নিয়মীয়া বাৰ্তা, ৩০ ছেপ্টেম্বৰ : নগৰবেৰাত আজি নিখিল ভাৰত গণতান্ত্ৰিক মহিলা সমিতিৰ দক্ষিণ কামৰূপ জিলা সমিতিৰ উদ্যোগত শতাধিক মহিলাই বিভিন্ন দাবীৰে গণ সমাৱেশ কাৰ্যসূচী ৰূপায়ণ কৰে ৷ দিনৰ ১১ বজাৰ পৰা অনুষ্ঠিত হোৱা এই সমাৱেশত দক্ষিণ কামৰূপ জিলাৰ বিভিন্ন অঞ্চলৰ শতাধিক মহিলা নেত্ৰীয়ে অংশগ্ৰহণ কৰে ৷ উক্ত কাৰ্যসূচীৰ অন্তত নগৰবেৰাস্থিত নিখিল ভাৰত গণতান্ত্ৰিক মৰ্চাৰ মুখ্য কাৰ্যালয়ৰ পৰা নগৰবেৰা ৰাজহ চক্ৰ বিষয়াৰ কাৰ্যালয়লৈ মহিলাসকলে বিভিন্ন শ্ল’গানেৰে সমদল উলিওৱাৰ উপৰি দহদফীয়া দাবী ক্ৰমে হত্যাৰ বিৰুদ্ধে কঠোৰ ব্যৱস্থা গ্ৰহণ কৰা, আঁচনিভুক্ত কৰ্মচাৰীসকলক চৰকাৰী কৰ্মচাৰীৰ স্বীকৃতি প্ৰদান কৰা, খাদ্যবস্তু, ঔষধকে আদি কৰি অত্যাৱশ্যকীয় সামগ্ৰীৰ দাম আৰু বিদ্যুত মাচুল হ্ৰাস কৰা, চৰকাৰী স্বাস্থ্যকেন্দ্ৰত পৰ্যাপ্ত চিকিৎসক আৰু চিকিৎসাকৰ্মী নিয়োগ কৰা, জলজলী নদীৰ ওপৰত পকী দলং নিৰ্মাণ কৰা, ধূপধৰা-নগৰবেৰা সংযোগী পথ যাতায়াতৰ সুচলকৈ গঢ়ি তোলা, সকলো পৰিয়ালকে ৰেচন কাৰ্ড প্ৰদান কৰা আৰু চাউল, দাইল, আটা, মিঠাতেল, চেনি আদি কৰি প্ৰয়োজনীয় সামগ্ৰী সুলভ মূল্যত যোগান ধৰাৰ ব্যৱস্থা কৰা, সকলো খালী পদ পূৰণ কৰা, সমান কামৰ সমান মজুৰি প্ৰদান কৰা আদি দাবী সম্বলিত এক স্মাৰক-পত্ৰ নগৰবেৰা ৰাজহ চক্ৰ বিষয়া বনশ্ৰী মালাকাৰৰ জৰিয়তে ৰাজ্যৰ মুখ্যমন্ত্ৰীলৈ প্ৰেৰণ কৰে ৷ লগতে চলিত বৰ্ষৰ অহা ৫ অক্টোবৰত দিল্লীত নিখিল ভাৰত গণতান্ত্ৰিক মহিলা সমিতিৰ কেন্দ্ৰীয় সমাৱেশ অনুষ্ঠিত হোৱাৰ কথা উল্লেখ কৰি ৰাজ্যিক সমিতিৰ সিদ্ধান্ত মৰ্মে প্ৰচাৰ আন্দোলন কাৰ্যসূচী হাতত লোৱাৰ কথাও ব্যক্ত কৰে নিখিল ভাৰত গণতান্ত্ৰিক মহিলা সমিতিৰ দক্ষিণ কামৰূপ জিলা সমিতিৰ বিষয়ববীয়াই ৷
প্ৰেৰক সঞ্জীৱ কুমাৰ দাস