নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

বিজেপিবিৰোধী শক্তি একগোট হওক মহাজোঁটঃ জিতেন্দ্র সিঙ

নিয়মীয়া বাৰ্তা ১৩ জানুৱাৰীঃ পুনৰ কংগ্রেছৰ মুখত উচ্চাৰিত হৈছে মহাজোঁট গঠনৰ প্রসংগ৷ এইবাৰ নিখিল ভাৰত কংগ্রেছ কমিটীৰ সাধাৰণ সম্পাদক তথা প্রদেশ কংগ্রেছৰ তত্ত্বাৱধায়ক জিতেন্দ্র সিঙে বিজেপিবিৰোধী সকলো দল–শক্তিক একত্রিত হৈ মহাজোঁট গঠনৰ আহ্বান জনায়৷  মঙলবাৰে গুৱাহাটীৰ ৰাজীৱ ভৱনত ‘বিজেপিৰ অভুৱা ভাঁৰা বাজেট, ৫ বছৰীয়া ব্যর্থতাৰ দলিল’ শীর্ষক পুস্তিকা এখন উন্মোচন কৰি সংবাদ মাধ্যমৰ আগত সিঙে কয় যে যিসমূহ ৰাজনৈতিক দলৰ নীতি–আদর্শ কংগ্রেছৰ সৈতে একে, অসমৰ অস্তিত্ব–সংস্কৃতি ৰক্ষাৰ প্রতি দায়বদ্ধ, বিজেপিৰ নীতি–আদর্শৰ বিৰোধিতা কৰে, সকলোৱে একত্রিত হৈ মহাজোঁট গঠন কৰক৷ আমি তেওঁলোকক স্বাগতম জনাম৷ অসম বিধানসভা নির্বাচন কংগ্রেছে অসমত চৰকাৰ গঠন কৰা, মুখ্যমন্ত্রী, মন্ত্রী, বিধায়ক হোৱা নির্বাচন নহয়৷ এই নির্বাচন অসম বচোৱাৰ নির্বাচন, অসমক খণ্ড–বিখণ্ড কৰাৰ পৰা ৰক্ষা কৰাৰ নির্বাচন, অসমৰ ভৱিষ্যৎ ৰক্ষা কৰাৰ নির্বাচন৷ তদুপৰি এই নির্বাচন কেৱল অসমৰ নির্বাচন নহয় বুলি উল্লেখ কৰি তেওঁ কয় যে এই নির্বাচন সমগ্র উত্তৰ–পূবৰ লগতে ভাৰতৰো নির্বাচন৷ বিজেপি দল তথা চৰকাৰক ক্ষুৰধাৰ সমালোচনা কৰি সিঙে আৰু কয় যে বিজেপিৰ ভিজন ডকুমেণ্ট অসমৰ বিনাশ ডকুমেণ্ট বুলি আজি অসমৰ জনতাই ক’বলৈ ধৰিছে৷ প্রধানমন্ত্রী, কেন্দ্রীয় গৃহমন্ত্রীয়ে অসমৰ জনসাধাৰণক এবাৰ মূর্খ সজাব পাৰে, বাৰে বাৰে নোৱাৰে৷ অসমৰ জনতা স্বাভিমানী, যোদ্ধা৷

সেইদৰে বিজেপিৰ ৰাষ্ট্রীয় সভাপতি জে পি নাড্ডাই কালি শিলচৰৰ অসমৰ ছয় জনগোষ্ঠীৰ জনজাতিকৰণ হৈ গ’ল বুলি কৰা মন্তব্য সম্পর্কে প্রতিক্রিয়া ব্যক্ত কৰি তেওঁ কয় যে ছয় জনগোষ্ঠীৰ জনজাতিকৰণ হ’ল নে নাই, নাড্ডাই নজনাটো দুর্ভাগ্যজনক৷ আসন্ন বিধানসভা নির্বাচনৰ বাবে কংগ্রেছ দলেও নির্বাচনী প্রচাৰ আৰম্ভ কৰাৰ বিষয়ে উল্লেখ কৰি তেওঁ কয় যে কালিৰে পৰা বুথ সন্মিলন আৰম্ভ হৈছে৷ প্রতিটো বিধানসভা সমষ্টিতে এই বুথ সন্মিলন অনুষ্ঠিত হ’ব৷ আনহাতে, অসমত কংগ্রেছ দলৰ নেতৃত্বৰ মাজত মতবিৰোধ থকাৰ বিষয়ে স্বীকাৰ কৰি সিঙে কয় যে কংগ্রেছ দল এটা পৰিয়ালৰ দৰে৷ পৰিয়ালৰ সদস্যৰ মাজত মতবিৰোধ থকাৰ দৰে ইয়াতো থাকিব পাৰে৷ ইয়াৰ প্রতিজন নেতাই নিজৰ মতামত ব্যক্ত কৰিব পাৰে৷ কাৰণ কংগ্রেছ দল বিজেপি বা আন দলৰ দৰে নহয়৷ কংগ্রেছ দলৰ আভ্যন্তৰীণ গণতন্ত্র আছে৷ তাৰ বাবেই বিভিন্ন বিষয়ৰ মতভেদ থকাৰ পাছতো সকলো নেতাই ৰাজ্যখনত দলৰ বাবে একেলগে কাম কৰি আছে৷ তদুপৰি প্রদেশ কংগ্রেছৰ জ্যেষ্ঠ পর্যবেক্ষক হিচাপে নিযুক্তি দিয়া ভূপেশ ৱাঘেল, মুকুল ৱাচনিক আৰু চাকিল আহমেদ খান অহা ১৮ জানুৱাৰীত অসমলৈ আহি আছে বুলি জানিবলৈ দিয়ে৷

ইপিনে আসন্ন বিধানসভা নির্বাচনত কংগ্রেছ–এ আই ইউ ডি এফৰ মিত্রতা হ’লে, মিত্রতা নহ’লে বা গোপন মিত্রতা হ’লে যুঁজাৰ বাবে বিজেপিয়ে তিনিটা পৰিকল্পনা সাজু কৰি ৰখা বুলি নেডাৰ আহ্বায়ক তথা মন্ত্রী ড০ হিমন্ত বিশ্ব শর্মাই কৰা মন্তব্যত তীব্র প্রতিক্রিয়া প্রকাশ কৰিছে প্রদেশ কংগ্রেছৰ সভাপতি ৰিপুণ বৰাই৷ এই সম্পর্কত সভাপতি বৰাই কয়– ‘আমাৰো পৰিকল্পনা আছে৷ কংগ্রেছ পৰি মৰা দল নহয়৷ আমি ইয়াত মাখি মাৰিবলৈ বহি থকা নাই৷ আমি হিমন্ত বিশ্ব শর্মাৰ গ’ললৈ ভয় নকৰোঁ৷ তেওঁ আগতেও আমাক গ’ল দিয়াৰ কথা কৈছে৷ গতিকে আমাক পৰিকল্পনাৰ কথা কৈ ভয় খুৱাব নালাগে৷’ সেইদৰে ২০১৬–১৭ বিত্তীয় বর্ষৰ পৰা ৰাজ্যৰ বিজেপি চৰকাৰখনে দিয়া বার্ষিক বাজেটৰ ৮০–৯০ শতাংশ প্রতিশ্রুতি পূৰণ নকৰাৰ বিষয়ে দোহাৰি কয় যে সেই ব্যর্থতাসমূহ সামৰি আজি পুস্তিকা প্রকাশ কৰা হৈছে৷ সেই পুস্তিকা প্রতিটো বুথ কেন্দ্রলৈ নি ঘৰে ঘৰে বিতৰণ কৰি বিজেপিৰ ব্যর্থতা উদঙাই দিয়া হ’ব৷ কেইদিনমান পাছত বিজেপিৰ ভিজন ডকুমেণ্টখনো যে ভুৱা আছিল, সেয়াও পুস্তিকা আকাৰে প্রকাশ কৰা হ’ব৷ সেইদৰে এই জানুৱাৰী মাহৰ ভিতৰতে বিজেপিৰ পাঁচ বছৰীয়া কার্যকালৰ মহা–ভিযোগনামা এখন প্রকাশ কৰি বিজেপি চৰকাৰৰ ব্যর্থতা, জনবিৰোধী শাসনৰ খতিয়ান ৰাইজৰ হাতত তুলি দিব বুলি প্রকাশ কৰে৷ আজিৰ সেই অনুষ্ঠানতে সভাপতি বৰাই কৃষকবিৰোধী ক’লা আইন বাতিল, পেট্র’ল–ডিজেলকে ধৰি অত্যাৱশ্যকীয় সামগ্রীৰ মূল্যবৃদ্ধিৰ প্রতিবাদত এ আই চি চিৰ নির্দেশমর্মে প্রদেশ কংগ্রেছে অহা ১৬ জানুৱাৰীত ৰাজভৱন যাত্রাৰ কার্যসূচী গ্রহণ কৰিছে বুলি প্রকাশ কৰে৷ আজিৰ এই অনুষ্ঠানত সাংসদ প্রদ্যুৎ বৰদলৈ, আব্দুল খালেক, ৰাণী নৰহ, বিধায়ক ৰকিবুল হুছেইন, ডাঃ নজৰুল ইছলাম, প্রাক্তন মন্ত্রী শৰৎ বৰকটকী, অকণ বৰা, পৃথিৱী মাঝি, প্রাক্তন সাংসদ দ্বিজেন শর্মা, বলীন কুলী, প্রদেশ কংগ্রেছৰ মিডিয়া বিভাগৰ অধ্যক্ষ ববিতা শর্মাও উপস্থিত থাকে৷

You might also like