উচ্চতম ন্যায়ালয়েও নাকচ কৰিলে অখিল গগৈৰ জামিন
নিয়মীয়া বাৰ্তা, ১১ ফেব্ৰুৱাৰীঃ উচ্চতম ন্যায়ালয়ে আজি অখিল গগৈৰ জামিন আবেদন নাকচ কৰে । সৰ্বোচ্চ ন্যায়ালয়ৰ ন্যায়াধীশ এন ভি ৰমন্না, সূৰ্যকান্ত আৰু অনিৰুদ্ধ বসুৰে গঠিত তিনিজনীয়া বিচাৰপীঠে গ্ৰহণ কৰিছিল জামিনৰ শুনানি।
কিন্তু শুনানিৰ প্ৰক্ৰিয়া আগবঢ়াই নিবলৈ অস্বীকাৰ কৰি এই পৰামৰ্শ দিয়ে যে নিম্ন আদালতত বিচাৰ প্ৰক্ৰিয়া আৰম্ভ হ’লে উচ্চতম ন্যায়ালয়লৈ জামিন বিচাৰি আহিব পাৰে।
উল্লেখ্য, উচ্চ ন্যায়ালয়ে জামিন আবেদন প্ৰত্যাহাৰ কৰাত ইয়াক প্ৰত্যাহ্বান জনাই সৰ্বোচ্চ ন্যায়ালয়ৰ কাষ চাপিছিল অখিল গগৈ। গগৈক প্ৰতিনিধিত্ব কৰিছিল জ্যেষ্ঠ অধিবক্তা জয়দীপ গুপ্তই।
২০১৯ চনৰ ডিচেম্বৰ মাহত নাগৰিকত্ব সংশোধনী আইনৰ বিৰূদ্ধে প্ৰতিবাদ কৰি থকাৰ সময়তে গ্ৰেপ্তাৰ হোৱা কৃষক নেতা অখিল গগৈ বৰ্তমানলৈ কাৰাৰুদ্ধ হৈ আছে।