ৰাজ্যিক বিজেপিৰে বিধানসভা নির্বাচনক লৈ আজি অমিত শ্বাহৰ গুৰুত্বপূর্ণ বৈঠক
তিনিদিনীয়া ব্যস্ত কার্যসূচীৰে গুৱাহাটীত কেন্দ্রীয় গৃহমন্ত্রী
নিয়মীয়া বাৰ্তা ২৬ ডিচেম্বৰঃ কৰিমগঞ্জৰ কার্যনির্বাহকৰ জৰিয়তে বিধানসভা নির্বাচনৰ ৰণশিঙা বজোৱা ৰাজ্যিক বিজেপিৰ২০২১ৰ প্রস্তুতিৰ তদাৰক কৰিবলৈ শুকুৰবাৰে নিশা গুৱাহাটীত উপস্থিত হ’ল কেন্দ্রীয় গৃহমন্ত্রী তথা দলটোৰ শীর্ষ ৰাষ্ট্রীয় নেতা অমিত শ্বাহ৷ আগন্তুক বিধানসভা নির্বাচনত ৰাজ্যিক বিজেপিৰ ৰণনীতি কি, একক সংখ্যাগৰিষ্ঠতা লাভৰ বাবে কি কার্যসূচীৰে দল আগবাঢ়িছে, সেই সন্দর্ভত বিস্তৃত তথ্য সংগ্রহৰ উদ্দেশ্যে তিনিদিনীয়া কার্যসূচী লৈ গুৱাহাটীত উপস্থিত হোৱা অমিত শ্বাহৰ সৈতে কাইলৈ ৰাজ্যিক বিজেপিৰ এক গুৰুত্বপূর্ণ বৈঠক অনুষ্ঠিত হ’ব৷ কেইবাটাও চৰকাৰী কার্যসূচীত ভাগ লোৱাৰ অন্তত ৰাজ্যিক বিজেপিৰ শীর্ষ নেতৃত্বৰে অনুষ্ঠিত হ’ব লগা এই বৈঠকতে গৃহমন্ত্রীগৰাকীৰ উপস্থিতিতে নির্ধাৰণ কৰা হ’ব নির্বাচনী ৰণকৌশল৷ নির্বাচনৰ প্রাক্ক্ষণত অমিত শ্বাহৰ এই আগমনক লৈ ৰাজ্যিক বিজেপিত এতিয়া চলিছে বিশেষ ব্যস্ততা৷ যোৱা সময়ছোৱাত একাধিক সাংগঠনিক সভাৰে দলীয় কর্মীক ব্যস্ত কৰি ৰখা ৰাজ্যিক নেতৃত্বই কি পৰিকল্পনাৰে আগবাঢ়িছে, সেই সন্দর্ভতো অমিত শ্বাহে ল’ব সবিশেষ তথ্য৷ ইয়াৰ বাবে শ্বাহে মুখ্যমন্ত্রী সর্বানন্দ সোণোৱাল, ‘নেডা’ৰ আহ্বায়ক ড০ হিমন্ত বিশ্ব শর্মা, ৰাষ্ট্রীয় সাংগঠনিক সম্পাদক অজয় জামৱাল, ৰাজ্যিক সভাপতি ৰঞ্জিত দাস আৰু সাংগঠনিক সম্পাদক ফণীন্দ্রনাথ শর্মাৰ সৈতে পৃথকে পৃথকে আলোচনাত মিলিত হ’ব৷ গৃহমন্ত্রী অমিত শ্বাহৰ ভ্রমণসূচী সন্দর্ভত ৰাজ্য চৰকাৰৰ জ্যেষ্ঠ মন্ত্রী ড০ হিমন্ত বিশ্ব শর্মাই জানিবলৈ দিয়া মতে, আজি চৰকাৰী কার্যসূচীৰ পাছতেই ৰাজ্যিক বিজেপিৰ সৈতে অমিত শ্বাহে এক গুৰুত্বপূর্ণ বৈঠকত মিলিত হ’ব৷ এই বৈঠক হ’ব সম্পূর্ণ নির্বাচনকেন্দ্রিক৷ মুখ্যতঃ এই বৈঠকৰ জৰিয়তে দলে আনুষ্ঠানিকভাৱে বিধানসভা নির্বাচনৰ বাবে নামি পৰিব৷ ইফালে বিজেপিৰ এক শীর্ষ সূত্রই জানিবলৈ দিয়া মতে, কাইলৈ হ’ব লগা বৈঠকত বিধানসভা নির্বাচনৰ বাবে বিস্তৃত ৰণকৌশল প্রস্তুত কৰা হ’ব৷
সমান্তৰালভাৱে কি কি পৰিকল্পনাৰে দলে নির্বাচনী অভিযান আৰম্ভ কৰিব, সেই সন্দর্ভতো অমিত শ্বাহে ৰাজ্যিক বিজেপিক মন্ত্রণা দিব৷ অমিত শ্বাহে কাইলৈ মিত্রদল অগপ, ৰাভা যৌথ মঞ্চ আৰু গণ শক্তিৰ নেতৃত্বৰ সৈতেও এক পৃথক বৈঠকত ভাগ ল’ব৷ বিশেষকৈ নির্বাচনত মিত্রদলৰ ভূমিকা তথা আসন বুজাবুজি সন্দর্ভতো এই বৈঠকত প্রাৰম্ভিক পর্যায়ৰ কেতবোৰ সিদ্ধান্ত গ্রহণ কৰা হ’ব৷ মন্ত্রী ড০ শর্মাই এই সন্দর্ভত প্রকাশ কৰা মতে, মিত্রদলৰ সৈতে হ’ব লগা বৈঠকত নিশ্চিতভাৱে নির্বাচনৰ বিষয়সমূহ আলোচনা হ’ব৷ আনহাতে, অমিত শ্বাহক আজি সাক্ষাৎ কৰিব লক্ষীপুৰ আৰু জোনাই সমষ্টিৰ বিধায়ক ক্রমে ৰাজদীপ গোৱালা আৰু ভুবন পেগুৱে৷ এই দুয়োজন বিধায়কৰ সৈতে গৃহমন্ত্রীগৰাকীৰ বৈঠকৰ সময়সূচী স্থিৰ হোৱা নাই যদিও এই কার্যসূচী নিশ্চিত৷ উল্লেখ্য যে বিজেপিত যোগদানৰ বাবে কুচকাৱাজ চলাই থকা হেতু অলপতে বিধায়ক ৰাজদীপ গোৱালাক কংগ্রেছে দলৰ পৰা বহিষ্কাৰ কৰা হৈছে৷ আনহাতে, গণ শক্তিৰ অন্যতম নেতা ভুবন পেগুৱে বিজেপিত যোগদান কৰিব বুলি দীর্ঘসময়ৰ পৰা চর্চা চলি আছে৷ আনহাতে, কংগ্রেছ দলৰ পৰা পদত্যাগ কৰা প্রাক্তন মন্ত্রী তথা গোলাঘাটৰ বিধায়িকা অজন্তা নেওগেও অমিত শ্বাহক সাক্ষাৎ কৰাৰ সম্ভাৱনা আছে৷ তদুপৰি এন ডি এৰ নতুন সহযোগী ইউ পি পি এলৰ নেতা প্রমোদ বড়োৱেও অমিত শ্বাহক সাক্ষাৎ কৰিব৷ বিটিচিৰ ২৩গৰাকী পাৰিষদক লৈ প্রমোদ বড়োৱে অমিত শ্বাহক সাক্ষাৎ কৰিব৷ ইয়াৰ পূর্বে কাইলৈ কেন্দ্রীয় গৃহমন্ত্রীগৰাকীয়ে ৰাজ্যৰ আইন–শৃংখলা সন্দর্ভত মুখ্যমন্ত্রী সর্বানন্দ সোণোৱালৰ সৈতে এক জৰুৰী বৈঠকত ভাগ ল’ব৷ মুখ্যমন্ত্রী সোণোৱালৰ লগতে বৈঠকত উপস্থিত থাকিব মুখ্য সচিব জিষ্ণু বৰুৱা, আৰক্ষী সঞ্চালকপ্রধান ভাস্কৰজ্যোতি মহন্ত আৰু গৃহ বিভাগৰ শীর্ষ বিষয়াসকল৷ ২৬ ডিচেম্বৰৰ কার্যসূচীৰ পাছত ২৭ ডিচেম্বৰত কামাখ্যা দর্শন কৰি মণিপুৰলৈ উৰা মাৰিব কেন্দ্রীয় গৃহমন্ত্রী অমিত শ্বাহ৷ ইম্ফলত গৃহমন্ত্রীগৰাকীয়ে নাগৰিক সমাজৰ সৈতে এক আলোচনাত মিলিত হ’ব৷ মুখ্যতঃ এন এছ চি এনে দাবী কৰি থকা বৃহত্তম নাগালিমত মণিপুৰৰ বহু অঞ্চল অন্তর্ভুক্ত কৰাৰ বাবে সৃষ্টি হোৱা বিতর্ক সন্দর্ভত নাগৰিক সমাজৰ সৈতে কেন্দ্রীয় গৃহমন্ত্রীগৰাকীয়ে আলোচনাত ভাগ ল’ব৷ ইম্ফলৰ পৰাই ২৭ ডিচেম্বৰৰ বিয়লি দিল্লীলৈ উৰা মাৰিব কেন্দ্রীয় গৃহমন্ত্রীগৰাকী৷