নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

আলফাৰ নামত ধনদাবী, মহিলাসহ দুজনক গ্ৰেপ্তাৰ

🔴 আৰক্ষীলৈ গ্ৰেনেড নিক্ষেপ কৰি পলাবলৈ চেষ্টা কৰোঁতে প্ৰাক্তন আলফাৰ ভৰিলৈ গুলী
বিশেষ বাৰ্তা, ২৩ জুলাই : আলফাই (স্বা:) উজনিৰ জিলাত কোনো ধনদাবী কৰা নাই বুলি আলফাৰ ৰুমেল অসমে স্পষ্টীকৰণ দাঙি ধৰাৰ সময়তে ডিব্ৰুগড়ত আলফাৰ নামত ধনদাবী কৰি ধন সংগ্ৰহ কৰা কাৰ্যত জড়িত থকাৰ অভিযোগত আৰক্ষীয়ে দুগৰাকীকৈ ব্যক্তিক গ্ৰেপ্তাৰ কৰে। আৰক্ষীয়ে পুষ্পাঞ্জলি গগৈ নামৰ এগৰাকী মহিলা আৰু হেম চেতিয়া নামৰ এজন প্ৰাক্তন আলফা সদস্যক পৃথকে পৃথকে গ্ৰেপ্তাৰ কৰিবলৈ সক্ষম হয়। আনহাতে, ইয়াৰে হেম চেতিয়াই আলফাৰ গুপ্তধন দেখুৱাবলৈ নি তদন্তকাৰী আৰক্ষীলৈ বটল গ্ৰেনেড নিক্ষেপ কৰি পলাবলৈ চেষ্টা কৰা সময়ত আৰক্ষীয়ে গুলীচালনা কৰে। সোঁ-ভৰিত গুলী লাগি আহত হয় প্ৰাক্তন আলফা হেম চেতিয়া নামৰ লোকজন। উল্লেখযোগ্য যে আলফাৰ ধনদাবী সন্দৰ্ভত বিভিন্ন অভিযোগৰ ভিত্তিত তিনিচুকীয়া, ডিব্ৰুগড়, শিৱসাগৰ, চৰাইদেউত আৰক্ষীয়ে সেনাৰ সৈতে যৌথ অভিযান চলোৱাৰ সময়তে ডিব্ৰুগড় আৰক্ষীয়ে ডিব্ৰুগড় বিশ্ববিদ্যালয়ৰ ৰংঘৰ প্ৰেক্ষাগৃহৰ পৰা পুষ্পাঞ্জলি গগৈক আটক কৰাৰ লগতে হেম চেতিয়া নামৰ আন এজনক খোৱাঙত আটক কৰে। পুষ্পাঞ্জলি গগৈ সেই সময়ত ডিব্ৰুগড় বিশ্ববিদ্যালয়ৰ ৰংঘৰ প্ৰেক্ষাগৃহত অনুষ্ঠিত এক অনুষ্ঠানত উপস্থিত আছিল। আৰক্ষীয়ে হেম চেতিয়াৰ পৰা নগদ ২৭,০০০ টকা উদ্ধাৰ কৰাৰ বিপৰীতে পুষ্পাঞ্জলি গগৈৰ বেগৰ পৰা নগদ ৩ লাখ টকা জব্দ কৰিছিল। ইয়াৰ পাছত আটকাধীন হেম চেতিয়াক অধিক জেৰা কৰাত তেওঁৰ বাসগৃহৰ পৰা পুনৰ এক লাখ টকা উদ্ধাৰ কৰে আৰক্ষীয়ে। আনহাতে, হেম চেতিয়াই আৰক্ষীক পুনৰ টকা থকা বুলি জানিবলৈ দি খোৱাং থানাৰ অন্তৰ্গত তিনিঠেঙীয়ালৈ পুৱতি নিশা লৈ গৈছিল আৰক্ষীক। উক্ত সময়তে চেতিয়াই আৰক্ষীৰ লগত হেঁচা-ঠেলা কৰি পলায়ন কৰাৰ চেষ্টা কৰে আৰু এটা গ্ৰেনেড আৰক্ষীলৈ লক্ষ্য কৰি দলিয়ায়। তেনে সময়তে আৰক্ষীয়ে আত্মৰক্ষাৰ বাবে চেতিয়ালৈ লক্ষ্য কৰি এজাঁই গুলী চলায় আৰু হেম চেতিয়াৰ সোঁ-ভৰিত গুলী লাগে। বৰ্তমানে অসম চিকিৎসা মহাবিদ্যালয়ত চিকিৎসাধীন হৈ আছে চেতিয়া। উক্ত ঘটনাত খোৱাং আৰক্ষী থানাৰ ভাৰপ্ৰাপ্ত বিষয়া ৰাণা নাথ আঘাতপ্ৰাপ্ত হৈ চিকিৎসাধীন হ’ব লগা হৈছে বুলিও দাবী কৰে আৰক্ষী অধীক্ষক শ্বেতাং মিশ্ৰাই। আৰক্ষীয়ে ডিব্ৰুগড় সদৰ থানাত ১২০(এ), ১২০(বি), ১২২ আইপিচি আৰু ইউপিএৰ অধীনত ১০/১১/১৭/১৮ ধাৰাৰ অধীনত ৪০৭/২৩ নম্বৰ গোচৰ আৰু খোৱাং আৰক্ষী থানাত ১২১, ১২০ (বি), ১২১(এ) আৰু ইউপিএৰ অধীনত ১০/১১/১৭/১৮ ধাৰাৰ ৪০/২৩ নম্বৰত এক গোচৰ পঞ্জীয়ন কৰি তদন্ত অব্যাহত ৰাখিছে। ৰাষ্ট্ৰীয় নিৰাপত্তা আইনৰ অধীনত গোচৰ ৰুজু কৰাৰ বিবেচনা কৰা হ’ব বুলি সংবাদ মাধ্যমৰ আগত ডিব্ৰুগড়ৰ আৰক্ষী অধীক্ষক শ্বেটাং মিশ্ৰই জানিবলৈ দিয়ে। আৰক্ষীয়ে গ্ৰেপ্তাৰ কৰা পুষ্পাঞ্জলি গগৈৰ ঘৰ তিনিচুকীয়া জিলাৰ লাইপুলিৰ দিহিং গাঁৱত বুলি জানিব পৰা গৈছে। আনহাতে, হেম চেতিয়াৰ ঘৰ গেলেকী আৰু নাগালেণ্ডতো নিজা ঘৰ থকা বুলি জানিবলৈ দিছে আৰক্ষীয়ে। লগতে হেম চেতিয়া এগৰাকী প্ৰাক্তন আলফা সদস্য বুলি উল্লেখ কৰাৰ লগতে বৰ্তমানেও আলফাৰ সৈতে যোগসূত্ৰ ৰক্ষা কৰি আছিল বুলি কয়। অৱশ্যে উক্ত ধনদাবী আলফাৰ বাবে কৰিছিল নে নিজৰ বাবে কৰিছিল তথা প্ৰকৃত আলফাৰ বাবে হয় নে নহয়, সেয়া আৰক্ষীয়ে তদন্ত কৰি আছে বুলি জানিবলৈ দি এই ঘটনাত আৰু অধিক গ্ৰেপ্তাৰ হ’ব বুলি প্ৰকাশ কৰি ইতিমধ্যে উজনিৰ জিলাকেইখনত আলফাৰ নামত বিভিন্ন প্ৰান্তত ধনদাবীৰ ঘটনা বৃদ্ধি পোৱা বুলি সদৰী কৰে। আনহাতে, আগন্তুক স্বাধীনতা দিৱসৰ পূৰ্বে পুনৰ উজনিত আলফাৰ গতিবিধি বৃদ্ধি পোৱা ঘটনাক আৰক্ষীয়ে গুৰুত্বসহকাৰে লোৱাৰ লগতে ইতিমধ্যে বিভিন্ন প্ৰান্তত নিয়মীয়া তালাচী অব্যাহত ৰখা বুলি জনাইছে।

প্ৰেৰক বিভাস দুৱৰা

You might also like