ষ্টাফ ৰিপৰ্টাৰ, দৰং, ১৮ এপ্ৰিলঃ দৰঙত বিগত দুটা দশকত অনুস্হিত পঞ্চায়ত নিৰ্বাচনৰ সকলো অভিলেখ ভংগ কৰি ১১২ গৰাকী প্ৰতিনিধি বিনা প্ৰতিদ্বন্দিতাই বিজয়ী ঘোষিত হৈছে। বিজেপি দলৰ অথবা বিজেপি সমৰ্থক হিচাবে পৰিচিত এই বৃহৎ সংখ্যক প্ৰতিনিধিৰ মাজত ২গৰাকী জিলা পৰিষদ প্ৰতিনিধিসহ ৫খন আঞ্চলিক পঞ্চায়তৰ প্ৰতিনিধি আৰু ৭৫ পঞ্চায়তৰ সদস্য অন্তভূক্ত হৈছে। প্ৰাপ্ত তথ্য অনুসৰি, মঙলদৈ বিধান সভা সমষ্টিৰ ৰঙামাটি জিলা পৰিষদৰ বিজেপি দলৰ প্ৰাৰ্থী বিতোপন ডেকা বিনাবেলট যুজে বিজয়ী হৈছে।
তদুপৰি মঙলদৈৰ বিধানসভা সমষ্টিৰ অন্তৰ্গত পঞ্চায়তৰ পৰা আঞ্চলিক পঞ্চায়তৰ সদস্য পদলৈ ৫ গৰাকী, পঞ্চায়ত সদস্য পদত ৩০ গৰাকী প্রার্থী বিনা প্ৰতিদ্বন্দিতাৰে নিৰ্বাচিত হৈছে। মঙলদৈ সমষ্টিৰ হাউলী, মোৱামাৰী, চপাই জিলা পৰিষদতো বিজেপিৰ প্ৰাৰ্থী প্ৰচাৰৰ পূৰ্বেই বিজয় বিশ্বাসী হৈ পৰিছে। জিলাখনৰ ছিপাঝাৰ বিধানসভা সমষ্টিৰ জিলা পৰিষদৰ এগৰাকী প্রার্থী বিনা প্ৰতিদ্বন্দিতাৰে নিৰ্বাচিত হোৱাৰ বিপৰীতে আঞ্চলিক পঞ্চায়তৰ সদস্য পদত ৬গৰাকী আৰু পঞ্চায়তৰ সদস্য পদত ৫৭গৰাকী প্রার্থী বিনাপ্ৰতিদ্বন্দিতাৰে নিৰ্বাচিত হৈছে। জিলাখনৰ ৭৫টা গাওঁ পঞ্চায়তৰ বাবে ৭৫০গৰাকী পঞ্চায়ত সদস্য, ৭৫গৰাকী আঞ্চলিক পঞ্চায়ত সদস্যসহ ১২ জিলা পৰিষদ সমষ্টিৰ বাবে সমুদায় ৮৩৭গৰাকী প্ৰতিনিধি সদস্য নিৰ্বাচিত কৰিবলগীয়া আছিল যদিও এতিয়া ১১২গৰাকী বিনা প্ৰতিদ্বন্দিতাই নিৰ্বাচিত হোৱাত মাত্ৰ ৭২৫টা পদৰ বাবেহে ৭ এপ্ৰিলত ভোটদান অনুস্হিত হব।
ইপিনে, জিলাখনৰ বিভিন্ন পদৰ ১৪১গৰাকী প্রার্থীয়ে মনোনয়ন পত্ৰ প্ৰত্যাহাৰ কৰে। মনোনয়ন পত্ৰ প্ৰত্যাহাৰৰ অন্তিম দিনটোত জিলাখনৰ তিনিটা সমষ্টিৰ বিভিন্ন পদৰ মুঠ ১৪১গৰাকী প্রার্থীয়ে মনোনয়ন পত্ৰ প্ৰত্যাহাৰ কৰে। ছিপাঝাৰ বিধানসভা সমষ্টিৰ জিলা পৰিষদ পদৰ এজন প্ৰাৰ্থীয়ে মনোনয়ন পত্ৰ প্ৰত্যাহাৰ কৰে। একেদৰে আঞ্চলিক পঞ্চায়তৰ সদস্য পদৰ মঙলদৈ বিধানসভা সমষ্টিৰ ২জন, ছিপাঝাৰ বিধানসভা সমষ্টিৰ ১জন আৰু দলগাওঁ বিধানসভা সমষ্টিৰ ৪জন প্ৰাৰ্থীয়ে মনোনয়ন পত্ৰ প্ৰত্যাহাৰ কৰে। গাওঁ পঞ্চায়তৰ সদস্য পদত মঙলদৈ বিধানসভা সমষ্টিৰ ২৫জনে, ছিপাঝাৰ সমষ্টিৰ ১৪জনে আৰু দলগাওঁ সমষ্টিৰ ৯৪ প্ৰাৰ্থীয়ে মনোনয়ন পত্ৰ প্ৰত্যাহাৰ কৰিছে।
ভাৰতত টেছলাৰ প্ৰৱেশ নিশ্চিত! ইলন মাস্কৰে প্ৰধানমন্ত্ৰী মোদীৰ বাৰ্তালাপ
এনে বিনাপ্ৰতিদ্বন্দিতা, মনোনয়ন প্ৰত্যাহাৰ, বাতিল আদি ভিন্ন স্তৰ অতিক্ৰমৰ পাছত জিলাখনৰ মঙলদৈ সমষ্টিৰ অন্তৰ্গত ৩ জিলা পৰিষদৰ বাবে ৮গৰাকী, ভিন্ন আঞ্চলিক পঞ্চায়তৰ সদস্য পদৰ বাবে ৪৫গৰাকী, গাওঁ পঞ্চায়তৰ সদস্য পদৰ বাবে ৫০৭গৰাকী প্রার্থী চূড়ান্ত প্ৰতিদ্বন্দিতাত থাকিব। তদ্ৰুপ ছিপাঝাৰ সমষ্টিৰ ৩ জিলা পৰিষদৰ বাবে ৭গৰাকী, আঞ্চলিক পঞ্চায়ত সদস্য পদৰ বাবে ৩৮গৰাকী আৰু গাওঁ পঞ্চায়ত সদস্য পদৰ বাবে ৫৩৬গৰাকী প্রার্থীয়ে প্ৰতিদ্বন্দিতা কৰিব। আনহাতে দলগাওঁ সমষ্টিৰ অন্তৰ্গত ৪ জিলা পৰিষদৰ বাবে ১৪গৰাকী, আঞ্চলিক পঞ্চায়তৰ সদস্য পদৰ বাবে ৮২গৰাকী আৰু গাওঁ পঞ্চায়ত সদস্য পদৰ বাবে ৮৬৯গৰাকী প্রার্থী মূল বেলট যুজত অৱৰ্তীন হব বুলি জিলা নিৰ্বাচনী বিষয়া নিবেদিতা বৰঠাকুৰে সদৰী কৰে।
প্ৰেৰক দিগন্ত শৰ্মা