নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

২২ জুনৰ পৰা নীলাচল পাহাৰত অম্বুবাচী মহাযোগ

🔹 ২২ৰ পৰা ২৫ জুনলৈ কামাখ্যা ধামলৈ বন্ধ থাকিব বাহনৰ চলাচল

🔹 ২২ জুনৰ দিনৰ ২.৫৬ বজাত প্রবৃত্তি আৰু ২৬ জুনৰ পুৱতিনিশা ৩.১৯ বজাত নিবৃত্তি

বিশেষ বাৰ্তা, ১৭ জুন : পুৰোহিত দৈৱজ্ঞৰ মন্ত্রোচ্চাৰণ, শংখধ্বনি, ভক্তিপ্রাণ ৰাইজৰ পূজা–অর্চনাৰ মাজেৰে অহা ২২ জুনৰ পৰা নীলাচল পাহাৰৰ কামাখ্যা ধামত অনুষ্ঠিত হ’ব অম্বুবাচী মহাযোগ–২০২৫৷ দেশৰ ৫১খন শক্তিপীঠৰ ভিতৰত শক্তিশালী পীঠ নামেৰে ভক্তিপ্রাণ ৰাইজৰ মাজত পৰিচিতি লাভ কৰা নীলাচল পাহাৰৰ কামাখ্যা ধামত অনুষ্ঠিত হ’বলগীয়া অম্বুবাচী মহাযোগক লৈ প্রস্তুতি ইতিমধ্যে সম্পূর্ণ কৰি তোলা হৈছে৷

অহা ২২ জুনৰ দিনা দুপৰীয়া ২.৫৬ বজাত অম্বুবাচীৰ প্রবৃত্তি আৰম্ভ হ’ব৷ ইয়াৰ লগে লগে ভক্তৰ বাবে বন্ধ হৈ পৰিব কামাখ্যা ধামৰ দ্বাৰ৷ ইয়াৰ পিছত ২৬ জুনৰ পুৱতিনিশা প্রায় ৩.১৯ বজাত অম্বুবাচীৰ নিবৃত্তি হোৱাৰ পাছতে পুৱা ৬ বজাত যথাবিহিত পূজাৰ পাছতে ভক্তিপ্রাণ ৰাইজৰ বাবে পুনৰ মুকলি কৰা হ’ব দেৱীৰ দ্বাৰ৷ অম্বুবাচীৰ কেইদিনত অকল আধ্যাত্মিকতাই নহয়, মহামিলনৰ থলীলৈ ৰূপান্তৰিত হৈ পৰিব শক্তিপীঠ কামাখ্যা ধাম৷ জনশ্রুতি অনুসৰি অম্বুবাচীৰ কেইদিনত দেৱী ৰজস্বলা হয়৷ সেইবাবে এইকেইদিনত মন্দিৰৰ যথাবিহিত পূজা বন্ধ থাকে যদিও তান্ত্রিক সাধনাৰ বাবে উত্তম সময় বুলি গণ্য কৰা হয়৷ সেইবাবেই সম্প্রতি দেশৰ বিভিন্ন প্রান্তৰ সাধু–সন্ন্যাসীৰে ভক্তিচর্চাৰ প্রাণকেন্দ্র হৈ পৰা কামাখ্যা ধামৰ অম্বুবাচী মহাযোগ সুচাৰুৰূপে চলাই নিবলৈ সকলো প্রস্তুতি এতিয়া তুংগত উঠিছে৷

এই সন্দর্ভত বিশদভাৱে আলোচনা কৰিবলৈ বিভিন্ন চৰকাৰী বিভাগৰ বিষয়া, দল–সংগঠনৰ প্রতিনিধিৰ সৈতে কামৰূপ মহানগৰ জিলাৰ আয়ুক্ত কার্যালয়ত এক বৈঠকত মিলিত হয় পর্যটন মন্ত্রী ৰঞ্জিত কুমাৰ দাস৷ কামাখ্যা মন্দিৰৰ ৫ কিলোমিটাৰ ব্যাসার্ধৰ এলেকাৰ বিভিন্ন স্বেচ্ছাসেৱী সংগঠনৰ প্রতিনিধিৰ উপস্থিতিত অনুষ্ঠিত এই বৈঠকত মন্ত্রীগৰাকীয়ে অম্বুবাচী মহাযোগ–২০২৫ যাতে সম্পূর্ণ শৃংখলাবদ্ধ আৰু সুচাৰু ৰূপত তথা আধ্যাত্মিকভাৱে অনুষ্ঠিত কৰিব পৰা যায়, তাৰ বাবে সহায়–সহযোগিতা আগবঢ়াবলৈ স্বেচ্ছাসেৱী সংগঠনৰ প্রতিনিধিসকলক আহ্বান জনায়৷ তেওঁ লগতে পাণ্ডুঘাট, কামাখ্যা ষ্টেচন আদিকে ধৰি বিভিন্ন স্থানত নিয়োজিত হ’বলগীয়া স্বেচ্ছাসেৱকসকলক ভক্তসকলৰ খা–খবৰ লৈ আদৰণি জনোৱাৰ পদক্ষেপ ল’বলৈ আহ্বান জনায়৷ ইয়াৰ লগতে বিভিন্ন ভাণ্ডাৰা, পানী যোগানৰ পইণ্ট আদিত নিয়োজিত হ’বলগীয়া স্বেচ্ছাসেৱকসকলকো ভক্তসকলক উষ্ম আদৰণি জনোৱাৰ বাবে আহ্বান জনায়৷ ইয়াৰ বাবে নিজৰ নিজৰ সুবিধাজনক এলেকা চিনাক্ত কৰি নিজৰ নিজৰ দায়িত্ব পালন কৰিবলৈ তেওঁ আহ্বান জনায়৷

এই বৈঠকত অসম পর্যটন উন্নয়ন নিগমৰ অধ্যক্ষ ৰিতুপর্ণ বৰুৱা, উপাধ্যক্ষ দিলীপ দাস, কামৰূপ মহানগৰ জিলাৰ আয়ুক্ত সুমিত ছত্তাৱান, পর্যটন বিভাগৰ সঞ্চালক ৰণোজ বৰকটকী, কামৰূপ মহানগৰ জিলাৰ উন্নয়ন আয়ুক্ত পাৰিজাত ভূঞা, কেইবাগৰাকীও ৱার্ড কমিছনাৰকে ধৰি বিভিন্ন স্বেচ্ছাসেৱী সংগঠনৰ প্রতিনিধিবর্গৰ লগতে বিভিন্ন বিভাগৰ বিষয়াসকল উপস্থিত থাকে৷ ইয়াৰ পিছতে মন্ত্রীগৰাকীয়ে কামাখ্যা ৰে’ল ষ্টেচনৰ সমীপত স্থাপন কৰিবলগীয়া ভক্তসকলৰ শিবিৰস্থলী পৰিদর্শন কৰি যাৱতীয় নির্দেশনা প্রদান কৰে৷

আনহাতে, অম্বুবাচী মহাযোগৰ সৈতে সংগতি ৰাখি কালি মহানগৰ আৰক্ষী, জিলা প্রশাসন আৰু অম্বুবাচী মহাযোগ পৰিচালনা সমিতিয়ে যুটীয়াভাৱে কামাখ্যা ধামত এখন সংবাদ মেল সম্বোধন কৰে৷ গুৱাহাটীৰ আৰক্ষী আয়ুক্ত ড০ পার্থসাৰথি মহন্তই এই সন্দর্ভত কয় যে সুন্দৰ আৰু সুৰক্ষিতভাৱে অম্বুবাচী মহাযোগ সম্পন্ন কৰিবলৈ সকলো প্রস্তুতি আৰক্ষীয়ে সম্পূর্ণ কৰিছে৷ পূর্বতকৈও অধিক কটকটীয়া কৰা হৈছে নিৰাপত্তা ব্যৱস্থা৷ উল্লেখ্য যে বিগত দুটা বর্ষত ২৩–২৭ লাখ ভক্তই অম্বুবাচীৰ সময়ছোৱাত কামাখ্যা ধাম দর্শন কৰিছিল৷ এইবেলি এই পৰিসংখ্যা অধিক বৃদ্ধি হোৱাৰ সম্ভাৱনা দেখা গৈছে৷ গতিকে সম্ভাব্য ভিৰৰ প্রতি লক্ষ্য ৰাখি মহানগৰ আৰক্ষীয়ে কেতবোৰ নির্দেশনা প্রদান কৰে৷ এই অনুসৰি সম্ভাব্য ভিৰ আৰু ভূমিস্খলনৰ আশংকাৰ পৰিপ্রেক্ষিতত ২২ জুনৰ পৰা ২৫ জুনলৈ পুৱা ৫ বজাৰ পৰা বিয়লি ৬ বজালৈকেহে নীলাচল পাহাৰলৈ ভক্তৰ আগমনৰ অনুমতি থাকিব৷ পাদদেশৰ পৰা মন্দিৰলৈ কেৱল বিশেষ বাহনকহে চলাচল কৰিবলৈ অনুমতি দিয়া হ’ব৷ এইসমূহ বাহন কেৱল অত্যাৱশ্যকীয় সেৱাত নিয়োজিত বিষয়া–কর্মচাৰীসকলে ব্যৱহাৰ কৰিব পাৰিব৷ অত্যধিক ভিৰ আৰু প্রতিকূল বতৰৰ প্রতি লক্ষ্য ৰাখি বয়স্ক ব্যক্তি আৰু কম বয়সীয়া কেঁচুৱাক এইকেইটা দিনত মন্দিৰ দর্শনৰ বাবে নানিবলৈ পৰামর্শ আগবঢ়োৱা হৈছে৷ পাণ্ডুৰ পৰা কামাখ্যালৈ যোৱা পথছোৱা কেৱল জৰুৰীকালীন ক্ষেত্রত ব্যৱহাৰযোগ্য হ’ব৷ এই পথ সাধাৰণ জনতা আৰু ভিআইপি উভয়ৰ বাবে বন্ধ থাকিব৷ অম্বুবাচী মহাযোগৰ সময়ছোৱাত দেৱালয় প্রাংগণত উচ্চ স্বৰৰ সংগীত বা যিকোনো ধৰণৰ কোলাহল আৰু সাংস্কৃতিক শোভাযাত্রা সম্পূর্ণৰূপে নিষিদ্ধ থাকিব৷

২৬ জুনৰ পুৱা মন্দিৰৰ দুৱাৰ পুনৰ মুকলি কৰা হ’ব৷ সেইদিনা দর্শনার্থী ভক্তসকলে বংশীবাগান ময়দানৰ পৰা শাৰী পাতি স্বেচ্ছাসেৱকসকলৰ নেতৃত্বত আগবাঢ়িব লাগিব৷ কামাখ্যা গেট পাদদেশৰ পৰা জোতা বা ছেণ্ডেল পৰিধানৰ অনুমতি দিয়া নহ’ব৷ যিকোনো ধৰণৰ সহায় অথবা জৰুৰীকালীন অৱস্থাত ১২২ নম্বৰত ডায়েল কৰিবলৈ আৰক্ষীয়ে অনুৰোধ জনাইছে৷ আৰক্ষী আয়ুক্ত ড০ মহন্তই কয় যে শেহতীয়াকৈ মহানগৰীৰ বিভিন্ন প্রান্তত ভূমিস্খলনে ভয়ানক পৰিস্থিতিৰ সৃষ্টি কৰিছে৷ ভূমিস্খলন ৰোধৰ বাবে সকলো ব্যৱস্থা চৰকাৰে গ্রহণ কৰিছে যদিও ৰাইজৰ সুৰক্ষাৰ প্রতি দৃষ্টি ৰাখি উক্ত নির্দেশনাসমূহ দিয়া হৈছে৷ সংবাদ মেলত অংশ লৈ কামাখ্যা ধামৰ বৰদলৈ কবীন্দ্র প্রসাদ শর্মাই কয় যে ২৬ জুনৰ পুৱা ৬ বজাৰ পৰা মন্দিৰৰ দ্বাৰ সাধাৰণ দর্শনার্থীৰ বাবে মুকলি কৰা হ’ব যদিও ২৬ আৰু ২৭ জুনত বিশেষ বা ভিআইপি দর্শনৰ সুবিধা নাথাকিব৷ অহা ২৮ জুনৰ পৰাহে এই সুবিধা পুনৰ কার্যকৰী কৰা হ’ব৷ বৃহৎ অনুষ্ঠানটো সুন্দৰভাৱে সম্পন্ন কৰিবলৈ সকলো পক্ষৰ পৰা সহায়–সহযোগিতা তেওঁ কামনা কৰে৷

You might also like