নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

নন্দ-যশোদাৰ ভাওত ইছলামধৰ্মী দম্পতী আমিৰ-জোনমণি

বিশেষ বাৰ্তা, ২৭ নৱেম্বৰঃ বিশ্বনাথ ৰাস মহোৎসৱ উপলক্ষে এইবাৰ লোকে লোকাৰণ্য হৈ পৰিছে ৰেলগেটৰ ৰাস বাকৰি।অভিনৱ আৰু বিতৰ্ক বৰ্জিত পৰিৱেশ ৰচনাৰে এইবাৰ এই ৰাস মহোৎসৱে ৰাজ্যত সমন্বয়ৰ বাৰ্তা বিলাবলৈ সক্ষম হৈছে।ভগবান শ্ৰীকৃষ্ণৰ ৰাসলীলা কেৱল নিদিষ্ট ধৰ্মাৱলম্বীৰ মাজতে সীমাবদ্ধ নহয়,বৰঞ্চ কৃষ্ণ সংস্কৃতিৰ এই সাৰ্বজনীন ৰাস ইছলামধৰ্মী অথবা আন ধৰ্মৰ অভিনেতা অভিনেত্ৰীৰ বাবেও উন্মুক্ত।এয়া প্ৰতিপন্ন হ’ল বিশ্বনাথৰ উত্তৰ চাৰিআলি ৰাস উৎসৱ সমিতিয়ে আয়োজন কৰা বিশ্বনাথ ৰাস মহোৎসৱত। সাম্প্ৰদায়িকতাৰ প্ৰাচীৰ নেওচি সাংবাদিক আমিৰ খান আৰু তেওঁৰ পত্নী জোনমনি বেগমে বিশ্বনাথ ৰাস মহোৎসৱৰ নন্দোৎসৱ নাটিকাত নন্দ আৰু যশোদাৰ ভাওত অবতীৰ্ণ হৈছে। সাংবাদিক আমিৰ খান আৰু পত্নী জোনমনি বেগমৰ এই অভিনয়ে প্ৰকৃতাৰ্থত এই কথাই নিৰ্ণয় কৰে যে অসমত একতাৰ এনাজৰীডাল দলিয়াই পেলোৱাটো সহজ নহয়।ইতিমধ্যে ৰসময় হৈ উঠা নন্দোৎসৱৰ নন্দ যশোদাৰ প্ৰাণস্পৰ্শী অভিনয় আৰু কোলাত শিশু কৃষ্ণক তুলি লৈ সাংবাদিক আমিৰ-জোনমনিৰ নৃত্য-গীতৰ পৰিবেশে কল্পিত ব্ৰজধামত আনন্দৰ জোৱাৰ তোলে।সাতামপুৰুষীয়া সম্প্ৰীতিৰ স্বাক্ষৰ বহন কৰি সাম্প্ৰদায়িক বিষয়বাষ্পৰ মাজতো আমিৰ-জোনমনিৰ দৰে উত্তৰ চাৰিআলি সাৰ্বজনীন ৰাস সমিতিয়েও এনে অভূতপূৰ্ব পদক্ষেপৰে সাহসৰ পৰিচয় দিবলৈ সক্ষম হৈছে।সাংবাদিক দম্পতীৰ মতে কৃষ্ণ সংস্কৃতিৰ লগত একত্ৰিত হোৱাৰ লগতে তেওঁলোকে নিজকে স্বাভিমানী অসমীয়া হিচাপে পৰিচয় দি গৌৰৱ অনুভব কৰে।পেছাত সাংবাদিক আমিৰে ধৰ্মীয় অসহিষ্ণুতাৰ মাজতো যে সাম্প্ৰদায়িক সদ্ভাৱ আৰু ভাতৃত্ববোধ অটুট ৰাখিছে,সেয়া ৰাসৰ অভিনয় আৰু সমিতিৰ উদাৰতাই প্ৰতিপন্ন কৰিছে বুলি অভিহিত কৰিছে।কেবল আমিৰ দম্পতীয়ে নহয়,হামিদা খাতুন নামৰ শিল্পীগৰাকীয়ে গুৰু বন্দনা,কৃষ্ণ বন্দনা অথবা অন্যান্য গীত বিগত ২৫ বছৰ ধৰি বিশ্বনাথ ৰাস মহোৎসৱত পৰিবেশন কৰি ৰাইজৰ সমাদৰ লাভ কৰিবলৈ সক্ষম হৈছে।সমন্বয় কেবল চৰ্বিত -চৰ্বনৰ বিষয় নহয়,এয়া যে সম্প্ৰীতিৰ পূৰ্ণ নিদৰ্শন,সেয়া প্ৰতিফলিত হৈছে বিশ্বনাথ ৰাস মহোৎসৱত।বিশ্বনাথৰ দৰে এখন নগৰৰ পৰা দেশপ্ৰাণ লক্ষ্মীধৰৰ চিৰাজ’ৰ দৰে অনুপম গল্পৰ পটভূমিৰ যেন পুনৰ সৃষ্টি হৈছে একেখন ঠাইতে।সেয়া ইতিমধ্যে সমগ্ৰ ৰাজ্যতে বিয়পি পৰিছে। ইফালে যোৱা নিশা বিশ্বনাথ ৰাস মহোৎসৱৰ ৰাস ভাগ উদ্বোধন কৰে বিশ্বনাথৰ বিধায়ক প্ৰমোদ বৰঠাকুৰে। অনুষ্ঠানত মুখ্য অতিথি হিচাবে অংশ গ্ৰহণ কৰে জ্যেষ্ঠ সাংবাদিক তথা নিউজ লাইভৰ কাৰ্যবাহী সম্পাদক নন্দন প্ৰতিম শৰ্মা বৰদলৈয়ে। অনুষ্ঠানত বিশিষ্ট সমাজকৰ্মী অকণ শইকীয়াক সম্বৰ্ধনা জনোৱা হয়। বৰপেটাৰ আতচ বাজী প্ৰদৰ্শনৰ পিছতে যোৱা নিশা গুৰু বন্দনা, অনন্ত শয্যা, দৈৱকীৰ বিবাহ ,নন্দোৎসৱ,পুতনা বধ, কালীয় দমন নাটিকা ই ৰাইজক আপ্লুত কৰে। ইয়াৰ পিছতে সু শোভিত বৃন্দাৱনত প্ৰদৰ্শিত হয় শ্ৰীমন্ত শংকৰ দেৱ বিৰচিত কেলি গোপাল নাট। এই ৰাস মহোৎসৱত হাজাৰ হাজাৰ দৰ্শকৰ সঁহাৰিয়ে গণ উৎসৱলৈ পৰিণত কৰিছে।

প্ৰেৰক জয়ন্ত বৰা

You might also like