নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

২২ জুনৰ পৰা শক্তিপীঠ কামাখ্যাত অম্বুবাচী

বিশেষ বাৰ্তা, ৩০ মে’ : শক্তিপীঠ কামাখ্যাত ২২ জুনৰ পৰা অম্বুবাচীৰ মহাযোগ৷ ২২ জুনৰ পুৱা ৮ বাজি ৪৩ মিনিট ৩৯ ছেকেণ্ডত অম্বুবাচীৰ প্রবৃত্তি আৰু ২৬ জুনত ৬ বাজি ৪৬ মিনিটত নিবৃত্তি হ’ব৷ অম্বুবাচী মহাযোগ উপলক্ষে শক্তিপীঠত আৰম্ভ হৈছে বিশেষ প্রস্তুতি৷ কামাখ্যা মন্দিৰৰ অম্বুবাচী মহাযোগ পৰিচালনা সমিতিয়ে প্রকাশ কৰা অনুসৰি, অম্বুবাচীৰ সময়ছোৱাত কামাখ্যা মন্দিৰৰ মূল দুৱাৰ বন্ধ থাকিব৷ কামাখ্যা মন্দিৰৰ দলৈ প্রবীন্দ্র প্রসাদ শর্মাই প্রকাশ কৰা অনুসৰি, অম্বুবাচীৰ এই সময়ছোৱাত মন্দিৰৰ পূজা–পার্বণ সকলো বন্ধ থাকিব৷ আনহাতে ২৬ জুনত নিবৃত্তিৰ পিছতেই মন্দিৰৰ দুৱাৰ খোলা হ’ব আৰু উক্ত দিনাই পৰম্পৰাগতভাৱে দেৱীৰ পূজা–অর্চনা হ’ব৷ অম্বুবাচী উপলক্ষে ইতিমধ্যে পর্যটন বিভাগৰ  সৈতে শেহতীয়াকৈ এখন বৈঠক অনুষ্ঠিত হৈছে৷ এই বৈঠকতে অম্বুবাচী উপলক্ষে দেশ–বিদেশৰ পৰা আহিব লগা সাধু–সন্ন্যাসীক কিদৰে সহায়–সহযোগিতা আগবঢ়োৱা হ’ব, আহাৰ যোগান, পানী যোগান, চাফাই আদি বিষয়ৰ ওপৰতো আলোচনা হয়৷ ইতিমধ্যে কামৰূপ (মহানগৰ) আয়ুক্তই অম্বুবাচীৰ প্রস্তুতি সন্দর্ভত বিস্তৃত পর্যবেক্ষণ আৰু তদাৰক আৰম্ভ কৰিছে বুলি দলৈগৰাকীয়ে জানিবলৈ দিয়ে৷

You might also like