সর্বভাৰতীয় ফটোগ্রাফী প্রতিযোগিতাত কৃতিত্ব অসমৰ নৱঋষিৰ
নিয়মীয়া বাৰ্তা, ১১ জুনঃ সর্বভাৰতীয় পর্যায়ৰ স্থিৰচিত্র প্রতিযোগিতাত অসমৰ এগৰাকী কিশোৰে বিশেষ কৃতিত্ব অর্জন কৰিবলৈ সক্ষম হৈছে৷ কাজিৰঙা ৰাষ্ট্রীয় উদ্যানৰ ঘন অৰণ্যত কিশোৰগৰাকীৰ কেমেৰাৰ লেন্সত বন্দী হোৱা এটি দুষ্প্রাপ্য চৰাইৰ ফটোৰ বাবে তেওঁ সর্বভাৰতীয় পর্যায়ৰ প্রতিযোগিতাত লাভ কৰিছে দ্বিতীয় স্থান৷
মহানগৰীৰ ছাই আৰ এন এছ একাডেমীৰ দ্বাদশ শ্রেণীৰ ছাত্র নৱঋষি বৰাৰ এই কৃতিত্বই ৰাজ্যখনলৈ গৌৰৱ কঢ়িয়াই আনিছে৷
উল্লেখ্য যে জি ভি পণ্ট নেচনেল ইনষ্টিটিউট অৱ হিমালয়ান এনভাইৰনমেণ্টৰ ইটানগৰৰ উত্তৰ–পূব কেন্দ্র আৰু অৰুণাচল প্রদেশ বিজ্ঞান কেন্দ্রই যোৱা ২২ মে’ত এক ৰাষ্ট্রীয় প্রতিযোগিতাৰ আয়োজন কৰিছিল৷ জৈৱ–বৈচিত্র্যৰ আন্তঃৰাষ্ট্রীয় দিৱস আৰু ভাৰত অমৰুত মহোৎসৱৰ লগত সংগতি ৰাখি বায়’ডাইভার্ছিটী অৱ নর্থ ইষ্ট ইণ্ডিয়া শীর্ষক স্থিৰচিত্র প্রতিযোগিতা অনুষ্ঠিত কৰা হৈছিল৷
প্রতিযোগিতাত অৰুণাচল প্রদেশ, অসম, মেঘালয়, উত্তৰ প্রদেশ, তামিলনাডু, ওড়িশা, মহাৰাষ্ট্র, তেলেংগানা, ঝাৰখণ্ড, আন্দামান নিকোবৰ দ্বীপপুঞ্জকে ধৰি বিভিন্ন ৰাজ্যৰ ১০১গৰাকী প্রতিযোগীয়ে অংশগ্রহণ কৰে৷
প্রতিযোগিতাত নৱঋষিয়ে প্রেৰণ কৰা ফটোখন আছিল বিশ্ববিখ্যাত কাজিৰঙা ৰাষ্ট্রীয় উদ্যানৰ এজোপা গছত পৰি থকা এটা দুষ্প্রাপ্য ধনেশ পক্ষীৰ৷ ফটোখনে প্রতিযোগিতাত দ্বিতীয় স্থান লাভ কৰে৷
ফটোখন তোলাৰ সময়ৰ ৰোমাঞ্চকৰ অভিজ্ঞতাৰ কথা ব্যক্ত কৰি নৱঋষিয়ে কয় যে কাজিৰঙাৰ ধনেশ পক্ষী বিচাৰি থকা সময়ত ওচৰৰে পাৰ হৈ গৈছিল এটা বৃহদাকায় ম’হ৷ এক ভয় লগা অথচ ৰোমাঞ্চকৰ মুহূর্তত কেমেৰাত বন্দী হয় ধনেশ পক্ষীটো৷ কাজিৰঙাত ধনেশ পক্ষীৰ ফটো তোলাটো সৌভাগ্যৰ বিষয়৷ বঁটা হিচাপে নৱঋষিয়ে লাভ কৰিছে প্রশস্তি পত্র আৰু নগদ ধন৷ প্রথম স্থান লাভ কৰিছে ডালমিয়া চিমেণ্টত কর্মৰত প্রেম ছেত্রীয়ে৷