নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

পঠা–খাহীৰ নামত ভেড়াৰ মাংস চৰা দামত বিক্রী

মহানগৰীত ভোগালীৰ বজাৰত অসাধু ব্যৱসায়ীৰ লুণ্ঠন

নিয়মীয়া বাৰ্তা ১৩ জানুৱাৰীঃ আজি   মাঘ বিহুৰ উৰুকা৷ উৰুকাৰ প্রাক্ক্ষণত মহানগৰবাসীৰ মাজত এক উৎসৱমুখৰ পৰিৱেশ দেখা গৈছে৷ ভোগৰ ভোগালীৰ বাবে সাজু হৈ উঠিছে কংক্রিটৰ মহানগৰবাসীও৷ আৰু এই উৎসৱৰ বতৰত মহানগৰীৰ বজাৰত সুযোগ বুজি একাংশ ব্যৱসায়ীয়ে পাতিছে ফন্দি৷ বিশেষকৈ ছাগলী মাংসৰ একাংশ ব্যৱসায়ীয়ে গ্রাহকক লুণ্ঠন চলোৱাৰ ফন্দি পাতি খাহী তেজাল ছাগলীৰ নামত অত্যধিক দামত বিক্রী কৰিছে ভেড়া আৰু পঠা ছাগলী৷ অতি গোপনে আন ছাগলীৰ লগত ৰাখি এনে অসাধু ব্যৱসায়ীয়ে বিক্রী কৰিছে ভেড়া৷ একেদৰে আন একাংশ ব্যৱসায়ীয়ে গ্রাহকৰ অজ্ঞানতাৰ সুযোগ লৈ কলপাতত থৈ লোকেলৰ নামত বিক্রী কৰিছে চালানী মাছ৷

ইফালে বহিঃৰাজ্যৰ ব্রইলাৰ যোগান বন্ধ হোৱাৰ সুযোগ লৈ একাংশ ব্যৱসায়ীয়ে নিশাটোৰ ভিতৰতে বৃদ্ধি কৰিছে দাম৷ উৎসৱৰ বতৰৰ সুযোগ লৈ অসাধু ব্যৱসায়ীয়ে এই কার্য কৰাক লৈ সৃষ্টি হৈছে ব্যাপক প্রতিক্রিয়াৰ৷ এইক্ষেত্রত এনে ব্যৱসায়ীসকলৰ ওপৰতব্যৱস্থা গ্রহণ কৰিবলৈ চৰকাৰ প্রশাসনক দাবী জনাইছে ৰাইজে৷ বিশেষকৈ ছাগলীৰ নামত ভেড়া বা লোকেল বুলি কৈ কলপাতত চালানী মাছ দি অধিক দাম লোৱা এনেব্যৱসায়ীৰ বিৰুদ্ধে অভিযান চলাবলৈ দাবী জনাইছে ৰাইজে৷ ইফালে, মাঘ বিহুৰ উৰুকাৰ সুযোগ লৈ একাংশ ব্যৱসায়ীয়ে প্রতিকিঃগ্রাঃ ছাগলীৰ মাংস এহেজাৰ টকা পর্যন্ত বিক্রী কৰিছে৷ সেয়েহে বৃহত্তৰ গুৱাহাটী মীট কুৰেশ্বী এছ’চিয়েচনে ব্যৱসায়ীসকলক প্রতি কিঃগ্রাঃ ছাগলীৰ মাংস ৭৫০ টকাকৈ বিক্রী কৰিবলৈ আহ্বান জনাইছে৷

You might also like