নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

অসম চিকিৎসা মহাবিদ্যালয়ৰ মহিলা চিকিৎসকৰ বিৰুদ্ধে গোচৰ

চাকৰিৰ নামত লাখ লাখ টকা উৎকোচ

নিয়মীয়া বাৰ্তা ৭ ডিচেম্বৰঃ অসম চিকিৎসা মহাবিদ্যালয়ৰ এগৰাকী জ্যেষ্ঠ মহিলা চিকিৎসৰ বিৰুদ্ধে চাকৰিৰ প্রলোভনেৰে উৎকোচ গ্রহণৰ গোচৰ ৰুজু কৰা বুলি জানিব পৰা গৈছে৷ চাকৰিৰ প্রলোভন দি লাখ লাখ টকা লোৱাৰ অভিযোগত চিকিৎসগৰাকীৰ বিৰুদ্ধে গাভৰুপথাৰ আৰক্ষী চকীত আজি এগৰাকী ভুক্তভোগী অমল নাথৰ দ্বাৰা এজাহাৰ দাখিল কৰা হৈছে৷ জ্যেষ্ঠ মহিলা চিকিৎসকগৰাকীৰ ম’বাইলৰ কথোপকথনে ডিব্রুগড়ত ব্যাপক চাঞ্চল্যৰ সৃষ্টি কৰিছে৷ সংবাদ মাধ্যমত প্রকাশ পোৱাৰ পাছত আৰু বহুতো নিবনুৱাই নিজৰ কর্মসংস্থাপনৰ সপোনত মহিলা চিকিৎসকগৰাকীক গাঁঠিৰ ধন দিয়া বুলি সদৰী কৰিছে৷ অভিযোগ অনুসৰি উত্তৰ–পূব সীমান্ত ৰে’লৱেত চাকৰি দিয়াৰ প্রলোভন দেখুৱাই ২২ লাখ টকা সংগ্রহ কৰে ডিব্রুগড় অসম চিকিৎসা মহাবিদ্যালয়ৰ জ্যেষ্ঠ মহিলা চিকিৎসক জনৈক হাজৰিকাই৷ কিন্তু ধন লৈ দৰিদ্র পৰিয়ালকেইটাক চাকৰি দিয়াতো দূৰৰ কথা, ওলোটাই ধন ঘূৰাই বিচাৰোতে ভয়–ভাবুকিহে প্রদান কৰে৷ লগতে মুখ্যমন্ত্রী সর্বানন্দ সোণোৱাল আৰু স্বাস্থ্যমন্ত্রী হিমন্ত বিশ্ব শর্মাৰ সৈতে থকা ফটো দেখুৱাই, তেওঁলোকৰ সৈতে উঠা–বহা কৰা আৰু ঘনিষ্ঠতা থকা বুলি দেখুৱাই বিভিন্ন ধৰণে ভাবুকিহে প্রদান কৰি আহিছিল বুলি ভুক্তভোগীয়ে প্রকাশ কৰিছে৷ দৰিদ্র পৰিয়ালকেইটাই চাকৰি দূৰৰ কথা নিজৰ সাঁচতীয় ধন বিচাৰি হাবাথুৰি খোৱাৰ পাছত উপায়হীন হৈ সংবাদ মাধ্যমৰ কাষ চপাত সমগ্র বিষয়টোৱে সৃষ্টি কৰিছে খলকনি৷ ইপিনে, বাতৰি লিখা পৰলৈ গোচৰ পঞ্জীয়ন হোৱা নাই বুলি জানিব পৰা গৈছে৷

You might also like