নিয়মীয়া বাৰ্তা, ১৮ জানুৱাৰী : সদ্যঘোষিত অসম লোকসেৱা আয়োগৰ ফলাফলে আনন্দৰ জোৱাৰ কঢ়িয়াই আনিছে নগাঁও জিলাৰ বেবেজীয়াৰ নিচেই কাষৰ নিজ ডিমৌলৈ ৷ স্থানীয় বাসিন্দা তথা সমাজ সচেতন মহিলা হিচাপে সুখ্যাতি থকা বীনু ডেকা আৰু প্ৰয়াত বিশিষ্ট সমাজকৰ্মী অতুল ডেকাৰ দ্বিতীয় পুত্ৰ আলোক ডেকাই এপিএছচিৰ পৰীক্ষাত ৩৫১ স্থান দখলেৰে নিজৰ জ্ঞানদীপ্ত প্ৰতিভাৰে উজলি উঠিছে ৷ উল্লেখ্য যে যোৱা পাঁচ-ছয় বছৰ পূৰ্বে আলোকে দুয়োটা চকুৰেই দৃষ্টিশক্তি হেৰুৱাবলগীয়া হয় যদিও তেওঁৰ নিজৰ ওপৰত থকা প্ৰচণ্ড আত্মশক্তি আৰু দৃঢ়তাৰ বাবেই এই ফলাফল লাভ কৰিবলৈ সক্ষম হ’ল ৷ এই সন্দৰ্ভত আজি আলোকে সাংবাদিকৰ আগত নিজৰ অভিমত ব্যক্ত কৰি কয় যে ২০১৮ চনৰ পৰাই অহৰহ প্ৰস্তুতি চলাই তেওঁ বিফল হ’বলগীয়া হৈছিল ৷ যিহেতু দৃষ্টিশক্তি অবিহনেই তেওঁ পৰীক্ষাত অৱতীৰ্ণ হ’বলৈ আগবাঢ়ি আহিছিল, সেই সময়ত তেওঁক লগৰ বন্ধুৱে পঢ়ি শুনোৱা বা মাকে পঢ়ি শুনোৱা কামত সহায় কৰিছিল যদিও বন্ধুসকলৰ কামৰ বাবে সেই কাম পিছলৈ সহজসাধ্য হোৱা নাছিল ৷ আনহাতে মাকৰো শাৰীৰিক অসুস্থতাৰ বাবে পিছলৈ পুত্ৰক বিশেষভাৱে পঢ়ি দিয়াত বাধাৰ সৃষ্টি হয় যদিও সকলো প্ৰত্যাহ্বান গ্ৰহণ কৰি আলোকে ইউ টিউব আৰু স্কাইবাৰ সহায়ত অধ্যয়নৰ দ্বাৰা এক অসাধাৰণ কৃতকাৰ্যতা অৰ্জন কৰাত স্বাভাৱিকতেই জিলাখনত এক আনন্দময় পৰিৱেশে বিৰাজ কৰিছে ৷ আলোকৰ মতে শাৰীৰিক প্ৰতিবন্ধকতা বাধা হ’বই নোৱাৰে, চেষ্টা কৰিলে সফল হ’বই, জীৱনত হাৰ মানিব নালাগে, যুঁজি যাব লাগে বুলি বিশ্বাস কৰা আলোকে নিজৰ সেই বিশ্বাস, দায়বদ্ধতা আৰু সততাৰ বাবেই অসম চৰকাৰৰ অডিট এণ্ড একাউণ্ট চাৰ্ভিছত নিযুক্তি পোৱাৰ পথ সুগম কৰি নিজৰ প্ৰখৰ বুদ্ধিদীপ্ততাৰ পৰিচয় দাঙি ধৰাৰ লগতে জন্মভূমিলৈও কঢ়িয়াই আনিলে বিৰল সন্মান ৷ আলোকলৈ আমাৰ ফালৰ পৰাও আন্তৰিক শুভেচ্ছা, অভিনন্দন যাচিলোঁ ৷
প্ৰেৰক প্ৰাঞ্জল বৰদলৈ