নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

অসম আৰক্ষীৰ ৩০০ সুৰাসক্ত বিষয়া–জোৱানক স্বেচ্ছামূলক অৱসৰৰ সিদ্ধান্ত ৰাজ্য চৰকাৰৰ

বিশেষ বাৰ্তা, ১ মে’ : অসম আৰক্ষীত কার্যনির্বাহ কৰি থকা প্রায় ৩০০ সুৰাসক্ত বিষয়া–জোৱানক স্বেচ্ছামূলক অৱসৰ দিয়াৰ সিদ্ধান্ত গ্রহণ কৰিছে ৰাজ্য চৰকাৰে৷ আজি গুৱাহাটীত সংবাদ মাধ্যমৰ আগত মুখ্যমন্ত্রী ড০ হিমন্ত বিশ্ব শর্মাই সেই কথা প্রকাশ কৰি কয় যে প্রায় ৩০০ আৰক্ষী বিষয়া–জোৱানৰ সুৰাপান কৰাটো অভ্যাসত পৰিণত হৈছে৷ সুৰাই তেওঁলোকৰ শৰীৰটো অৱসাদলৈ ৰূপান্তৰ কৰিছে৷ সুৰাৰ বাবে তেওঁলোকে কাম নকৰা হৈছে৷ সেইসকল সুৰাসক্ত আৰক্ষী বিষয়া–জোৱানক এতিয়া চৰকাৰে স্বেচ্ছামূলক অৱসৰ প্রদান কৰিব৷ স্বেচ্ছামূলক অৱসৰ দিলেও তেওঁলোকে সম্পূর্ণ দৰমহা লাভ কৰিব৷ সেই স্থানত চৰকাৰে নতুন বিষয়া–জোৱান নিযুক্তি দিব৷ চৰকাৰী বিষয়া–কর্মচাৰীক স্বেচ্ছামূলক অৱসৰ দিয়াৰ নিয়ম পূর্বৰে পৰা আছে৷ অসমত ইয়াৰ ৰূপায়ণ কৰা হোৱা নাছিল৷ এতিয়া চৰকাৰে সুৰাসক্ত আৰক্ষী বিষয়া–জোৱানসকলক্ স্বেচ্ছামূলক অৱসৰ দিয়াৰ সিদ্ধান্ত গ্রহণ কৰিছে৷ উল্লেখ্য যে একাংশ সুৰাসক্ত আৰক্ষী বিষয়া–জোৱানে বিগত সময়ছোৱাত অসম আৰক্ষীৰ চৰিত্রত কালিমা সানি আহিছে৷ সুৰাৰ ৰাগিত একাংশ আৰক্ষী বিষয়া–জোৱানে সামাজিক বিশৃংখলা সৃষ্টি কৰি অহাৰ লগতে নিৰীহৰ ওপৰত নির্যাতন চলোৱাৰো বিভিন্ন সময়ত অভিযোগ উত্থাপন হৈ আহিছে৷

You might also like