বৰ্ণালী বড়ালৈ সদৌ অসম কবি সন্মিলনৰ শ্ৰেষ্ঠ যুৱ কবি বঁটা
নিয়মীয়া বাৰ্তা, ৩১ ডিচেম্বৰঃ অসমৰ এগৰাকী উদীয়মান কবি, নিবন্ধকাৰ, গৱেষক বৰ্ণালী বড়ালৈ সদৌ অসম কবি সন্মিলনে আগবঢ়াইছে “সম্প্ৰীতি (টুকটুক) শইকীয়া সোঁৱৰণী বছৰৰ শ্ৰেষ্ঠ যুৱ কবি বঁটা ২০২২-২০২৪”। যোৱা ২৯ ডিচেম্বৰত শিৱসাগৰত অনুষ্ঠিত সদৌ অসম কবি সন্মিলনৰ সপ্তদশ দ্বিবাৰ্ষিক পূৰ্ণাংগ অধিৱেশনত কবিগৰাকীক এখনি চেলেং চাদৰ, এটি স্মাৰক, শৰাই আৰু এখনি মানপত্ৰৰে সন্মানিত কৰে। উল্লেখযোগ্য যে, দুলীয়াজানৰ নিবাসী বৰ্ণালী বড়াৰ চলিত বৰ্ষত প্ৰকাশিত “নিৰ্ভাবনা” শীৰ্ষক কাব্যগ্ৰন্থখনৰ বাবে তেওঁক এই বঁটা প্ৰদান কৰা হয়। বৰ্ণালী বড়াৰ কবিতা অসমৰ আগশাৰীৰ সাহিত্য আলোচনী গৰীয়সী, সাতসৰী, প্ৰকাশ, প্ৰান্তিককে ধৰি বিভিন্ন বাতৰিকাকত, সম্পাদিত গ্ৰন্থাদিত ধাৰাবাহিকভাৱে প্ৰকাশ পাই আহিছে। কেইবাখনো অসমীয়া কবিৰ নিৰ্বাচিত কবিতাৰ সংকলনত বৰ্ণালী বড়াৰ কবিতাই স্থান পাইছে। তেওঁৰ প্ৰথমখন কাব্যগ্ৰন্থ “মৌপিয়াৰ বিষাদ ৰাগিণী”য়েও ২০১৭ বৰ্ষত “কৃষ্ণকান্ত বড়া সোঁৱৰণী কাব্য-শিল্প বঁটা” লাভ কৰিবলৈ সক্ষম হৈছিল। আনহাতে কবিগৰাকীৰ সম্ভাৱনাময় কাব্য পৰিক্ৰমাৰ স্বীকৃতিস্বৰূপে তেওঁ ২০১৯ বৰ্ষত লাভ কৰে “বন্ধু-চাকি উদগনি বঁটা”। সদৌ অসম ভিত্তিত আয়োজিত বিভিন্ন কবিতা প্ৰতিযোগিতাত বৰ্ণালী বড়াৰ কবিতা কেইবাবাৰো শ্ৰেষ্ঠ বিবেচিত হৈছে। কবিতাৰ সমান্তৰালকৈ প্ৰবন্ধ ৰচনাতো মনোনিবেশ কৰা বৰ্ণালী বড়াৰ দুয়োখন প্ৰকাশিত প্ৰবন্ধ সংকলনে ইতিমধ্যে বিশেষ স্বীকৃতি লাভ কৰিবলৈ সক্ষম হৈছে। তেওঁৰ প্ৰথমখন প্ৰবন্ধ সংকলন “শিশু-সাহিত্য আৰু অন্যান্য প্ৰবন্ধ” শীৰ্ষক গ্ৰন্থখনে ২০১৭ বৰ্ষত অসম সাহিত্য সভাৰ শতবৰ্ষীয় শিৱসাগৰ অধিৱেশনত লাভ কৰে “কমলেশ্বৰ ডেকা সোঁৱৰণী বঁটা”। একেদৰে তেওঁৰ দ্বিতীয়খন গৱেষণাধৰ্মী গ্ৰন্থ “ভবেন্দ্ৰ নাথ শইকীয়াৰ শিশু-সাহিত্য : বিচাৰ আৰু বিশ্লেষণ”ৰ বাবে ২০২৩ বৰ্ষত লাভ কৰে “কিৰণ তামূলী শিশু-সাহিত্য পৰ্যালোচনা বঁটা”। সম্প্ৰতি উপন্যাস ৰচনাৰো পৰিকল্পনা কৰি থকা লেখিকাগৰাকীয়ে অনাগত দিনত অসমীয়া সাহিত্যৰ সমৃদ্ধিত অধিক অৰিহণা আগবঢ়াব বুলি পাঠক সমাজ আশাবাদী হৈ ৰৈছে। শেহতীয়াকৈ বৰ্ণালী বড়াই কাব্য সাহিত্য ক্ষেত্ৰখনত লাভ কৰা এই সাফল্যই দুলীয়াজানলৈ গৌৰৱ কঢ়িয়াই অনাৰ লগতে দুলীয়াজানৰ সুধী সমাজেও অভিনন্দন জ্ঞাপন কৰিছে।
প্ৰেৰক কৃষ্ণা গগৈ