লকডাউনত ৪৫ কোটি টকাৰ মাংস–কণী খালে ৰাজ্যবাসীয়ে
নিয়মীয়া বাৰ্তা, ১৪ মে’ : লকডাউনৰ সময়ছোৱাত অসম পশুধন নিগমে গ্রহণ কৰা তৎপৰতাৰ ফলতে উন্মোচিত হ’ল এক ইতিবাচক দিশ ৷ চৰকাৰৰ নির্দেশ আৰু জিলা প্রশাসনে নির্ধাৰণ কৰা মূল্য অনুসৰি অসম পশুধন নিগমে দ্বিতীয় পর্যায়ৰ লকডাউনৰ মাজভাগৰ পৰা আৰম্ভ কৰা কণী, মাংস বিক্রীৰ ফলত অকল গুৱাহাটী মহানগৰীতে দুই শতাধিকৰো অধিক স্থানীয় যুৱকে হোম ডেলিভাৰী অথবা খুচুৰা বিক্রীৰ জৰিয়তে স্বাৱলম্বিতাৰ নতুন পথ গ্রহণ কৰে বুলি মঙলবাৰে এক সংবাদ মেলত অসম পশুধন নিগমৰ অধ্যক্ষ মনোজ শইকীয়াই সদৰী কৰে ৷
অধ্যক্ষ শইকীয়াই কয় যে, বর্তমানলৈ পশুধন নিগমে মুঠ ২৭ টন ছাগলীৰ মাংস, ১৮ টন কুকুৰা মাংস আৰু প্রায় ২০৮০০ প্লেট কণী অকল নিগমৰ গুৱাহাটী মহানগৰীৰ পাঞ্জবাৰীস্থ চৌহদৰ পৰাই উপলব্ধ কৰিছে ৷
লগতে নিগমে যোৰহাটত নির্মাণ কৰি উলিওৱা আধুনিক কচাইখানাটো কার্যক্ষম কৰি যোৰহাটবাসীৰ বাবে ছাগলী আৰু কুকুৰা মাংস উপলব্ধ কৰিছে ৷
এই লকডাউনৰ সময়ছোৱাত নিগমে নিজাববীয়াকৈ প্রায় ২,৬০,০০,০০০ টকাৰ ব্যৱসায় কৰাৰ লগতে নিগমৰ তৎপৰতাত ৰাজ্যখনৰ বিভিন্ন জিলাত প্রায় ৪০ কোটি টকাৰো অধিক কণী, ছাগলী মাংস আৰু কুকুৰা মাংসৰ ব্যৱসায় সম্ভৱ হয় ৷