অখিল গগৈ কাৰাগাৰত থকাৰ সুবিধা লৈ একাংশ নেতাই কটাইছে বিলাসী জীৱন
নিয়মীয়া বাৰ্তা ১৬ মাৰ্চঃ কৃষক মুক্তি সংগ্রাম সমিতি আৰু ৭০ সংগঠনৰ ঔৰসত জন্মলাভ কৰা ৰাইজৰ দলৰ পৰা সমর্থন প্রত্যাহাৰ কৰিছে বৃহত্তৰ অসমীয়া যুৱ মঞ্চই৷ দলটোৰ মাজত দেখা দিয়া খাম–খেয়ালিত ক্ষুণ্ণ হৈ অসমীয়া যুৱ মঞ্চই এই সমর্থন প্রত্যাহাৰ কৰিছে৷ আজি এই কথা সদৰী কৰিছে সংগঠনটোৰ কেন্দ্রীয় সচিবপ্রধান প্রণৱজ্যোতি গগৈয়ে৷ দিছপুৰ প্রেছ ক্লাবত এখন সংবাদ মেলত তেওঁ কয়– ‘ৰাজনৈতিকভাৱে গঠন হোৱাৰ পাছত ৰাইজৰ দলৰ চিন্তাধাৰা সলনি হ’ল৷ অখিল গগৈ কাৰাগাৰত থকাৰ সময়ত দলটোৰ একাংশ নেতাই যি বিলাসী জীৱন যাপন কৰিছে, তাক লৈ আমি অসন্তুষ্ট৷ ‘কা’ আন্দোলনত পাঁচ শ্বহীদৰ ত্যাগৰ কথা তেওঁলোকে পাহৰিলে৷ অখিল গগৈৰ মুক্তি আৰু ‘কা’ৰ বিৰোধিতাৰ পৰাও তেওঁলোক ফালৰি কাটি আহিছে৷ কেৱল শাসনৰ গাদীত বহাটোৱেই তেওঁলোকৰ লক্ষ্য হৈ পৰিছে৷ অখিল গগৈৰ সোঁৱে–বাঁৱে থকা নেতাসকলে এতিয়া কেৱল ক্ষমতাৰ খঁকত কাম কৰি আছে৷’ ইফালে মৰিয়নিৰ পৰা অখিল গগৈয়ে প্রার্থিত্ব প্রত্যাহাৰ কৰা কার্যতো ক্ষোভ প্রকাশ কৰিছে বৃহত্তৰ অসমীয়া যুৱ মঞ্চই৷ ইয়াৰ আঁৰত ৰহস্য লুকাই আছে বুলি উল্লেখ কৰি গগৈয়ে কয়– ‘কিহৰ বাবে অখিল গগৈয়ে মৰিয়নিৰ পৰা প্রার্থিত্ব প্রত্যাহাৰ কৰিলে৷ মৰিয়নিত ইয়াৰ বাবে ৰূপজ্যোতি কুর্মীৰ বিজয় মসৃণ হ’ল৷ দলৰ মজিয়াত কোনো আলোচনা নকৰাকৈয়ে মৰিয়নিৰ পৰা তেওঁ প্রার্থিত্ব প্রত্যাহাৰ কৰিলে৷’ তেওঁলোকে অখিল গগৈৰ মুক্তি আৰু ‘কা’ৰ বিৰুদ্ধে আন্দোলন অব্যাহত ৰাখিব বুলি উল্লেখ কৰি বিবেক ভোট প্রদান কৰিবলৈ ৰাইজক আহ্বান জনায়৷ কোনো ৰাষ্ট্রীয় আৰু আঞ্চলিক দলক সমর্থক জনোৱা নাই বুলি স্পষ্ট কৰি দি গগৈয়ে কয় যে অগপ বর্তমান ৰাষ্ট্রীয় দলৰ নেগুৰত ধৰি ঘূৰি ফুৰিছে৷ আঞ্চলিকতাবাদী চিন্তা ৰাইজৰ দলৰো এসময়ত যে নাইকিয়া হৈ যাব, সেয়া নুই কৰিব নোৱাৰি৷ সংবাদ মেলত কেন্দ্রীয় কার্যনির্বাহক সদস্য যাদৱ গগৈয়ে কয় যে ৰাইজৰ দল আৰু অসম জাতীয় পৰিষদৰ মাজত মতানৈক্য সৃষ্টি হৈছে৷ যাৰ বাবে এই দলসমূহৰ ভাবমূর্তি বিনষ্ট হৈছে৷