নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

সোণাৰিত অস্ত্ৰসহ আলফাৰ দুৰ্ধৰ্ষ কেডাৰ আটক

বিশেষ বাৰ্তা, ৩ মাৰ্চ : চৰাইদেউ জিলাৰ অসম-নাগালেণ্ড সীমান্ত তথা মথুৰাপুৰ আৰক্ষী থানাৰ অন্তৰ্গত চিংফাঙত কালি এজন আলফা (স্বাধীন)ৰ সদস্যক আটক কৰে। আটকাধীন আলফা সদস্যজন অজিত চাংমাই ওৰফে নিতুল অসম বুলি জানিব পৰা গৈছে। চৰাইদেউ আৰক্ষীয়ে মথুৰাপুৰ আৰক্ষীৰ সহযোগিতাত কালি বিয়লি গোপন সূত্ৰৰ পম খেদি আলফা সদস্যজনক আটক কৰাৰ লগতে তেওঁৰ জিম্মাৰ পৰা এটা MQ 81 ৰাইফল, দুটা মেগজিন, ৬০টা সক্ৰিয় গুলী উদ্ধাৰ‌ কৰে। জিলাৰ সদৰ সোণাৰি নগৰৰ ৭নং ৱাৰ্ডত ঘৰ নিতুল অসমৰ। চৰাইদেউ আৰক্ষীৰ এটা বৃহৎ দলে অভিযান চলাই আটক কৰে দুৰ্ধৰ্ষ কেডাৰজনক। নিৰ্বাচনৰ পূৰ্বে কূটাঘাতৰ লক্ষ্যৰে চৰাইদেউ জিলাত সাতজনীয়া আলফা স্বাধীনৰ দল এটাই প্ৰৱেশ কৰা বুলি আৰক্ষী সূত্ৰে প্ৰকাশ ।

প্ৰেৰক দীপাংকৰ পাল

You might also like