নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

তিনিটা ভাগত চলিছে উদালী কাণ্ডৰ তদন্তঃ এমাহত অভিযোগনামা

নিয়মীয়া বাৰ্তা, ১১ জুনঃ  বৃহস্পিতবাৰে দুপৰীয়া হোজাই জিলা সদৰ শংকৰদেৱ নগৰৰ আৰক্ষী অধীক্ষক কার্যালয়ত উপস্থিত হয় অতিৰিক্ত আৰক্ষী মহাপৰিদর্শক (আইন–শৃংখলা)জি পি সিং৷ পহিলা জুনত এজন ক’ভিড ৰোগীৰ মৃত্যুক কেন্দ্র কৰি হোজাইৰ উদালী ফুলতলীৰ ক’ভিড কেয়াৰ চেণ্টাৰত সংঘটিত চিকিৎসক আৰু নার্ছক প্রহাৰ ঘটনাৰ তদন্তৰ অগ্রগতিৰ বুজ লোৱাৰ লগতে জিলা আৰক্ষী অধীক্ষকৰ সৈতে তদন্তকাৰী বিষয়াৰ লগত আলোচনাত মিলিত হয়৷ পাছত সাংবাদিকৰ সৈতে হোৱা বার্তালাপত উদালী কাণ্ডৰ অভিযোগনামা এমাহৰ ভিতৰত দাখিল কৰা হ’ব বুলি মন্তব্য কৰাৰ লগতে এতিয়াও পলাতক হৈ থকাসকলৰ বিৰুদ্ধেও আইন মতে ব্যৱস্থা গ্রহণ কৰা হ’ব বুলি জনায়৷

লগতে কয় যে পলাতককেইটা গ্রেপ্তাৰ নহ’লে আদালতত পলাতক আচামী হিচাপে ঘোষণা কৰাৰ ব্যৱস্থা কৰা হ’ব৷ এই ঘটনা তিনিটা ভাগত বিভক্ত কৰি তদন্ত চলাই থকা হৈছে৷ আক্রমণৰ ঘটনাৰ সূত্রপাতৰ পৰা আৰম্ভ কৰি চিকিৎসকক প্রহাৰ কৰা, উচটনি দিয়া আদি বিষয়ৰ তদন্ত প্রক্রিয়া চলাই থকা হৈছে বুলি মন্তব্য কৰে৷

You might also like