নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

চিদলীত মিত্ৰজোঁটৰ প্ৰাৰ্থী নিৰ্মল কুমাৰ ব্ৰহ্মৰ মনোনয়ন দাখিল

নিয়মীয়া বাৰ্তা, ২৪ অক্টোবৰ : চিদলী বিধানসভাৰ উপ-নিৰ্বাচনত প্ৰতিদ্বন্দিতাত অৱতীৰ্ণ হোৱা এনডিএ সমৰ্থিত তথা ইউপিপিএল দল প্ৰক্ষেপিত প্ৰাৰ্থী নিৰ্মল কুমাৰ ব্ৰহ্মই আজি মনোনয়ন পত্ৰ দাখিল কৰে। মনোনয়ন পত্ৰ দাখিলৰ পূৰ্বে কাজলগাঁও গ্ৰাম্য ক্ৰীড়া প্ৰকল্পস্থলীত অনুষ্ঠিত এখন ৰাজহুৱা সভাত এনডিএৰ অংশীদাৰ দল বিজেপি, অগপ আৰু ইউপিপিএলৰ বহু ৰাজনৈতিক ৰথী-মহাৰথীসকল একেখন মঞ্চত একত্ৰিত হৈ শক্তি প্ৰদৰ্শন কৰে। ৰাজ্যিক বিজেপিৰ সভাপতি ভৱেশ কলিতা,মন্ত্ৰী অশোক সিংহল, অগপ সাংসদ ফণীভূষণ চৌধুৰী, ভুপেন ৰায়, ইউপিপিএল দলৰ সভাপতি প্ৰমোদ বড়ো,সাংসদ জয়ন্ত বসুমতাৰী,ৰাজ্য সভাৰ সাংসদ ৰণগৌৰা নাৰ্জাৰী, বিজেপি বিধায়ক অজয় ৰয় প্ৰমুখ্য দল তিনিটাৰ অন্যান্য বহু সংখ্যক নেতা-কৰ্মী সকলৰ উপস্থিতিত অনুষ্ঠিত সভাত কেইবা শতাধিক দলীয় কৰ্মী তথা সমৰ্থক উপস্থিত থাকে। সভাৰ শেষত প্ৰাৰ্থীজনক লগত লৈ ৰথী-মহাৰথী সকলে শ শ কৰ্মী আৰু সমৰ্থক সকলৰ সৈতে কাজলগাঁও নগৰত সমদল উলিয়াই পাছত জিলা আয়ুক্তৰ কাৰ্যালয়ত উপস্থিতি হৈ মনোনয়ন পত্ৰ দাখিল কৰে। নিৰ্মল কুমাৰ ব্ৰহ্মৰ মনোনয়ন দাখিলৰ সময়ত ৰিটাৰ্ণনিং বিষয়াৰ কাৰ্যালয়ত ইউপিপিএল দলৰ সভাপতি প্ৰমোদ বড়ো,মন্ত্ৰী সিংহল আৰু কোকৰাঝাৰৰ সাংসদ জয়ন্ত বসুমতাৰী উপস্থিতি থাকে। মনোনয়ন দাখিলৰ অন্তত সংবাদ মাধ্যমৰ লগত মতবিনিময় কৰি মন্ত্ৰী সিংহলে কয় যে চিদলীত পূৰ্বৰ দৰেই ফলাফল হ’ব। বেছি সংখ্যক মানুহক আহিব মানা কৰাৰ পাছতো মুখ্যমন্ত্ৰীৰ কাম-কাজদেখি হাজাৰ হাজাৰ মানুহ ওলাই আহিছে। এনডিএ সমৰ্থিত ইউপিপিএল দলৰ প্ৰাৰ্থীজন বহুত সংখ্যক ভোটৰ ব্যৱধানত বিজয়ী হ’ব বুলি মন্তব্য কৰে। বিৰোধীৰ ঐক্য সন্দৰ্ভত কতাক্ষ কৰি কয় যে তেওঁলোকৰ সন্মিলিত মৰ্চা ভাঙি থানবান হৈছে। প্ৰাৰ্থী প্ৰক্ষেপ কৰা দলটোৱে নিজৰ প্ৰাৰ্থীজনক জয়ী কৰাব বিচাৰিছে। আনফালে আন তিনিটা দলে হৰুৱাব বিচাৰে। এওঁলোকে কি দেশ চলাব, ৰাইজৰ কি দৰে সেৱা কৰিব বুলিও প্ৰশ্ন উত্থাপন কৰে। মন্ত্ৰী সিংহলে কংগ্ৰেছত গৰাখহনীয়া আৰম্ভ হৈছে বুলি কতাক্ষ কৰে। আনফালে ৰাজ্যিক বিজেপিৰ সভাপতি ভৱেশ কলিতাই বিৰোধীৰ সন্মিলিত মৰ্চাৰ সভাপতিয়ে পদত্যাগ কৰাৰ পাছত এতিয়া কংগ্ৰেছ-এআইডিইউএফৰ মঞ্চ গঠন হোৱা বুলি মন্তব্য কৰে। কংগ্ৰেছ-এআইডিইউএফ এটা মুদ্ৰাৰ ইপিঠি-সিপিঠি হিচাপে ওলাই পৰিল বুলিও মন্তব্য কৰে। কংগ্ৰেছ-এআইডিইউএফে সাম্প্ৰদায়িক ৰাজনীতি কৰা বিষয়েও সংবাদ মাধ্যমৰ আগত মন্তব্য প্ৰকাশ কৰে। বিজেপি সভাপতি জনে বিজেপি,অগপ আৰু ইউপিপিএল মিত্ৰজোঁটৰ প্ৰাৰ্থীয়ে উপ নিৰ্বাচনৰ আটাইকেইখন আসনতেই বিজয়ী হ’ব বুলি দৃঢ়মত প্ৰকাশ কৰে।।
প্ৰেৰক বিপুল কুমাৰ দাস
You might also like