নিয়মীয়া বাৰ্তা, ধুবুৰী, ২৯ মে’ : ঈদৰ উছাহৰ মাজতে কালি নিশা ধুবুৰীত এটা উদণ্ড যুৱকৰ দলে এজন যুৱকক নিৰ্মমভাৱে মাৰপিট কৰা ঘটনাই চাঞ্চল্যৰ সৃষ্টি কৰিছে। জানিব পৰা মতে, কালি নিশা ৭.৩০ মান বজাত ধুবুৰী চহৰৰ ১নং ৱাৰ্ডস্থিত ৰাজীৱ ভৱনৰ সমীপৰ জিটিবি ৰোডত ৮-১০ জনীয়া এটা যুৱকৰ দলে এজন যুৱকক মাৰপিট কৰা প্ৰত্যক্ষ কৰি অঞ্চলটোৰ একাংশ লোকে আৰক্ষীক খবৰ দিয়ে।
খবৰ পাই তৎক্ষণাত ঘটনাস্থলীত উপস্থিত হৈ আৰক্ষীৰ এটা দলে যুৱকজনক উদ্ধাৰ কৰে যদিও উদণ্ড যুৱকৰ দলটোৱে পলাই পত্ৰং দিয়ে। ইপিনে, কি কাৰণে দলটোৱে যুৱকজনক মাৰপিট কৰিছে অথবা যুৱকজনৰ পৰিচয় এতিয়ালৈ জানিব পৰা হোৱা নাই যদিও আৰক্ষীৰ তদন্তত সকলো উন্মোচিত হ’ব বুলি আশা কৰা হৈছে।
উল্লেখ্য যে শেহতীয়াকৈ যিকোনো উৎসৱ-পাৰ্বণত ধুবুৰীত এচাম যুৱকৰ উচ্ছৃংখলতা এক স্বাভাৱিক ঘটনাত পৰিণত হ’বলৈ লোৱা দেখা গৈছে আৰু তাৰেই পৰিপ্ৰেক্ষিতত বিষয়টো লৈ আৰক্ষীয়ে কঠোৰ স্থিতি লোৱাৰ প্ৰয়োজনীয়তা থকা বুলিও উচ্চাৰিত হৈছে।