নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

২৭ জানুৱাৰীৰ পৰা চাৰিটা পর্যায়ত চকাবন্ধ

মটৰ শ্রমিক সংগঠনৰ যৌথ মঞ্চৰ ঘোষণা

নিয়মীয়া বাৰ্তা ১৩ জানুৱাৰীঃ মটৰ শ্রমিকসকলৰ দাবীৰ প্রতি চৰকাৰে দীর্ঘদিন ধৰি দেখুৱাই অহা অনীহাৰ প্রতিবাদত পুনৰ চকাবন্ধ কার্যসূচী ঘোষণা কৰিছে অসমৰ মটৰ শ্রমিক সংগঠনসমূহৰ যৌথ মঞ্চই৷ আজি এখন সংবাদ মেলত মঞ্চৰ নেতৃত্বই ঘোষণা কৰে– আমাৰ সমাজখনক গতিশীল কৰি ৰখা খণ্ডটোৱে হ’ল পৰিবহণ খণ্ড৷ ইয়াৰ ভিতৰত চৰকাৰী–বেচৰকাৰী সংগঠিত মটৰ শ্রমকসকলৰ বাবে অৱসৰ কল্যাণৰ কিছু সুবিধা আছে যদিও অসংগঠিত খণ্ডৰ ৮–৯ লাখ চালক–কর্মচাৰীয়ে আগবঢ়োৱা সেৱাৰ পাছতো তেওঁলোকৰ ভৱিষ্যতৰ বাবে চৰকাৰে আজিলৈ কোনো ব্যৱস্থা গ্রহণ নকৰিলে৷ বহু আবেদন–নিবেদনৰ পাছত ৰাজ্যৰ শ্রম বিভাগে অসমৰ মটৰ শ্রমিকৰ কল্যাণ আইনৰ খচৰা প্রস্তুত কৰি বিভিন্ন সংগঠনৰ পৰা সংশোধনীও বিচাৰিলে৷ কিন্তু আজি পর্যন্ত চৰকাৰে আইনখনত অনুমোদন জনোৱা নাই৷ তদুপৰি লকডাউনৰ ফলত কর্মহীন হৈ পৰা শ্রমিকসকলক এটকাৰো সাহায্য দিয়াৰ ব্যৱস্থা নল’লে৷ একে সময়তে যান–বাহনৰ কৰসমূহো ৰেহাই দিয়া নহ’ল৷ এই বৈষম্যৰ প্রতিবাদত অসমৰ মটৰ পৰিবহণ সংগঠনসমূহৰ যৌথ মঞ্চই অহা ২৭ জানুৱাৰীত ২৪ ঘণ্টীয়া চকাবন্ধৰ আহ্বান জনাইছে৷ ইয়াৰ পৰৱর্তী সময়ত বিধানসভা অধিৱেশনৰ দ্বিতীয় আৰু তৃতীয় দিনটোত ৪৮ ঘণ্টীয়া চকাবন্ধ আৰু পৰৱর্তী সময়ত ৭২ ঘণ্টীয়া চকাবন্ধৰ কার্যসূচী গ্রহণ কৰাৰ হুংকাৰ দিছে সংগঠনসমূহে৷ মটৰ শ্রমিক সংগঠনসমূহৰ আন এটা গুৰুত্বপূর্ণ দাবী হ’ল– বহিঃৰাজ্যলৈ যোৱাৰ ক্ষেত্রত থকা বাধা আঁতৰ কৰা, হাৰাশাস্তি বন্ধ কৰা আৰু অ’লা–উবেৰ কর্তৃপক্ষই চালকৰ পৰা সংগ্রহ কৰা কমিছন ১০ শতাংশলৈ হ্রাস কৰা৷ চকাবন্ধৰ কার্যসূচীৰ প্রতি সমর্থন জনোৱা সংগঠনসমূহ হ’ল– অল ইণ্ডিয়া ৰোড ট্রেন্সপ’ট ৱর্কার্ছ এছ’চিয়েচন, সদৌ অসম মটৰ শ্রমিক যুটীয়া পৰিষদ, কো–র্ডিনেচন কমিটী অৱ কেব অপাৰেটর্ছ, অসম পেট্র’লিয়াম মজদুৰ ইউনিয়ন, নর্থ–ইষ্ট হেভী গুড্ছ কেৰিয়াৰ ট্রাক অ’নার্ছ এণ্ড ড্রাইভাৰ ৱেলফেয়াৰ এছ’চিয়েচন, সদৌ অসম সংযুক্ত মটৰ শ্রমিক ইউনিয়ন, ইণ্ডিয়ান নেচনেল ৰোড ট্রেন্সপ’ট ৱর্কার্ছ ফেডাৰেচন, সদৌ অসম ট্রাক ড্রাইভাৰ ইউনিয়ন, সদৌ অসম কেব অপাৰেটৰ ইউনিয়ন আৰু সদৌ অসম গাড়ীচালক সন্থা৷

You might also like