ডিব্ৰুগড় বিশ্ববিদ্যালয়ৰ অধীনত হ’ব লগা সকলো পৰীক্ষা স্থগিত
নিয়মীয়া বাৰ্তা, ২৩ এপ্ৰিলঃ ডিব্ৰুগড় বিশ্ববিদ্যালয়ৰ অধীনত হ’ব লগা সকলো পৰীক্ষা তৎকালেই বাতিল কৰা হৈছ।পৰৱৰ্ত্তী জাননী নিদিয়া পৰ্যন্ত এই আদেশ বাহাল থাকিব বুলি ডিব্ৰুগড় বিশ্ববিদ্যালয়ৰ পৰীক্ষা নিয়ন্ত্ৰক ড° পি কে কাকতিয়ে জানিবলৈ দিয়ে।
পৰীক্ষা নিয়ন্ত্ৰক ড° কাকতিয়ে জানিবলৈ দি কয় যে বিশ্ববিদ্যালয়ৰ সকলো বিভাগৰ মুৰব্বী, চেন্টাৰ ফৰ ষ্টাডিজৰ অধ্যক্ষ, শিক্ষক সন্থাৰ প্ৰতিনিধি, বিষয়া-কৰ্মচাৰী সন্থা, পিজিএছইউৰ প্ৰতিনিধিবৰ্গৰ স’তে কালি এলানি গুৰুত্বপূৰ্ণ আলোচনা হয় আৰু বিশ্ববিদ্যালয়ৰ পূৰ্বৰ পৰীক্ষাৰ জাননী নং: ডিইউ/ইএস্ক/চিই/এক্সামচ/২০২১/২৭৫ দিনাংক ২০/০৪/২০২১ ৰ ওপৰত কৰা সিদ্ধান্ত মৰ্মে, বিশ্ববিদ্যালয়ৰ স্নাতকোত্তৰ সকলো পৰম্পৰাগত আৰু বৃত্তিগত পৰীক্ষাৰ লগতে ইন্টিগ্ৰেটেড এম এছ চি(পদাৰ্থ বিজ্ঞান)পৰীক্ষা পৰৱৰ্ত্তী জাননী নিদিয়া পৰ্যন্ত স্থগিত ৰখা হৈছে।
আনহাতে ইউ জি বৃত্তিগত পৰীক্ষা যেনে বি এড, বি টেক, এল এল বি, বি এ এল এল বি (মেজৰ), বি কম এল এল বি (মেজৰ) আৰু বি বি এ এল এল বি(মেজৰ) পৰীক্ষা পৰৱৰ্ত্তী জাননী নিদিয়া পৰ্যন্ত স্থগিত ৰখা হৈছে।
ইয়াৰ লগতে অহা ২৬ এপ্ৰিলৰ পৰা সকলো শাখাৰ স্নাতক পৰীক্ষা (চি বি চি এছ) পদ্ধতি আৰু চি বি চি এছ পদ্ধতিৰে অনুষ্ঠিত নোহোৱা সকলো বিভাগৰ স্নাতক পৰীক্ষা পৰবৰ্ত্তী জাননী জাৰি নকৰা পৰ্যন্ত স্থগিত ৰখা হৈছে বুলি পৰীক্ষা নিয়ন্ত্ৰকে জানিবলৈ দি সংশোধিত পৰীক্ষাৰ সময়সূচী ক’ভিডৰ এছ অ’ পিৰ ওপৰত আৰু চৰকাৰৰ নিৰ্দেশনাৰ ওপৰতে নিৰ্ভৰ কৰিব বুলি সদৰী কৰে।