নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

নলবাৰীত ঠিকাদাৰৰ ‘কৃপা’ত ৰাস্তাৰে যাব নোৱাৰে এম্বুলেঞ্চ

বিশেষ বাৰ্তা, ২১ মাৰ্চঃ নলবাৰী জিলাৰ গ্ৰাম্য বাট-পথৰ দুৰৱস্থাই ঠায়ে ঠায়ে অতীষ্ঠ কৰি আহিছে বিভিন্ন লোকক। জিলাখনৰ লোকনিৰ্মাণ (পথ) বিভাগৰ চূড়ান্ত হেমাহি আৰু এচাম ঠিকাদাৰৰ গাফিলতিৰ বাবে আজিও জিলাখনৰ লাখ লাখ লোকে জ্বলাকলা খাবলগীয়া হৈছে।বিশেষকৈ জিলাখনত গ্ৰামাঞ্চলৰ বাট-পথৰ পয়ালগা অৱস্থাই প্ৰতিবাদ-ক্ষোভ কৰিবলৈ বাধ্য হৈ পৰিছে গঞা জনতাই। লক্ষণীয়ভাৱে গ্ৰামোন্নয়নৰ নামত চৰকাৰীভাবে লক্ষ লক্ষ টকা আবণ্টন হোৱাৰ পিছতো জিলাখনৰ নলবাৰী বিধানসভা সমষ্টিৰ অন্তৰ্গত বৃহত্তৰ দক্ষিণ নলবাৰী অঞ্চলৰ গ্ৰাম্য পথসমূহৰ উন্নয়ন নহ’ল। অঞ্চলটোৰ বহুকেইখন গাঁৱৰ ভিতৰুৱা একাধিক পথত দশক দশক ধৰি এচপৰাও মাটি নপৰাৰ অভিযোগ উঠিছে। অঞ্চলটোৰ বহু এলেকাৰ পথ অত্যধিক বোকা-পানীৰে উপচি পৰাৰ  বিপদসংকুল যাতায়াতৰ বাবে ৰাইজক ক্ষুদ্ধ কৰি তুলিছে। অঞ্চলটোৰ গোপালথানৰ পৰা গোসাঁইৰখাট নিজবাঁহজানী মেধিপাৰা সংলগ্ন গ্ৰাম্য পথটো নলবাৰীৰ লোকনিৰ্মাণ (গ্ৰাম্য পথ) বিভাগৰ পৰা ৰাইজৰ বহুদিনীয়া দাবীৰ পিছত পকীকৰণ আঁচনিত অন্তৰ্ভুক্ত হৈছে যদিও কাম আবণ্টন পোৱা জনৈক সৌৰভ তালুকদাৰ নামৰ  ঠিকাদাৰজনে কাম অতি লেহেমীয়া কৰাৰ অভিযোগ উঠিছে। পথৰ দুই কাষে মাটি পেলোৱাৰ পয়মালৰ সৃষ্টি হৈছে। কোনো পৰিপাটী হোৱা নাই কামৰ। বাৰিষা সমাগত। বহু লাখ টকা আবণ্টন হোৱাৰ পিছত পথটোৰ এতিয়ালৈ ত্ৰিশ শতাংশ কামো সম্পূৰ্ণ হোৱা নাই। ইপিনে, পথটোৰ য’তে-ত’তে ট্ৰেক্টৰেৰে মাটি দ’মাই থোৱাত ৰাইজৰ যাতায়াতত ব্যাঘাত জন্মাইছে। ঠিকাদাৰজনে কাম আৰম্ভ কৰাত হেমাহি কৰাৰ অভিযোগ উত্থাপিত হৈছে। কালিৰ এজাক বৰষুণতেই বোকা পানীৰে পৰিপূৰ্ণ হৈ পৰে পথটো কেইবাটাও অংশ। আবেলি একাঁঠু প্ৰায় বোকাত আৱদ্ধ হৈ পৰে এগৰাকী ৰোগী কঢ়িওৱা এখন এম্বুলেঞ্চ। বৰষুণৰ পিছত সৃষ্টি হোৱা মৰণফান্দ বোকাৰ বাবে একপ্ৰকাৰ গৃহবন্দী হ’বলগীয়া হয় গঞা ৰাইজ। বোকাৰ বাবে এতিয়া চাৰিচকীয়া বাহনৰ কথাটো বাদেই ঘৰৰ পৰা বাইক-চাইকেল উলিয়াই নিব নোৱাৰা অৱস্থাৰ সৃষ্টি হৈছে। একপ্ৰকাৰ গৃহবন্দী হৈ থাকিব লগা হৈছে গঞাই। ইয়াৰ বাবে ৰাইজে ধিক্কাৰ দিছে লোকনিৰ্মাণ পথ বিভাগক। কিয়নো খৰালি শুই বহি কটোৱা নলবাৰীৰ লোক নিৰ্মাণ এতিয়া বাৰিষা সময়ত ব্যস্ত হৈ পৰিছে পথ নিৰ্মাণত। উল্লেখ্য, উক্ত পথটো কেইমাহ মান পূৰ্বে মুখ্যমন্ত্ৰী তথা লোকনিৰ্মাণ বিভাগৰ ড০ হিমন্ত বিশ্ব শৰ্মাই নলবাৰীলৈ এক উন্নয়নমূলক অনুষ্ঠানলৈ আহি ভাৰ্চুৱেলী উদ্বোধন কৰিছিল। কিন্তু সুদীৰ্ঘ প্ৰায় দহ মাহ পিছতো পথটোৰ নিৰ্মাণ সম্পূৰ্ণ হৈ নুঠিল। এতিয়া সমাগত লোকসভা নিৰ্বাচন। এনে সময়ত বোকা পানীৰে উপচি পথটোৰে যাতায়াত বন্ধ প্ৰায় হৈ পৰাত ৰাজনৈতিক দলবোৰৰ নিৰ্বাচনী প্ৰচাৰত ব্যাঘাত জন্মিছে। নিৰ্বাচনী প্ৰচাৰৰ সময়তো একংশই পথটোক নিৰ্বাচনী ইচ্যু হিচাপে লৱ বুলি চৰ্চা চলিছে।
প্ৰেৰক অৰূপ ৰঞ্জন বৰ্মন
You might also like