নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

কাজিৰঙাত অর্কিড উদ্যানৰ নামত ২৮ বিঘা ভূমি বেদখল অখিল গগৈৰ

স্বয়ম্ভু কৃষক নেতাৰ বিৰুদ্ধে গুৰুতৰ অভিযোগ মন্ত্রী পীয়ূষৰ

নিয়মীয়া বাৰ্তা, ১৩ ডিচেম্বৰ: নিজকে ন্যায় আৰু সততাৰ প্রতীক হিচাপে জাহিৰ কৰি অহা ৰাইজৰ দলৰ সভাপতি তথা শিৱসাগৰ সমষ্টিৰ বিধায়ক অখিল গগৈয়ে কাজিৰঙাৰ ভূমি বেদখল কৰাৰ বিস্ফোৰক তথ্য সদৰী কৰিছে জলসম্পদ মন্ত্রী পীয়ূষ হাজৰিকাই৷ দেওবাৰে টুইটাৰযোগে মন্ত্রী হাজৰিকাই বিধায়ক অখিল গগৈয়ে কেনেদৰে বে–আইনীভাৱে কাজিৰঙাৰ মাটি দখল কৰি অর্কিড উদ্যান স্থাপন কৰিছে, সেই বিষয়ে প্রকাশ কৰে৷ ২০১৫ চনৰ ১ আগষ্টত অখিল গগৈ, ৰতন দাও আৰু ৫জন লোকে বোকাখাতৰ মহকুমাধিপতিৰ ওচৰত বোকাখাত ৰাজহ চক্রৰ অধীনস্থ কাজিৰঙা মৌজাৰ হালোৱা এন চি গাঁৱৰ ২২ বিঘা ২ কঠা ১০ লেচা চৰকাৰী খাচ মাটি (দাগ নং ১৭১, ৩৯৮, ১৭৫, ২৩২, ২৩৩ আৰু ৩৮৩)ৰ আবণ্টন বিচাৰি আবেদন কৰে৷ সেই বছৰৰে ২ নৱেম্বৰত মহকুমা ভূমি উপদেষ্টা কমিটীৰ বৈঠকে ৮নং প্রস্তাৱ অনুসৰি কাজিৰঙা ৰাষ্ট্রীয় অর্কিড পার্ক স্থাপনৰ বাবে ২২ বিঘা ২ কঠা ১০ লেচা চৰকাৰী খাচ মাটি আবণ্টনৰ বাবে অনুমোদন জনায়৷ ইয়াৰ বাবে ভূমি উপদেষ্টা কমিটীয়ে প্রতিবিঘা মাটিৰ বাবে ১,০৫,৩০০ টকাকৈ প্রিমিয়াম ধার্য কৰে৷ ইয়াৰ বাবে তেওঁলোকে মুঠ ২৩,৬৯,২৫০ টকা প্রিমিয়াম আদায় দিলেহে সেই আবণ্টন লাভ কৰিব৷ কিন্তু আজিলৈকে অখিল গগৈসহ তেওঁলোকে সেই প্রিমিয়াম আদায় দিয়া নাই৷

আনহাতে, বোকাখাত আৰক্ষী থানাৰ ১০০/১৮নং গোচৰ অনুসৰি ২০১৮ চনৰ ২৪ এপ্রিলত প্রশাসনে জৰীপ কৰি নিশ্চিত হয় যে ২২ বিঘা ২ কঠা ১০ লেচা মাটিৰ পৰিৱর্তে পার্কখনে ২৮ বিঘা ৪ কঠা ২ লেচা মাটি দখল কৰি আহিছে৷ অর্থাৎ ৬ বিঘা ১ কঠা ১২ লেচা মাটি অতিৰিক্তভাৱে দখল কৰিছে৷ এক কথাত ক’বলৈ গ’লে উক্ত ২৮ বিঘা মাটিয়েই আইন বহির্ভূতভাৱে অখিল গগৈ বাহিনীৰ দখলত আছে৷ ইয়াৰ পৰিপ্রেক্ষিত সেই বছৰৰে ৫ জুলাইত প্রশাসনে গোলাঘাটৰ উপায়ুক্তৰ এক নির্দেশ অনুসৰি (নং জি আৰ এছ ৪৩/২০১৬/৮১) নীতি বহির্ভূতভাৱে দখল কৰা অতিৰিক্ত ভূমিখিনি খালী কৰাৰ জাননী জাৰি কৰে৷ পিছে অখিল গগৈ আৰু তেওঁৰ সহযোগীসকলে দখল কৰা অতিৰিক্ত ভূমিখিনি খালী কৰি দি প্রশাসনক সহযোগ কৰাৰ পৰিৱর্তে সেই জাননীখনৰ বিৰুদ্ধে গুৱাহাটী উচ্চ ন্যায়ালয়ত এখন লেখ আবেদন (ডব্লিউ পি (চি) নং ৪৩৮৪) দাখিল কৰে৷

কাজিৰঙা জাতীয় অর্কিড আৰু জৈৱ–বৈচিত্র্য উদয়ন সমবায় সমিতি লিমিটেডৰ নামত উচ্চ ন্যায়ালয়ত লেখ আবেদন দাখিল কৰি নিজকে দোষমুক্ত কৰাৰ চেষ্টা চলায়৷ বর্তমান বিষয়টো উচ্চ ন্যায়ালয়ৰ বিচাৰাধীন হৈ আছে৷ বোকাখাত ৰাজহ চক্রৰ চক্র বিষয়াৰ এখন পত্রতেই এই সমস্ত তথ্য সন্নিৱিষ্ট হৈ আছে৷ অখিল গগৈ আৰু তেওঁৰ সহযোগীসকলৰ বিৰুদ্ধে কাজিৰঙাৰ মাটি বেদখলৰ এই তথ্য সম্পর্কত শিৱসাগৰৰ বিধায়ক স্বয়ম্ভূ কৃষক নেতা অখিল গগৈৰ প্রতিক্রিয়া কেনেধৰণৰ হয়, সেয়াহে লক্ষণীয় হ’ব৷ মন্ত্রী পীয়ূষ হাজৰিকাই দেওবাৰে টুইটাৰত উল্লেখ কৰা এই তথ্যই অখিল গগৈয়ে কেনেদৰে ভূমি বেদখলত জড়িত হৈ পৰিছে, সেয়া স্পষ্ট ৰূপত উন্মোচিত হৈছে৷

You might also like