নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

ঢকুৱাখনাৰ অল আসাম মিৰি হায়াৰ ছেকেণ্ডাৰী স্কুলৰ বাৰ্ষিক যুৱ মহোৎসৱ

নিয়মীয়া বাৰ্তা, ২৩ নৱেম্বৰ : ‘লক্ষ্য যেতিয়া স্থিৰ হয়, সকলো কামেই সম্ভৱ হৈ পৰে।শিক্ষাৰ্থীয়ে নিজৰ লক্ষ্যত উপনীত হ’বলৈ যদি মনত সাহস থাকে আৰু তাৰ বাবে নিয়মীয়া পৰিশ্ৰম কৰি যায় তেন্তে দৰিদ্ৰতা, উপাৰ্জনহীনতা বা আন কোনো ভয়ংকৰ ধুমুহা ইয়াৰ বাধা হ’ব নোৱাৰে।’- ঢকুৱাখনাৰ মাতমৰাস্থিত অল আসাম মিৰি হায়াৰ ছেকেণ্ডাৰী স্কুলৰ ৮৪সংখ্যক বাৰ্ষিক যুৱ মহোৎসৱ আৰু অভিভাৱক সমাৰোহৰ আজি অন্তিম দিনাৰ মুকলি সভাত নিৰ্দিষ্ট বক্তাৰ ভাষণত এনেদৰে বক্তব্য আগবঢ়ায় ঢকুৱাখনা মহাবিদ্যালয়ৰ ৰাজনীতি বিজ্ঞানৰ অধ্যাপক, প্ৰবন্ধকাৰ ড° পংকজ বৰাই। ছাত্ৰ একতা সভাৰ সভাপতি প্ৰদীপ কুমাৰ পেগুৰ পৌৰোহিত্যত অনুষ্ঠিত হোৱা আৰু অল আসাম মিৰি হায়াৰ ছেকেণ্ডাৰী স্কুলৰ ভাৰপ্ৰাপ্ত অধ্যক্ষ নিৰঞ্জন পেগুৱে উদ্বোধন কৰা মুকলি সভাত অধ্যাপক, প্ৰবন্ধকাৰ ড° বৰাই ভাষণ প্ৰসংগত চেষ্টা আৰু লক্ষ্য সদায় স্থিৰ হ’ব লাগে বুলি মন্তব্য কৰে। তেওঁ কয় যে শিক্ষা যিমানেই প্ৰয়োজন, সিমানেই প্ৰয়োজন একাগ্ৰতা আৰু কোনো এটা কাম কৰাৰ স্পৃহা। লক্ষ্য যদি সন্মুখত থাকে তেন্তে জয় নিশ্চিত বুলিও মন্তব্য কৰে। ছাত্ৰ-ছাত্রীসকলক ভৱিষ্যতে কোন দিশে যাব সেইটো স্থিৰ কৰি ল’বলৈ আহ্বান জনায় তেওঁ। বিশ্বৰ বিখ্যাত উদ্ভাৱক টমাছ আলভা এডিচনৰ প্ৰসংগ দাঙি ধৰি তেওঁ লগতে কয় যে কাণেৰে নুশুনা বিশেষভাৱে সক্ষম এইগৰাকী উদ্ভাৱক তেওঁৰ ব্যৰ্থতাৰ বাবে বিখ্যাত হৈ পৰিছিল। ইলেক্ট্ৰিক বাল্ব আৱিষ্কাৰ কৰোঁতে তেওঁ দহ হাজাৰবাৰ ব্যৰ্থ হৈছিল। ব্যৰ্থতাই মানুহক বহুতো শিকায় বুলি মন্তব্য কৰি অধ্যাপক ড° বৰাই পুনৰ কয়- ‘এগৰাকী অভিভাৱকে শিক্ষাৰ্থীৰ ৰুচি অনুযায়ী ভৱিষ্যতৰ পথত আগবঢ়াই দিব লাগে। এগৰাকী শিক্ষাৰ্থীৰ সফলতাৰ বাবে শিক্ষাৰ্থী আৰু অভিভাৱক উভয়ে ত্যাগ কৰিব লাগিব। এইক্ষেত্ৰত উভয়পক্ষৰে কৰণীয় পৃথক হ’লেও লক্ষ্য এটাই হোৱা উচিত।’ বিদ্যালয়ৰ ছাত্ৰীসকলৰ দ্বাৰা পৰিৱেশিত এটি সমৱেত সংগীতেৰে আৰম্ভ হোৱা আৰু বিদ্যালয়ৰ জ্যেষ্ঠ শিক্ষক অশোক দলেই আঁত ধৰা মুকলি সভাত আমন্ত্ৰিত অতিথিৰূপে অৱসৰপ্ৰাপ্ত বিষয় শিক্ষক হৰিনাৰায়ণ পেগুৱে নিজৰ ভাষণত কয় যে যুৱ উচ্ছৃংখলাই সাম্প্ৰতিক সময়ত সমাজত অতি ভয়াৱহ ৰূপ ধাৰণ কৰিছে ৷ সেয়েহে ছাত্ৰ-ছাত্ৰীসকলে ইয়াৰ পৰা সদায় আঁতৰি থাকিব লাগে ৷ সু-স্বাস্থ্য আৰু সু-চৰিত্ৰৰ গৰাকী হৈ নিয়মিত অধ্যয়নৰ দ্বাৰা ভৱিষ্যত জীৱন আগুৱাই নিবলৈ আহ্বান জনায় শিক্ষাবিদগৰাকীয়ে। সভাত খেৰকটা মহাবিদ্যালয়ৰ অধ্যক্ষ ললিত পেগু উপস্থিত থাকি ভাষণ আগবঢ়াই ছাত্ৰ-ছাত্ৰীসকলক লক্ষ্য সাধনত উপনীত হবলৈ কঠোৰ অধ্যয়নত ব্ৰতী হবলৈ আহ্বান জনায় ৷ মুকলি সভাত অভিভাৱক/অভিভাৱিকাৰ লগতে ছাত্ৰ-ছাত্ৰী, বিদ্যালয় পৰিচালনা আৰু উন্নয়ন সমিতি, মাতৃগোটৰ বিষয়ববীয়া আৰু সদস্যাসকলেও উপস্থিত থাকি সভাৰ সৌষ্ঠৱ বৃদ্ধি কৰে। ইয়াৰ আগতে আজি পুৱা ঐতিহ্যমণ্ডিত শিক্ষানুষ্ঠানখনৰ বাৰ্ষিক যুৱ মহোৎসৱ আৰু অভিভাৱক সমাৰোহৰ সৈতে সংগতি ৰাখি উলিওৱা হয় বৰ্ণিল সাংস্কৃতিক শোভাযাত্ৰা। বিদ্যালয়খনৰ ছাত্ৰ-ছাত্ৰীসকলে স্বকীয় সাজপাৰ পৰিধান কৰি শোভাযাত্ৰাত অংশগ্ৰহণ কৰি শোভাযাত্ৰাৰ সৌষ্ঠৱ বঢ়ায় ৷ বিদ্যালয়ৰ সকলো শিক্ষক-শিক্ষয়িত্ৰী, ছাত্ৰ-ছাত্ৰী তথা অভিভাৱকে অংশগ্ৰহণ কৰা সাংস্কৃতিক শোভাযাত্ৰাত বিহু, মিচিং লোক নৃত্য, বাগৰুম্বা, ঝমুৰ, চাওতালী, তিৱা আদি নৃত্যৃই মন্ত্ৰমুদ্ধ কৰে দৰ্শকক। এই সাংস্কৃতিক শোভাযাত্ৰাত বিদ্যালয়খনৰ দুয়োটা দিশে প্ৰায় দুই কিলোমিটাৰকৈ পৰিভ্ৰমণ কৰি পুনৰ বিদ্যালয়ৰ খেলপথাৰত উপস্থিত হয়।সোমবাৰৰ পৰা চাৰিদিনীয়া বৰ্ণাঢ্য কাৰ্যসূচীৰে বিভিন্ন প্ৰতিযোগিতামূলক খেল-ধেমালিৰে আৰম্ভ হোৱা বাৰ্ষিক যুৱ মহোৎসৱ আৰু অভিভাৱক সমাৰোহৰ বিয়লিলৈ বিদ্যালয়ৰ পতাকা অৱনমন কৰি চাৰিওটা দিনৰ কাৰ্যসূচীৰ সফল সামৰণি মাৰে ৷

 

প্ৰেৰক পুলকজ্যোতি বৰা

You might also like