰ যোগেদি আকাশ দাসক শিৱসাগৰ অসামৰিক চিকিৎসালয়লৈ নিয়া হয় যদিও চিকিৎসকে মৃত ঘোষণা কৰে ৷ ঘটনাৰ খবৰ পাই জয়সাগৰ আৰক্ষীৰ এটা দল বাসগৃহটোত উপস্থিত হৈ ব্যৱহৃত ৰছী, ম’বাইল ফোন জব্দ কৰাৰ লগতে মৃতদেহ মৰণোত্তৰ পৰীক্ষাৰ বাবে প্ৰেৰণৰ ব্যৱস্থা কৰে ৷ ইফালে, আজি বিয়লি মৰণোত্তৰ পৰীক্ষাৰ অন্তত নগৰৰ শান্তিবন শ্মশানত বহু প্ৰকৃতিপ্ৰেমী যুৱক, বিভিন্ন দল-সংগঠনৰ নেতা-কৰ্মী, শুভাকাংক্ষী, আত্মীয়-স্বজনৰ উপস্থিতিত যুৱ প্ৰকৃতিপ্ৰেমী আকাশৰ শেষকৃত্য সম্পন্ন কৰা হয় ৷ আনহাতে, কিয় এক কঠোৰ সিদ্ধান্ত আকাশৰ দৰে এগৰাকী যুৱকে গ্ৰহণ কৰিবলৈ বাধ্য হ’ল, তাৰ কাৰণ উদ্ধাৰৰ বাবে ম’বাইল ফোনৰ কল ডিটেইলছ পৰীক্ষা তথা অন্তিমবাৰৰ বাবে বাৰ্তালাপ কৰা যুৱতীগৰাকীকো তদন্তৰ আওতাত সামৰি ল’বলৈ আৰক্ষী প্ৰশাসনৰ প্ৰতি স্থানীয় ৰাইজে আহ্বান জনাইছে ৷ স্মৰ্তব্য যে অসমৰ অন্যতম আগশাৰীৰ প্ৰকৃতিপ্ৰেমী সংগঠন অৰণ্যমৰ সদস্য আকাশ দাসক শেহতীয়াকৈ বিশ্ব পৰিৱেশ দিৱসৰ দিনা শিৱসাগৰ জিলা প্ৰশাসনে বিশেষভাৱে সন্মানিত কৰিছিল ৷ বিভিন্ন সময়ত শিৱসাগৰ বন বিভাগৰ কৰ্মীৰ সৈতে বিষাক্ত সাপৰ লগতে বন্যপ্ৰাণী উদ্ধাৰৰ ক্ষেত্ৰত সহযোগিতা আগবঢ়াই অহা আকাশ দাসৰ নেতৃত্বতেই বিগত সময়ত শিৱসাগৰ জিলাৰ চন্টক, গেলেকীৰ লগতে চৰাইদেউ জিলাৰ নাফুকত তিনিটাকৈ বৃহত আকাৰৰ বিষাক্ত কিং কোব্ৰা উদ্ধাৰ কৰি বনাঞ্চলত সুৰক্ষিতভাৱে মেলি দি সকলোকে আচৰিত কৰি তুলিছিল ৷ জীৱনৰ মাত্ৰ ১৯টা বসন্ত গৰকা এগৰাকী অতি সম্ভাৱনাময় যুৱক তথা জোনাকী নগৰৰ নিবাসী দিলীপ দাসৰ একমাত্ৰ সন্তান আকাশ দাসৰ এনে আকস্মিক বিয়োগত তেজপুৰৰ বিখ্যাত সৰ্পবন্ধু সৌৰভ বৰকটকী, শিৱসাগৰৰ প্ৰকৃতিপ্ৰেমী সমীৰণ হাতীমূৰীয়া, সুৰজ দত্ত, জেহিৰউদ্দিন খান, শিৱসাগৰ বন বিভাগৰ কৰ্মচাৰীবৃন্দ, পৰিৱেশকৰ্মী নৱজ্যোতি শইকীয়া, আটাছু নেতা পাৰ্থজ্যোতি গগৈ, আছুৰ কাৰ্য্যনিৰ্বাহক সদস্য সমীৰণ ফুকন, জাতীয় সংগ্ৰামী সেনা, অসমৰ কেন্দ্ৰীয় সভাপতি চিতু বৰুৱা, আটাছুৰ কেন্দ্ৰীয় সভাপতি বসন্ত গগৈ, বৃহত্তৰ অসমীয়া যুৱ মঞ্চৰ কেন্দ্ৰীয় সভাপতি যাদৱ গগৈৰ লগতে বিভিন্ন অনুষ্ঠান-প্ৰতিষ্ঠান, দল-সংগঠনে গভীৰ শোক প্ৰকাশ কৰাৰ লগতে শোকসন্তপ্ত পৰিয়ালবৰ্গলৈ গভীৰ সমবেদনা জ্ঞাপন কৰিছে ৷

প্ৰেৰক আশ্ৰফুৰ ৰহমান

You might also like