ডিজিটেল ডেস্ক, ২৯ মে’ : উত্তৰপ্ৰদেশত এখন নিৰ্মাণাধীন দলঙৰ এটা অংশ ভাঙি পৰাত ছজন শ্ৰমিকৰ মৃত্যু হয়। শুকুৰবাৰে পুৱতি নিশা ভাঙি পৰে নিৰ্মাণৰত দলংখনৰ এটা অংশ ৷ ফলত ৬জন শ্ৰমিক থিতাতে নিহত হোৱাৰ লগতে আন কেইবাজনো শ্ৰমিক ভাঙি পৰা দলংখনৰ অংশৰ মাজত আবদ্ধ হৈ পৰে ৷ পিছত তেওঁলোকক জীৱিত অৱস্থাত উদ্ধাৰ কৰিবলৈ প্ৰশাসনে অভিযান আৰম্ভ কৰে।
বৃহস্পতিবাৰে গভীৰ নিশা হামিৰপুৰ জিলাত প্ৰচণ্ড ধুমুহা-বতাহ আৰু বৰষুণ হৈছিল। দলংখন বেতৱা নদীৰ ওপৰত নিৰ্মাণ হৈ আছিল, মোৰাকন্দৰ পৰা কানদৌৰ গাঁওলৈকে। প্ৰত্যক্ষদৰ্শীৰ দাবী অনুসৰি, নিশা প্ৰায় ২ বজাত প্ৰচণ্ড ধুমুহা-বৰষুণ আহে। সেই সময়ত দলংখনৰ এটা অংশৰ তলতেই নিৰ্মাণ শ্ৰমিকসকলে শুই আছিল। কিছু সময়ৰ পিছতে তেওঁলোকৰ ওপৰতে ভাঙি পৰে নিৰ্মাণাধীন দলংখনৰ এটা অংশ। ফলত ৬জন শ্ৰমিক থিতাতে নিহত হয়। এই ঘটনাৰ পিছত সেতু নিৰ্মাণ সংস্থাৰ বিৰুদ্ধে শ্ৰমিকসকলৰ সুৰক্ষা ব্যৱস্থাত গাফিলতিৰ অভিযোগ উঠিছে।
ইফালে, খবৰ পোৱাৰ পিছতে ৰাতিয়েই বিপৰ্যয় মোকাবিলা বাহিনীৰ সদস্যসকলে উদ্ধাৰ অভিযান আৰম্ভ কৰে। ইয়াৰ উপৰি আৰক্ষী আৰু স্থানীয় প্ৰশাসনৰ শীৰ্ষ বিষয়াসকলেও উদ্ধাৰ কাৰ্য তদাৰক কৰে। পুৱালৈকে সেই অভিযান অব্যাহত থাকে। ৬জন নিৰ্মাণ শ্ৰমিকৰ মৃতদেহ উদ্ধাৰ কৰা হৈছে যদিও বাকীসকলক উদ্ধাৰ কৰিবলৈ অভিযান অব্যাহত থাকে।
উত্তৰ প্ৰদেশৰ মুখ্যমন্ত্ৰী যোগী আদিত্যনাথে এই দুৰ্ঘটনাত শোক প্ৰকাশ কৰি মৃতকৰ পৰিয়াললৈ ৫ লাখ টকা আৰু আহতসকলক ৫০ হাজাৰকৈ আৰ্থিক সাহায্য প্ৰদান কৰাৰ কথা ঘোষণা কৰিছে ।