নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

চিকিৎসক-স্বাস্থ্যকৰ্মীক প্ৰহাৰ কৰা আমগুৰি থানাৰ ভাৰপ্ৰাপ্ত বিষয়া নিলম্বিত

নিয়মীয়া বাৰ্তা,২৫ মেঃ ক’ৰোনা যোদ্ধাৰ স্বীকৃতি প্ৰাপ্ত চিকিৎসক তথা স্বাস্থ্যকৰ্মীৰ এটা গোটক শাৰিৰীক আৰু মানসিক ভাৱে নিৰ্যাতন চলোৱা আমগুৰি থানাৰ ভাৰপ্ৰাপ্ত বিষয়া জনক আজি চিৰাং জিলাৰ আৰক্ষী অধীক্ষকে এক নিৰ্দেশনাৰ জৰিয়তে নিলম্বিত কৰিছে । মেমো নং-চি এইচ আৰ/আৰ অ’/১৪৯/২০২০/৩১৯৮ নিৰ্দেশনাত উল্লেখ কৰা অনুসৰি তৎকালে বলবৎ হোৱাকৈ আমগুৰি থানাৰ ভাৰপ্ৰাপ্ত বিষয়া উপ পৰিদৰ্শক (ইউ বি) সুৰচন্দ্ৰ দলেক নিলম্বিত কৰে। নিলম্বনৰ সময়চোৱাত তেওঁক চিৰাং আৰক্ষী নিৱেশত সংযুক্ত হৈ থকাৰ লগতে অসম আৰক্ষীৰ নিয়ম অনুসৰি প্ৰাপ্য দৰমহা তথা অন্যান্য সুবিধা লাভ কৰিব বুলি নিৰ্দেশনাটোত উল্লেখ কৰে। নিলম্বিত আৰক্ষী বিষয়া জনে কালি সন্ধিয়া আমগুৰি থানাৰ অন্তৰ্গত আমটেকা ক্ষুদ্ৰ প্ৰাথমিক চিকিৎসালয়ৰ চিকিৎসক ডাঃ মাধুৰ্য কাকতি,ফাৰ্মচিষ্ট ৰাজু বড়ো আৰু গাণনিক নিতু দাসক শাৰিৰীক আৰু মানসিক ভাৱে নিৰ্যাতন চলোৱাৰ লগতে নিশাৰ ভাগলৈ তেওঁলোকক থানাত আবদ্ধ কৰি ৰাখিছিল। পাছত জিলাৰ সংবাদ কৰ্মী সকল এই বিষয়ে অৱগত হোৱা বুলি জানিব পাৰি চিকিৎসক আৰু স্বাস্থ্যকৰ্মী সকলক মুকলি কৰি দিয়ে। এই দুৰ্ভাগ্যজনক তথা নিন্দনীয় ঘটনাটো সংবাদ মাধ্যমত প্ৰচাৰিত হোৱাত সমগ্ৰ ৰাজ্যজুৰি তীব্ৰ প্ৰতিক্ৰিয়াৰ সৃষ্টি হয়। চিৰাং জিলা আৰক্ষী অধীক্ষক সুধাকৰ সিঙে বিষয়া জনৰ বিৰুদ্ধে উত্থাপিত অভিযোগৰ তদন্ত কৰি আজি বিষয়া জনক নিলম্বিত কৰে বুলি চিৰাং জিলা তথ্য আৰু জনসংযোগ বিভাগে সংবাদ মাধ্যমক জানিবলৈ দিয়ে ।

You might also like