🔴সশস্ত্ৰ সীমা বলৰ হীৰক জয়ন্তী ডাক টিকট উন্মোচন
🔴সীমান্তত থকা গাঁওখন শেষ গাঁও নহয় দেশৰ প্ৰথম গাঁও : গৃহমন্ত্ৰী শ্বাহ
🔴অনুষ্ঠানত অসমৰ মুখ্যমন্ত্ৰী ড০ হিমন্ত বিশ্ব শৰ্মাৰো অংশগ্ৰহণ
বিশেষ বাৰ্তা, ২০ জানুৱাৰীঃ দেশৰ সীমান্তত অৱস্থিত গাওঁসমূহক দেশৰ অন্তিম খন গাওঁ বুলি ধাৰণা কৰা হয়, কিন্তু বাস্তৱত দেশত প্ৰৱেশ কৰাৰ সময়ত এই গাঁওবোৰ দেশৰ প্ৰথমখন গাঁও। তেজপুৰৰ ঐতিহাসিক নগৰত সশস্ত্ৰ সীমা বলৰ ৬০সংখ্যক হীৰক জয়ন্তী বৰ্ষৰ অনুষ্ঠানত উপস্থিত হৈ এই মন্তব্য কৰে দেশৰ গৃহমন্ত্ৰী অমিত শ্বাহে । তেওঁ দেশৰ সীমান্তত থকা গাঁওসমুহত সকলো মৌলিক সুবিধা প্ৰদান কৰি আৰু চৰকাৰে আৱাসীসকলক নেতৃত্ব দি বিভিন্ন কল্যাণমূলক আঁচনিৰ জৰিয়তে ভাৰত চৰকাৰৰ উচ্চাকাংক্ষী “ভাইব্ৰেণ্ট ভিলেজ আঁচনি” সফল কৰাৰ বাবে সশস্ত্ৰ সীমা বল চমুকৈ এছ এছ বিৰ প্ৰচেষ্টাক গৃহমন্ত্ৰী গৰকীয়ে প্ৰশংসা কৰি তেওঁ বাহিনীৰ মূলমন্ত্ৰ “সেৱা, সুৰক্ষা, ব্ৰাদাৰহুড” পুনৰাবৃত্তি ঘটাই বুলি উল্লেখ কৰে। গৃহমন্ত্ৰী অমিত শ্বাহে বাহিনীৰ হীৰক জয়ন্তী অনুষ্ঠানত অংশ গ্ৰহন কৰি দেশৰ বিভিন্ন প্ৰান্তত নিয়োজিত বিষয়া-জোৱান সকলক অভিনন্দন জ্ঞাপন কৰি দেশ মাতৃৰ সেৱাত প্ৰাণ বিসৰ্জন দিয়া ৫১ গৰাকী বীৰ শ্বহীদক স্মৰণ কৰে। উল্লেখ্য যে গৃহ মন্ত্ৰী শ্বাহে তেজপুৰ আৱৰ্ত ভৱনত কালি নিশা কটাই আজি পূৱা শালনিবাৰী প্ৰশিক্ষণ আৰু নিযুক্তি কেন্দ্ৰত উপস্থিত হৈ শ্বহীদ স্মাৰকত শ্ৰদ্ধাঞ্জলি জ্ঞাপন কৰাৰ লগতে শ্বহীদ স্মাৰক বহীত টোকা লিখি পোনে পোনে শালনিবাৰীৰ শিৱাজী ময়দানত উপস্থিত হয়। দেশৰ গৃহমন্ত্ৰী গৰাকীক বিভিন্ন প্ৰান্তৰ পৰা অহা ৪১৬ গৰাকী জোৱান আৰু ১৪ গৰাকী বিষয়াই নেতৃত্ব দিয়া পেৰেডৰ অভিবাদন গ্ৰহন কৰে।অভিবাদন গ্ৰহন কৰি দিয়া ভাষণত এছ এছ বিৰ পেৰেডৰ চমৎকাৰ প্ৰদৰ্শন আৰু ৰিক্ৰুইট ট্ৰেইনিং চেণ্টাৰ শালিনীবাৰীত কাৰ্যসূচী আয়োজন কৰাৰ বাবে প্ৰশংসা কৰে। তেওঁ লগতে ইণ্ডো-নেপাল আৰু ইণ্ডো-ভূটান সীমান্তৰ সুৰক্ষাৰ ক্ষেত্ৰত এছএছবিৰ ভূমিকাৰ লগতে অন্যান্য গুৰুত্বপূৰ্ণ ক্ষেত্ৰত পালন কৰা কৰ্তব্যৰ প্ৰশংসা কৰে। তেওঁ বাহিনীৰ কৰ্মীসকলৰ দ্বাৰা ৰূপায়ণ কৰা ভাৰত চৰকাৰৰ বিভিন্ন কল্যাণমূলক আঁচনিৰ লগতে প্ৰাকৃতিক দুৰ্যোগৰ সময়ত কৰ্মচাৰী সকলৰ অৱদান প্ৰশংসা কৰি কয়- ভাৰত চৰকাৰে যিকোনো প্ৰত্যাহ্বানৰ মোকাবিলা কৰিবলৈ অত্যাধুনিক কাৰিকৰী ব্যৱস্থা, সঁজুলি আৰু আন্তঃগাঁথনি প্ৰদান কৰাৰ ক্ষেত্ৰত কোনো ধৰণৰ ক্ৰুটি ৰখা নহ’ব বুলি দৃঢ়তাৰে কয়। মুখ্য অতিথি ৰূপে অংশ লোৱা ২০২৩ চনত ইণ্ডো-নেপাল আৰু ইণ্ডো-ভূটানৰ মুকলি সীমাৰ প্ৰত্যাহ্বান স্বত্বেও সীমান্তত নিয়োজিত এছ এছ বিয়ে অবৈধ নিচাজাতীয় সামগ্ৰী, অবৈধ অস্ত্ৰ, জাল নোট, বন্য জীৱ-জন্তু, বনজ সম্পদ আৰু নিষিদ্ধ সামগ্ৰীৰ চোৰাং ব্যৱসায় ৰোধৰ ক্ষেত্ৰত এছএছবিয়ে লাভ কৰা সফলতাক ভৃয়সী প্ৰশংসা কৰে। বাহিনীটোত কাৰ্যকৰী হোৱা ১৮ টা উদ্ধাৰকাৰী আৰু সাহায্য দলক প্ৰশংসা কৰি তেওঁ কয় যে সশস্ত্ৰ সীমা বল ৰিলিফ এণ্ড ৰেচকিউ দলে তেওঁলোকৰ দায়িত্বৰ ক্ষেত্ৰত যিকোনো দুৰ্যোগৰ ক্ষেত্ৰত প্ৰথম কাৰ্যকৰী দল হিচাপে কাম কৰে। তেওঁ ছত্তীশগড়, ঝাৰখণ্ড আৰু বিহাৰত এছএছবিৰ দ্বাৰা চলোৱা নক্সাল বিৰোধী অভিযান আৰু জম্মু-কাশ্মীৰত সন্ত্ৰাসবাদী বিৰোধী অভিযানত সশস্ত্ৰ সীমা বলৰ ভূমিকাকো প্ৰশংসা কৰে। আজিৰ এই অনুষ্ঠানত গৃহ আৰু সহযোগিতা মন্ত্ৰী অমিত শ্বাহৰ সৈতে অসমৰ মুখ্যমন্ত্ৰী ড০ হিমন্ত বিশ্ব শৰ্মা, ভাৰত চৰকাৰৰ গৃহ সচিব অজয় কুমাৰ ভল্লা, এছএছবিৰ সঞ্চালক প্ৰধান অসিত দয়াল সিং আৰু ৰাজ্য চৰকাৰৰ বিভিন্ন বিষয়া, এছ.এছ.বি.-ৰ অৱসৰপ্ৰাপ্ত বিষয়া আৰু সেৱা আগবঢ়োৱা বিষয়া অনুষ্ঠানটো উপস্থিত থাকে। গৃহমন্ত্ৰীগৰাকীয়ে লগতে আৰু কয়- সশস্ত্ৰ সীমা বলে দেশৰ প্ৰধানমন্ত্ৰীৰ দ্বাৰা আৰম্ভ কৰা অভিযান বেটি বচাও-বেটি পঢ়াও, স্বচ্ছ ভাৰত মিছন, বৃক্ষৰোপন , জল সংৰক্ষণ, একক ব্যৱহাৰপ্লাষ্টিকৰ ওপৰত নিষেধাজ্ঞা, প্ৰধানমন্ত্ৰী মুদ্ৰা যোজনা, এক ভাৰত শ্ৰেষ্ঠ ভাৰত আৰু আজাদীৰ অমৃত মহোৎসৱ আদি এই বাহিনীয়ে সফলতাৰে ৰূপায়ণ কৰে।ইফালে হীৰক জয়ন্তী সমাৰোহ উপলক্ষে সশস্ত্ৰ সীমা বলৰ হীৰক জয়ন্তী স্মাৰক ডাক টিকট মুকলি কৰাৰ লগতে সশস্ত্ৰ সীমা বলে নিৰ্মান কৰা সীতামাঢ়ী, বীৰপুৰ, বাৰাসাত আৰু গুৱাহাটীত নৱনিৰ্মিত আৱাসিক আৰু অনা-আৱাসিক ভৱনৰ গৃহমন্ত্ৰীগৰাকীয়ে চুইছ টিপি ই-উদ্বোধন কৰে।সশস্ত্ৰ সীমা বলৰ হীৰক জয়ন্তী অনুষ্ঠানত নেপাল, ভূটানৰ বিদেশী গণ্যমান্য ব্যক্তি, অৱসৰপ্ৰাপ্ত বিষয়া, এছএছবিৰ কৰ্মৰত পৰিয়াল, সীমান্তৱৰ্তী অঞ্চলৰ শিক্ষাৰ্থী উপস্থিত থাকে। অনুষ্ঠানত উত্তৰ পূব সাতো ৰাজ্যৰ সাংস্কৃতিক নৃত্য,কলাগুৰু বিষ্ণুপ্ৰসাদ ৰাভাৰ গীতত যোগাসন পৰিৱেশন কৰে।
প্ৰেৰক হিমাংশু শইকীয়া