অসম তিনিটা গোচৰত জামিন মঞ্জুৰ অখিল গগৈৰ By নিয়মীয়া বাৰ্তা On Jul 17, 2020 Share নিয়মীয়া বাৰ্তা, ১৭ জুলাইঃ কাৰাগাৰত থকাৰ সময়তে ক’ভিড–১৯ত আক্রান্ত হৈ গুৱাহাটী চিকিৎসা মহাবিদ্যালয় হাস্পতালত (জি এম চি এইচ) চিকিৎসাধীন হৈ থকা কৃষক নেতা অখিল গগৈয়ে অৱশেষত উচ্চ ন্যায়ালয়ত কিছু সকাহ লাভ কৰিবলৈ সক্ষম হৈছে৷ চাবুৱা আৰক্ষী থানাত ৰুজু হৈ থকা তিনিটা গোচৰৰ কালি অখিল গগৈৰ জামিন মঞ্জুৰ কৰিছে উচ্চ ন্যায়ালয়ে৷ ২৯৩/২০১৯, ২৯৬/২০১৯ আৰু ৩০৭/২০১৯ নম্বৰ গোচৰৰ ন্যায়াধীশ মানস ৰঞ্জন পাঠকৰ আদালতে তেওঁৰ জামিন মঞ্জুৰ কৰে৷ অৱশ্যে এই তিনিটা গোচৰত জামিন লাভ কৰিলেও মুকলি আকাশৰ তললৈ ওলাই অহাৰ পথ এতিয়াও প্রশস্ত হোৱা নাই কৃষক নেতাজনৰ৷ কিয়নো কৃষক মুক্তি সংগ্রাম সমিতিৰ উপদেষ্টাজনৰ বিৰুদ্ধে আছে নেচনেল ইনভেষ্টিগেচন এজেন্সীত (নিয়া) দুটা গোচৰ৷ ১৩/২০১৯ আৰু ১/২০ নম্বৰৰ নিয়াৰ গোচৰ দুটাত জামিন মঞ্জুৰ হ’লেহে তেওঁ কাৰাগাৰৰ পৰা মুক্তি লাভ কৰিবলৈ সক্ষম হ’ব৷ ইতিমধ্যে এই দুয়োটা গোচৰতে তেওঁৰ জামিন আবেদন দাখিল কৰা হৈছে৷ অহা ২১ জুলাইত এই আবেদনৰ শুনানি গ্রহণ কৰি ৰায়দানৰ সম্ভাৱনা আছে চানমাৰিস্থিত ‘নিয়া’ৰ বিশেষ আদালতৰ৷ উল্লেখ্য যে মাওবাদীৰে সম্পর্ক ৰখাৰ অভিযোগত ‘নিয়া’ই গ্রেপ্তাৰ কৰিছিল কৃষক নেতাজনক৷ একে সময়তে তেওঁৰ বিৰুদ্ধে আন কেইবাটাও গোচৰ ৰুজু কৰি তেওঁ কাৰাগাৰৰ পৰা ওলাই অহাৰ পথ ৰুদ্ধ কৰা হৈছিল৷ চৰকাৰৰ এই ষড়যন্ত্রৰ বিৰুদ্ধে কৃষক মুক্তি সংগ্রাম সমিতিয়ে প্রতিবাদ সাব্যস্ত কৰি আহিছে৷ গগৈক শীঘ্রে মুক্তি দিবলৈ ৰাজ্যজুৰি প্রতিবাদ সাব্যস্ত কৰা হৈছে৷ ইয়াৰ মাজতে কেন্দ্রীয় কাৰাগাৰত বন্দী হৈ থকাৰ সময়ত ক’ভিড–১৯ত আক্রান্ত হৈ গগৈ অসুস্থ হৈ পৰিছিল৷ সম্প্রতি জি এম চি এইচত তেওঁ চিকিৎসাধীন৷ গগৈৰ স্বাস্থ্য বর্তমান সুস্থিৰ বুলি জানিব পৰা গৈছে৷ Share