নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

গুৱাহাটীত ‘অগ্রগামী অসম’ অনুষ্ঠানত গৃহমন্ত্রী অমিত শ্বাহঃ অসমৰ ভাষা–সংস্কৃতি–সভ্যতাৰ ৰক্ষাৰ যুঁজ হ’ব এই বিধানসভা নির্বাচন

নিয়মীয়া বাৰ্তা ১৬ মাৰ্চঃ  অসমৰ সভ্যতা–সংস্কৃতিক বাধা দিয়াৰ চেষ্টা চলিছে৷ যদি ভোটদানৰ ক্ষেত্রত নামমাত্রও ভুল হয়, তেন্তে অস্তিত্বৰ সন্মুখীন হ’ব অসমৰ সংস্কৃতি–সভ্যতা৷ অসম মাত্র এটুকুৰা ভূমি নহয়৷ বছৰ বছৰ ধৰি বৈ অহা প্রৱাহিত সংস্কৃতিৰ ধাৰা, এইখন কোনো ৰাজনৈতিক ক্ষেত্র নহয়, অসম হ’ল শ শ বছৰ ধৰি সংস্কৃতি আৰু সভ্যতাক লগত লৈ লাহে লাহে বর্ধিত পৰিৱেশলৈ অহা এখন ৰাজ্য৷ –প্রথম পর্যায়ৰ নির্বাচনৰ প্রাক্ক্ষণত আজি এইদৰে মন্তব্য কৰিলে কেন্দ্রীয় গৃহমন্ত্রী অমিত শ্বাহে৷ শ্রীমন্ত শংকৰদেৱ কলাক্ষেত্রত বিজেপিৰ সামাজিক মাধ্যমৰ কার্যকর্তাসকলক লৈ অনুষ্ঠিত অগ্রগামী অসম শীর্ষক অনুষ্ঠানত আজি উদাত্ত ভাষণ প্রদান কৰি কেন্দ্রীয় গৃহমন্ত্রীগৰাকীয়ে এই মন্তব্য কৰি কয়– সংস্কৃতি আৰু কৃষ্টিৰ ধাৰা প্রৱহমান হৈ থকা অসমৰ এই নদীখনক যদি কোনোবাই বাধা দিব খোজে, কোনোবাই যদি ইয়াক শুকাই নিয়াৰ চেষ্টা চলায়, তেন্তে তাৰ উচিত প্রত্যুত্তৰ দিব লাগিব৷ এই সংস্কৃতিৰ নদীখনক কোনো কাৰণতে শুকাবলৈ দিয়া নহ’ব৷ অসমৰ সংস্কৃতিক সুৰক্ষা দিয়াৰ দায়িত্ব আমাৰ প্রতিজনৰে৷ ভাৰতীয় সংবিধানত এই দায়িত্ব গ্রহণৰ মাধ্যম হৈছে নির্বাচন৷ নির্বাচনৰ দ্বাৰা এখন চৰকাৰ গঠন হয়৷ ৰাজনৈতিক দলসমূহৰ মূল উদ্দেশ্য হৈছে চৰকাৰ গঠনৰ জৰিয়তে এই দায়িত্বসমূহ পূৰণ কৰা৷ অসমত বিজেপি, কংগ্রেছ আৰু এ আই ইউ ডি এফৰ নির্বাচনী প্রতিদ্বন্দ্বিতা হ’ব৷ কিন্তু আপোনালোকে ভালদৰে লক্ষ্য কৰক অসমত এইবাৰ তিনিকোণীয়া প্রতিদ্বন্দ্বিতা নহয়৷ এ আই ইউ ডি এফৰ কোলাত উঠিছে কংগ্রেছ৷ সেয়েহে অসমৰ জনতাই এইবাৰ সিদ্ধান্ত ল’ব লাগিব শ্রীমন্ত শংকৰদেৱে প্রতিষ্ঠা কৰিব খোজা অসমখনক কোনে গঢ় দিব৷ এই দায়িত্ব নিশ্চিতভাৱে গ্রহণ কৰিব বিজেপি আৰু মিত্রজোঁটে৷ মহাপুৰুষ শ্রীমন্ত শংকৰদেৱৰ সপোন সার্থক কৰিব পাৰিবনে? বীৰ লাচিত বৰফুকনৰ সেই সাহসিকতা আগুৱাই নিব পাৰিবনে? অসমৰ সভ্যতা–সংস্কৃতি ৰক্ষাৰ যুঁজ এই নির্বাচন৷ অসমৰ ভাষা–সাহিত্য–কৃষ্টি ৰক্ষা কৰিব পাৰিব একমাত্র বিজেপিয়ে৷ কংগ্রেছে এতিয়াও মহাপুৰুষ শ্রীমন্ত শংকৰদেৱ আৰু মহাপুৰুষ মাধৱদেৱৰ সপোনৰ অসম কেতিয়াও প্রতিষ্ঠা কৰিব নোৱাৰে, বীৰ লাচিতৰ সৌর্য–বীর্যক কেতিয়াও প্রতিষ্ঠা কৰিব নোৱাৰে৷ অসম আন্দোলনত সর্বস্ব ত্যাগ কৰা শ্বহীদসকলৰ বাবে কংগ্রেছে থিয় দিব নোৱাৰে৷ অসমৰ বিদেশী প্রব্রজন কেতিয়াও ৰোধ কৰিব নোৱাৰে কংগ্রেছে৷ এই নির্বাচন সিদ্ধান্তৰ সময়৷ কোনে অসমক বিদেশীৰ পৰা মুক্ত কৰিব পাৰিব, কোনে অসমৰ সংস্কৃতি–কৃষ্টি ৰক্ষা কৰিব পাৰিব৷

উল্লেখ্য যে ৰাজ্যিক বিজেপিয়ে আয়োজন কৰা অগ্রগামী অনুষ্ঠানৰ জৰিয়তে মুখ্যতঃ ৰাজ্যৰ ভিন্ন প্রান্তত থকা বিজেপিৰ কার্যকর্তা তথা সমর্থকসকলক ভার্চুৱেলযোগে পোনপটীয়াকৈ যোগাযোগ কৰা৷ ইয়াৰ জৰিয়তে বিজেপিৰ লক্ষ্য আৰু উদ্দেশ্যক প্রতিগৰাকী সমর্থকৰ ওচৰলৈ লৈ যোৱা৷ কেন্দ্রীয় গৃহমন্ত্রী অমিত শ্বাহে আনুষ্ঠানিকভাৱে এই কার্যক্রম আৰম্ভ কৰি আজি কার্যকর্তাসকলক উদ্দেশ্যি কয়– অসমৰ সুৰক্ষিত ভৱিষ্যৎ কোনে ৰক্ষা কৰিব পাৰিব৷ তাক নির্ণয় কৰাৰ দায়িত্ব অসমবাসীৰ ওচৰলৈ নিব লাগিব৷ কংগ্রেছ–এ আই ইউ ডি এফে ভোটবেংকৰ স্বার্থত বিগত ১৫ বছৰে কৰি অহা অসমধ্বংসী কার্যকলাপক প্রতিগৰাকী ভোটাৰৰ ওচৰলৈ নিয়াৰ দায়িত্ব বিজেপিৰ কার্যকর্তাসকলৰ৷ অসমত ভাষা–সংস্কৃতি–কৃষ্টি ৰক্ষাৰ ক্ষেত্রত বিজেপিয়ে যি লক্ষ্য আৰু উদ্দ্যেশ্য দাঙি ধৰিছে, তাক ৰাইজৰ ওচৰলৈ লৈ যোৱাৰ পাছত ভোটাৰ ৰাইজে সিদ্ধান্ত ল’ব অসমত পৰৱর্তী চৰকাৰ কোনে প্রতিষ্ঠা কৰিব৷ সুদৃঢ় অসম প্রতিষ্ঠা কোনে কৰিব পাৰিব, সেই সিদ্ধান্ত ল’ব ভোটাৰ ৰাইজে৷ অমিত শ্বাহে তেওঁৰ ভাষণত কয়– অসমক এক নিশ্চিত সুৰক্ষাৰ দিশলৈ লৈ যোৱাৰ বাবে বিজেপি আৰু মিত্রদলে মুখ্যতঃ পাঁচটা লক্ষ্য বান্ধ লৈছে৷ সেয়া হ’ল– সুৰক্ষা আৰু সন্মান, সংস্কৃতি আৰু সভ্যতা, সমৃদ্ধি আৰু বান্ধোন, শান্তি আৰু সংবাদ, স্বনির্ভৰশীলতা৷ এই পাঁচটা লক্ষ্যক লৈ বিজেপিয়ে অসমক আগুৱাই নিয়াৰ সংকল্প লৈছে৷ এই পাঁচ লক্ষ্য বিজেপিয়ে অসমৰ প্রতিটো ঘৰলৈ প্রতিজন লোকৰ ওচৰলৈ লৈ যাব আৰু এই লক্ষ্যৰ আধাৰতেই অসমৰ ৰাইজে পৰৱর্তী চৰকাৰক নির্বাচিত কৰিব৷ কংগ্রেছ আৰু এ আই ইউ ডি এফক তীব্র সমালোচনা কৰি অমিত শ্বাহে কয়– আজিৰ তাৰিখত শুই থকা যিকোনো এজন লোকক জগাই দি সোধক অসমৰ সভ্যতা–সংস্কৃতি কোনে ৰক্ষা কৰিব পাৰিব৷ উত্তৰ আহিব– বিজেপিয়ে৷

কংগ্রেছে কোনো কাৰণতে অসমক সুৰক্ষিত কৰিব নোৱাৰে৷ যদি কংগ্রেছ আৰু এ আই ইউ ডি এফৰ জোঁটবন্ধন ক্ষমতালৈ আহে, তেন্তে বিদেশী প্রব্রজনে অসমৰ সংস্কৃতি আৰু সভ্যতাক ভৰিৰে গচকি নিশ্চিহ্ণ কৰিব৷ একমাত্র বিজেপিয়েহে অসমক সকলো দিশৰ পৰা সুৰক্ষিত কৰিব পাৰিব৷ ধর্মনিৰপেক্ষতাৰ শ্লোগান দি অহা কংগ্রেছে আজি এ আই ইউ ডি এফৰ সৈতে মিত্রতা কৰাৰ বাবে লাজ পাব লাগে৷ এই দলটোৱে এফালে ধর্মনিৰপেক্ষতাৰ কথা কয়, আনফালে মিত্রতা কৰে এ আই ইউ ডি এফৰ লগত৷ সেয়াই নহয়, অসমত এ আই ইউ ডি এফৰ বোকোচাত উঠা কংগ্রেছে কেৰালাত মুছলিম লীগৰ সৈতে, পশ্চিমবংগত আই এছ এফৰ সৈতে মিত্রতাৰ বান্ধোনত আছে৷ এয়া কেনেধৰণৰ কংগ্রেছৰ নিৰাপত্তা, সেয়া সকলোৱে বুজিছে৷ আজি অসমৰ ভাষা–সংস্কৃতিৰ বিৰুদ্ধে বদৰুদ্দিন আজমলে মাত মাতি অহাৰ পাছতো যথেষ্ট নৰম কংগ্রেছ৷ তেওঁলোকে আজমলক অসমবিৰোধী ভাষা নিয়ন্ত্রণ কৰিবলৈ কয়৷ কিন্তু আজমলৰ সংগ এৰিব নোখোজে– এয়া কেনেধৰণৰ অসমপ্রীতি৷ আজমলৰ ভাষা সদায়ে অসমৰ ভাষা–সংস্কৃতিৰ বিৰোধী৷ সেয়া কংগ্রেছে আগৰ পৰাই জানে৷ কিন্তু এয়া জানিও আজমলৰ কোলাত উঠিছে কংগ্রেছে৷ অসমৰ জনতাক এইদৰে মূর্খ বনাব নোৱাৰে৷ প্রয়াত তৰুণ গগৈয়ে হু ইজ বদৰুদ্দিন বুলি কৈ নির্বাচন জিকিছিল৷ কিন্তু তেওঁৰ পুত্রই আজি আজমলৰ সৈতে সভা শুৱনি কৰে৷ আজি অসমৰ সত্রৰ মাটি বেদখলমুক্ত কৰিছে বিজেপিয়ে৷

যোৱা ১৫ বছৰে এই বেদখল চকুত নপৰিল কংগ্রেছৰ৷ কিয়নো সেয়া আছিল কংগ্রেছৰ ভোটবেংক৷ ইফালে নতুনকৈ গঠন হোৱা অসম জাতীয় পৰিষদ আৰু ৰাইজৰ দলক কটাক্ষ কৰি অমিত শ্বাহে কয়– অসম আন্দোলনৰ যুৱকসকলক কোনে গুলীয়াইছিল? সেই উত্তৰ হ’ল– কংগ্রেছ৷ অসমৰ যুৱকসকলক গুলীওৱা সেই কংগ্রেছক সহায়ৰ বাবে আগবাঢ়ি আহিছে আন্দোলনকাৰীসকল৷ যোৱা ৩০টা বছৰে আন্দোলনকাৰীসকলে কংগ্রেছক হৰুৱাব পাৰিলেনে? কিন্তু এইসকল আন্দোলনকাৰীয়ে এতিয়া দল গঠন কৰি বিজেপিক হৰুৱাবলৈ উঠিপৰি লাগিছে৷ আজি বিজেপি চৰকাৰৰ কার্যকালত উন্নয়নৰ ধাৰা সৃষ্টি কৰিছে৷ ৰাজ্যত বিগত পাঁচ বছৰৰ বিজেপিৰ কার্যকালত ২০ হাজাৰ কিলোমিটাৰ পথ পকী হ’ল৷ অসমত নতুনকৈ সাতখনকৈ চিকিৎসা মহাবিদ্যালয় স্থাপন হ’ল, ব্রহ্মপুত্রৰ ওপৰত ছখনকৈ দলং নির্মাণৰ কার্যসূচী আৰম্ভ হ’ল৷ অসমৰ ৰাইজে এইবাৰ বিচাৰিছে সন্ত্রাসমুক্ত, বানমুক্ত, আন্দোলনমুক্ত, বিদেশীমক্ত পৰিৱেশ৷ এই পৰিৱেশৰ বাবেই ৰাইজে ভোট দিব৷ বিজেপিয়ে অসমক বানমুক্ত, সন্ত্রাসমুক্ত, আন্দোলনমুক্ত, বিদেশীমুক্ত আৰু কার্ফিউমুক্ত অসম দিয়াৰ বাবে প্রতিশ্রুতিবদ্ধ৷ সেয়েহে এই নির্বাচন হ’ব দেশৰ জি ডি পিত স্বাধীনতাৰ পূর্বে অসমে দিয়া বৰঙণি ঘূৰাই অনাৰ নির্বাচন৷

উল্লেখ্য যে সোমবাৰে অগ্রগামী অসমৰ কার্যসূচীত ভাগ লোৱাৰ পূর্বে কেন্দ্রীয় গৃহমন্ত্রীগৰাকীয়ে ৰাজ্যৰ উন্নয়নৰ এক ছবি লৈ এখন ছেলফিও উঠে৷ আনহাতে, অনুষ্ঠানৰ সৈতে সংহতি ৰাখি অমিত শ্বাহে যোৰহাট, নলবাৰী, শিলচৰ আৰু তেজপুৰৰ সামাজিক মাধ্যমত দলটোৰ হৈ প্রচাৰ চলোৱা কার্যকর্তাসকলৰ সৈতে ভার্চুৱেল মাধ্যমযোগে বার্তালাপো কৰে৷ এই অনুষ্ঠানতে কার্যকর্তাসকলে গৃহমন্ত্রীগৰাকীক ৰাজ্যৰ সামাজিক, অর্থনৈতিক, ৰাজনৈতিক আৰু সাংস্কৃতিক আদি কৰি বিভিন্ন ক্ষেত্রভিত্তিক মত দাঙি ধৰাৰ লগতে পোনপটীয়াকৈ প্রশ্ণ উত্থাপন কৰে৷ আজিৰ অনুষ্ঠানত কেন্দ্রীয় ড’নাৰ মন্ত্রী তথা নির্বাচনী সহঃ তত্ত্বাৱধায়ক জিতেন্দ্র সিং, ৰাষ্ট্রীয় উপ–সভাপতি তথা অসমৰ প্রভাৰী বৈজয়ন্ত জয় পাণ্ডা, ৰাষ্ট্রীয় সাধাৰণ সম্পাদক তথা সাংসদ দিলীপ শইকীয়া, ৰাজ্যসভাৰ সাংসদ ভুবনেশ্বৰ কলিতা, গুৱাহাটীৰ সাংসদ কুইজ ওজাকে ধৰি কেইবাজনো দলৰ জ্যেষ্ঠ নেতা উপস্থিত থাকে৷

You might also like