নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

ৰাজ্যৰ ৩০ লাখ গোর্খাক অজাপত ভোটদানৰ আহ্বান গোর্খা লীগৰ, জনালে কাৰণ

নিয়মীয়া বাৰ্তা, ৭ মার্চঃ বিজেপিক মিথ্যাচাৰী দল আখ্যা দি আগন্তুক অসম বিধানসভা নির্বাচনত অসম জাতীয় পৰিষদ (এজেপি) দলৰ প্রার্থীক ভোট দিবলৈ ৰাজ্যৰ গোর্খা ৰাইজক আহ্বান জনাইছে অল ইণ্ডিয়া গোর্খা লীগে৷

 গুৱাহাটীত এখন সংবাদ মেলত অল ইণ্ডিয়া গোর্খা লীগৰ মুখপাত্র জীৱন গোৰগাই কয়, ৰাজ্যৰ প্রায় ৩০ লাখ গোর্খা ৰাইজে দীর্ঘদিন ধৰি বিভিন্ন সমস্যাৰ সন্মুখীন হৈ আহিছে৷ বিভিন্ন ক্ষেত্রত পিছপৰা গোর্খাসকলৰ মাজৰ পৰা ৰাজনৈতিক ক্ষেত্রখনত নগণ্যসংখ্যক লোকেহে অংশগ্রহণ কৰাৰ সুযোগ পাইছে৷ ফলত অসমত বসবাস কৰা গোর্খা সম্প্রদায়ক অসম চুক্তিৰ ষষ্ঠ অনুসূচীত অন্তর্ভুক্ত কৰিবলৈ দাবী জনাই অহাৰ পিছতো অন্তর্ভুক্ত কৰা নহ’ল৷

শাসনাধিষ্ঠিত চৰকাৰে অসমৰ গোর্খা সম্প্রদায়ৰ অস্তিত্ব সুৰক্ষাৰ বাবে অসম চুক্তিৰ ষষ্ঠ অনুসূচীত গোর্খা সম্প্রদায়ক অন্তর্ভুক্ত কৰা হ’ব বুলি প্রতিশ্রুতি দি প্রতাৰণা কৰিলে৷ গতিকে সম্প্রদায়টোৰ ৰাইজে এজেপিক ভোট দি বিজেপিক পৰাভূত কৰিব লাগে৷

এজেপিৰ সভাপতি লুৰিণজ্যোতি গগৈ, সাধাৰণ সম্পাদক জগদীশ ভূঞাৰ সৈতে হোৱা বৈঠকত আমি এই বিষয়টোৰ লগতে অসমৰ গোর্খা সম্প্রদায়টোৰ সমস্যাসমূহৰ বিষয়ে আলোচনা কৰিছোঁ৷ এজেপিৰ নেতৃত্বৰ সৈতে আমাৰ বুজাবুজি হৈছে৷ তেওঁলোকে গোর্খা সম্প্রদায়ৰ দাবীসমূহ সমাধান কৰিব বুলি কৈছে৷ গতিকে গোর্খা সম্প্রদায়টোৰ স্বার্থত এজেপিৰ প্রার্থীক ভোট দিবলৈ আমি আহ্বান জনালোঁ৷ এইদৰে কয় জীৱন গোৰগাই৷

এইক্ষেত্রত আনকি বর্তমানৰ বিধায়ক ভাস্কৰ শর্মা গোর্খা সম্প্রদায়ৰ হ’লেও এজেপিয়ে প্রক্ষেপ কৰা প্রার্থীকহে নির্বাচনত ভোট দিবলৈ সমষ্টিৰ ৰাইজক আহ্বান জনায় জীৱন গোৰগাই৷ গোর্খা লীগৰ এই আহ্বানৰ প্রতি সমষ্টিৰ গোর্খা ভোটাৰ ৰাইজে সমর্থন দিলে আগন্তুক নির্বাচনত বিধায়ক ভাস্কৰ শর্মা শ’লঠেকত পৰাৰ সম্ভাৱনা আছে৷

You might also like