নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

উজনি মাজুলীত আলি-আঃয়ে-লৃগাং পালন

নিয়মীয়া বাৰ্তা, ১৯ ফেব্ৰুৱাৰীঃ অসমৰ দ্বিতীয় বৃহৎ জনগোষ্ঠী মিচিংসকলে আজি তেওঁলোকৰ কৃষিভিত্তিক উৎসৱ আলি আঃয়ে লৃগাং পালন কৰে। ৰাজ্যৰ ভিন্ন প্ৰান্তৰ লগতে  মাজুলীৰো প্ৰতিখন মিচিং গাঁৱত অতি উলহ-মালহেৰে আলি আঃয়ে লৃগাং পালন কৰা পৰিলক্ষিত হয়৷ উজনি মাজুলীৰ ৰতনপুৰ মিৰি, শালমাৰী, কুলি গাওঁ, চিকাৰী গাওঁ, লাচন গাওঁ, গেজেৰা, এনাইচুক, জাৱৰচুক, মোৱামাৰী, মনভালচুক, মিলি গাঁৱকে ধৰি অঞ্চলটোৰ সকলো মিচিং গাঁৱতে আজি পৰম্পৰাগত ভাৱে উদযাপন কৰে আলি আঃয়ে লৃগাং৷ সেই উপলক্ষে আজি ৰাতিপুৱাৰ ভাগত মাংগলিক অনুষ্ঠান সম্পন্ন কৰাৰ পিছত পৰম্পৰাগত খাদ্য পুৰাং আপিন আৰু ছাই মদৰ জুতি লৈ বুঢ়া-বুঢ়ী, আদহীয়া বোৱাৰী, ডেকা গাভৰু সকলোৱে গুমৰাগ নৃত্যত  মতলীয়া হোৱা পৰিলক্ষিত হয়৷ আলি-আঃয়ে-লৃগাং অনুষ্ঠানত  মিচিং গাভৰুসকলে ৰিবি গাচেং আৰু ডেকা সকলে মিবু গালুক পৰিধান কৰি পৰিৱেশন কৰা গুমৰাগ নৃত্যই সকলোকে আপ্লুত কৰে৷ ইয়াৰ পূৰ্বে মাংগলিক ৰীতি-নীতিৰে বীজ সিঁচাৰ কাৰ্য্যৰো শুভাৰম্ভ কৰা হয়৷ উল্লেখ্য যে প্ৰতি বছৰে ফাগুন মাহৰ প্ৰথমটো বুধবাৰে মিচিং জনগোষ্ঠীৰ লোকসকলে কৃষি ভিত্তিক উৎসৱটি পৰম্পৰাগত ভাবে পালন কৰি আহিছে।
প্ৰেৰক ৰূপজ্যোতি বৰা
You might also like