নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

নিজৰ গাড়ীখনেৰে চলাই আছিল সংসাৰ, ছদ্মৱেশী গাড়ী চোৰে হত্যা কৰি নিলে ছুইফট ডিজায়াৰ

বোকাজানত টুকুৰা–টুকুৰ কৰা মৃতদেহ উদ্ধাৰ

নিয়মীয়া বাৰ্তা, ৭ মার্চঃ নগাঁও জিলাৰ পুৰণিগুদাম আৰক্ষী চকীৰ অধীনৰ চলচলিৰ পৰা এজন লোকে এখন গাডী ভাৰালৈ নি চালকক হত্যা কৰি গাডী লৈ উধাও হোৱা ঘটনাই ব্যাপক প্রতিক্রিয়াৰ সৃষ্টি কৰিছে৷

জানিব পৰা মতে, পৰহি পুৱা ৯ মান বজাত পুৰণিগুদাম চলচলিৰ ৰাজ নামৰ এজন যুৱকে পুৰণিগুদাম গায়ন বৈৰাগীচুকৰ নৱজ্যোতি গায়ন (৪৭) নামৰ লোকজনৰ এ এছ–০২ পি–৩৬০২ নম্বৰৰ ছুইফট ডিজায়াৰ গাডীখন ভাৰালৈ লয়৷ যোৰহাটলৈ বুলি গাডীখন ভাৰালৈ নিয়াৰ পিছত নৱজ্যোতিয়ে দিনৰ ১১ মান বজাত পত্নীলৈ ফোনত ভালদৰে কথা–বতৰা পাতে৷

পিছত সন্ধিয়া ৫ মান বজাত নৱজ্যোতিৰ ফোনৰ পৰা পত্নীলৈ কোনো অচিনাকি লোকে ফোন কৰি এ টি এমৰ পাছৱর্ড বিচাৰে৷ নৱজ্যোতি অসুস্থ বুলি কৈ এটিএমৰ নম্বৰ বিচৰাত পত্নীৰ সন্দেহ ওপজে৷ অচিনাকি লোকজনে নৱজ্যোতি অসুস্থ বুলি নিজে গাডী চলাব লগা হৈছে বুলি কোৱাত পত্নীয়ে স্বামীৰ সৈতে কথা পাতিবলৈ বিচাৰে৷ কথা পাতিব নোৱাৰাত পত্নীৰ সন্দেহ ওপজে৷

লগে লগে পুৰণিগুদাম আৰক্ষীক খবৰ দিয়ে৷ আৰক্ষীয়ে ম’বাইল ফোনৰ সূত্রৰ ওপৰত ভিত্তি কৰি কার্বি আংলঙৰ বোকাজানৰ পৰা নৱজ্যোতিৰ মৃতদেহ টুকুৰা টুকুৰকৈ কাটি বস্তাৰ ভিতৰত ভৰাই থোৱা অৱস্থাত উদ্ধাৰ কৰে৷ নিজৰ ছুইফট ডিজায়াৰ গাডীখন ভাৰাত চলাই পৰিয়াল পোহপাল দিয়া অতি অমায়িক স্বভাৱৰ লোকজনৰ এনে আকস্মিক মৃত্যুৱে পুৰণিগুদামবাসীক শোকাকুল কৰি তুলিছে৷

গায়ন বৈৰাগী গাঁৱৰ প্রয়াত গণেশ চন্দ্র গায়ন আৰু সূৰুয গায়নৰ জ্যেষ্ঠ পুত্র নৱজ্যোতি গায়নে পত্নী আৰু এগৰাকী জীয়ৰীক এৰি গৈছে৷ ইফালে চলচলি অঞ্চলৰ পৰা গাডীখন ভাৰালৈ নিয়া ৰাজ নামৰ যুৱকজনক চলচলিত কোনেও চিনি নাপায়৷ আৰক্ষীৰ তদন্তত গোটেই বিষয়টো পোহৰলৈ অহাৰ লগতে গাডী চুৰি চক্রৰ এটা বৃহৎ দলক গ্রেপ্তাৰ কৰিবলৈ সক্ষম হ’ব৷

You might also like