চিকিৎসকৰ মতে হতাশাত অস্বাভাৱিক আচৰণ অমৰজ্যোতিৰ
নিয়মীয়া বার্তা, ১৭ মেঃ পক্ষাঘাত ৰোগত আক্রান্ত হৈ গুৱাহাটী চিকিৎসা মহাবিদ্যালয় হাস্পতালত (জি এম চি এইচ) চিকিৎসাধীন হৈ থকা অৱস্থাতে ক’ৰোনা ভাইৰাছত আক্রান্ত হোৱা অমৰজ্যোতি ডেকাৰ শেহতীয়া এক টেলিফোনিক বার্তাক লৈ সৃষ্টি হৈছে তীব্র বিতর্ক৷ ক’ৰোনা ৱার্ডত চিকিৎসাধীন হৈ থকা যুৱকজনে মাতৃ আৰু পত্নীলৈ ফোন কৰি তেওঁক চিকিৎসক আৰু নার্ছে ভালদৰে চোৱাচিতা নকৰাৰ লগতে চিকিৎসাৰ ব্যৱস্থা কৰা নাই বুলিও অভিযোগ কৰিছিল৷ অমৰজ্যোতি ডেকাৰ এনে অভিযোগক লৈ সৃষ্টি হোৱা তীব্র প্রতিক্রিয়াৰ পাছত আজি জি এম চি এইচ কর্তৃপক্ষই সমগ্র বিষয়টোত স্থিতি স্পষ্ট কৰি দিছে৷
উল্লেখ্য যে পক্ষাঘাত ৰোগত আক্রান্ত অমৰজ্যোতি ডেকা নিউৰ’লজী বিভাগত চিকিৎসাধীন অৱস্থাত পত্নী আৰু মাতৃয়ে চোৱাচিতা কৰিছিল৷ কিন্তু অমৰজ্যোতি ডেকা ক’ৰোনা পজিটিভ হোৱাৰ পাছত মাতৃ আৰু পত্নীক মহেন্দ্র মোহন চৌধুৰী হাস্পতালত কোৱাৰেণ্টাইন কৰা হয়৷ এনে অৱস্থাত অকলে চিকিৎসাধীন হৈ থকা অমৰজ্যোতি ডেকাই ফোন কৰি মাতৃ আৰু পত্নীক অভিযোগ কৰিছিল যে তেওঁ হাতেৰে ভাত তুলি খাব নোৱাৰে৷ ইয়াৰ বাবে কোনোৱে সহায়ো নকৰে তেওঁক৷ আনকি শৌচাগাৰলৈ যাব নোৱাৰি কাপোৰতে শৌচ–প্রস্রাৱ ওলাই যোৱাৰ কথা উল্লেখ কৰি কৈছিল যে মাতিলে কোনো এগৰাকী নার্ছ ওচৰলৈ নাহে৷ মাত্র খাদ্য দিয়েই আঁতৰি যায় সকলো৷ চামুচেৰে ভাত খাব খুজিলে চামুচখন পৰি যায়, তুলি দিওঁতা কোনো নাই৷ অমৰজ্যোতি ডেকাৰ এনে অভিযোগৰ পাছত আজি ক’ভিড–১৯ ৱার্ডৰ চিকিৎসক আৰু নার্ছে প্রকাশ কৰা মতে, যোৱা ১২ মে’ৰ সন্ধিয়া ক’ভিড–১৯ ৱার্ডলৈ অনা অমৰজ্যোতি ডেকাক তেওঁৰ অসুবিধাসমূহৰ কথা সোধা হৈছিল আৰু তেওঁক কিছু কাউঞ্চেলিঙো কৰা হৈছিল৷ যিহেতু তেওঁৰ শৌচ–প্রস্রাৱ কৰাত অসুবিধা হয়৷ সেয়েহে ডাইপাৰ দিব খোজা হৈছিল যদিও তেওঁ আপত্তি কৰে৷ আনকি তেওঁ ক’ৰোনাত আক্রান্ত নহয় বুলিহে জোৰ দিব ক’ব খোজে৷ এনেদৰে প্রথম নিশা পাৰ কৰা ৰোগীজনে ১৩ মে’ৰ পুৱা সম্পূর্ণ উলংগ হৈ ৱার্ডটোত যেনিয়ে–তেনিয়ে ঘূৰি ফুৰা প্রত্যক্ষ কৰে নার্ছসকলে৷ বিছনাৰ তলত তেওঁ শৌচ–প্রস্রাৱ কৰি এক অবর্ণনীয় পৰিৱেশ সৃষ্টি কৰিছিল৷ বুজাবলৈ চেষ্টা কৰা হৈছিল যদিও নার্ছ আৰু ছুইপাৰসকলক তেওঁ ওলোটাই খঙেৰে গালি–গালাজ কৰাৰ লগতে খেদিও গৈছিল৷
অৱশ্যে ইয়াৰ পাছতো ছুইপাৰৰ দ্বাৰা তেওঁৰ লগতে কোঠাও পৰিষ্কাৰ কৰাৰ পাছত তেওঁক কাউঞ্চেলিঙৰ দ্বাৰা শান্ত কৰা হয়৷ নিচাযুক্ত দ্রব্যৰ প্রতি আসক্তি থকা হেতু শেহতীয়াকৈ তেওঁ কিছু হতাশাত ভুগিছে৷ ইতিমধ্যে তেওঁক মনোৰোগ বিশেষজ্ঞৰ দ্বাৰা কাউঞ্চেলিঙৰ ব্যৱস্থা কৰা হৈছে৷ খোৱা–লোৱাৰ দিশটো চাই থকা হৈছে৷ চামুচ হাতেৰে তুলি ল’ব নোৱাৰাটো সত্য নহয়৷ ম’বাইল ফোন অপাৰেট কৰে তেওঁ হাতেৰে৷ গতিকে চামুচেৰে লাহে লাহে ভাত মুখলৈ নিব পাৰে৷ তেওঁৰ অৱস্থালৈ চাই প্র’টিন পাউডাৰো দিয়া হৈছে৷ কিছু হতাশাত ভোগা বাবে অলপ খঙাল হৈছে যদিও বর্তমান স্বাভাৱিক হৈছে৷ অৱশ্যে তেওঁ নিজকে ক’ৰোনা পজিটিভ বুলি মানি ল’ব নোখোজে৷ ইফালে, অমৰজ্যোতি ডেকাক লৈ সৃষ্টি হোৱা ঘটনা সন্দর্ভত প্রতিক্রিয়া প্রকাশ কৰিছে স্বাস্থ্যমন্ত্রী ড০ হিমন্ত বিশ্ব শর্মাই৷
মন্ত্রীগৰাকীয়ে টুইটযোগে উল্লেখ কৰিছে যে জি এম চি এইচৰ চিকিৎসকসকলে ক’ভিড–১৯ৰ চিকিৎসাৰ ক্ষেত্রত অভাৱনীয় কষ্ট স্কীকাৰ কৰিছে৷ সেয়েহে প্রতিজনলৈ অনুৰোধ যাতে ক’ভিড–১৯ৰ প্রথম শাৰীত কাম কৰা হিচাপে চিকিৎসকসকলৰ প্রতি সন্মান আৰু সহযোগিতা আগবঢ়াওক৷ আনহাতে, ৰাজ্যিক স্বাস্থ্যমন্ত্রী পীয়ূষ হাজৰিকায়ো এইক্ষেত্রত প্রতিক্রিয়া প্রকাশ কৰি কয়– আক্রান্ত ৯১জন ৰোগীৰ ৯০জনেই চিকিৎসকৰ সৈতে সহযোগ কৰিছে৷ একমাত্র অমৰজ্যোতি ডেকাইহে জি এম চি এইচত উৎপাট কৰিছে৷ চিকিৎসালয়ৰ পৰা তেওঁক সকলো ধৰণৰ চিকিৎসা দিয়া হৈছে৷