বকোৰ মিলনপুৰত ভুল বুজাবুজিৰ পৰিণতিত প্ৰাণ গ’ল আলমতাজৰ
নিয়মীয়া বাৰ্তা, ৩০ মে’ : কামৰূপ জিলাৰ বকো থানাৰ অন্তৰ্গত ২ নং জামবাৰীৰ মিলনপুৰত সংঘটিত হৈছে এক চাঞ্চল্যকৰ মৰ্মান্তিক ঘটনা। সম্পৰ্কীয় ভাতৃক জোকোৱাত গাঁৱৰ অন্য এজন যুৱকৰ প্ৰহাৰত কৰুণ মৃত্যুক সাবটিলে এজন কিশোৰে। প্ৰাপ্ত তথ্য অনুসৰি ২৯ মে বুধবাৰে বিয়লি আলমতাজ আহমেদ (১৩) নামৰ এজন কিশোৰে ওচৰৰ দোকান এখনলৈ মেগী আনিবলৈ যাওঁতে এজন সম্পৰ্কীয় ভাতৃক ধেমালিতে জোকাইছিল। আলমতাজ নামৰ কিশোৰজনে সম্পৰ্কীয় ভাতৃজনক জোকোঁৱাত একে গাঁৱৰ মফিদুল আলী (১৮) নামৰ এজন যুৱকে তেওঁক ইতিকিং কৰা বুলি ভাৱি আলমতাজক হঠাৎ আহি বিভিন্ন ধৰণে উপৰ্যপুৰি আক্ৰমন কৰে।ইয়াৰ পিছতে মফিদুল আলীৰ আক্ৰমনত আলমতাজ আহমেদ নামৰ কিশোৰজন গুৰুতৰভাৱে আঘাতপ্ৰাপ্ত হয়।গুৰুতৰভাৱে আঘাতপ্ৰাপ্ত কিশোৰজনক পৰিয়ালৰ লোকে ততাতৈয়াকৈ বকো প্ৰাথমিক স্বাস্থ্য কেন্দ্ৰত ভৰ্তি কৰাই যদিও চিকিৎসকে কিশোৰজনৰ অৱস্থা অতি সংকটজনক অৱস্থা হোৱাৰ বাবে গুৱাহাটী চিকিৎসা মহাবিদ্যালয়লৈ প্ৰেৰণ কৰে।উল্লেখ্য যে বুধবাৰে নিশাৰে পৰা চিকিৎসাধীন হৈ থকা কিশোৰ আলমতাজ আহমেদে আজি পুৱাৰ ভাগত চিকিৎসাধীন অৱস্থাত মৃত্যুবৰণ কৰে।সাধাৰণভাৱে জোকোঁৱাৰ ফলত এজন যুৱকৰ বৰ্বৰ আক্ৰমনত এটি তেৰ বছৰীয়া কিশোৰৰ কৰুণ মৃত্যুই সমগ্ৰ অঞ্চলযুৰি শোঁকৰ ছাঁ পেলাইছে। ইপিনে ঘটনা সন্দৰ্ভত মৃত কিশোৰ আলমতাজ আহমেদৰ আত্মীয়ই সংবাদ মাধ্যমক জনোৱা অনুসৰি আলমতাজে দোকানলৈ গৈ থাকোতে এজন সম্পৰ্কীয় ভাতৃক এটা সৰু কথাত জোকাঁইছিল। কিন্তু একে গাওঁৰে মফিদুল আলী নামৰ যুৱকজনে তেওঁক ইতিকিং কৰি কথা কোৱা বুলি আলমতাজক দোকানৰ পৰা ঘৰলৈ ওভাতাৰ সময়ত উপৰ্যপুৰি বৰ্বৰভাৱে আক্ৰমন কৰে।পৰিয়ালৰ আত্মীয়ই জনোৱা অনুসৰি মফিদুল আলী নামৰ যুৱকজনে কিশোৰ আলমতাজ আহমেদক এখন চলন্ত ই-ৰিস্কাৰ সন্মুখত ঠেলি পেলাই ও দিছিল।তাৰ পিছত আৰু আলমতাজক বিভিন্ন প্ৰকাৰে আক্ৰমন কৰে মফিদুল আলীয়ে। ইয়াৰ লগতে আলমতাজৰ আত্মীয়ই মফিদুল আলীৰ পিতৃক ঘটনাৰ বিষয়ে আক্ৰমন কৰা ঘটনাৰ বিষয়ে অৱগত কৰাত পিতৃয়ে গুৰুত্ব নিদিয়াৰ লগতে বেয়াকৈ গালি গালাজ কৰাৰ অভিযোগ উথ্বাপন কৰিছে।আত্মীয়ই লগতে কয় যে আলমতাজ সৰুতে মাতৃহাৰা হোৱা সন্তান। মাতৃৰ মৃত্যুৰ পিছত পিতৃৰ সৈতে আছিল কিশোৰ আলমতাজ আহমেদ। আলমতাজ আহমেদক বৰ্বৰতাৰে আক্ৰমন চলোৱা মফিদুল আলীৰ বিৰুদ্ধে উচিত শাস্তি বিচৰাৰ লগতে মফিদুল আলীক ফাঁচি দিবলৈ আহ্বান জনাইছে আত্মীয়ই।ইপিনে সমগ্ৰ ঘটনা সন্দৰ্ভত ঘটনাস্থলীত বকো আৰক্ষী উপস্থিত হৈ ঘটনাৰ উচিত তদন্ত আৰম্ভ কৰিছে আৰু এই ঘটনাৰ সৈতে জড়িত দোষীক শীৰ্ঘে গ্ৰেপ্তাৰ কৰা হব বুলি আৰক্ষী সূত্ৰই জানিবলৈ দিয়ে।
প্ৰেৰক প্ৰীতম বায়ন