নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

দিল্লীত অমিত শ্বাহৰ সভাপতিত্বত দুৰ্যোগ ব্যৱস্থাপনাৰ গুৰুত্বপূৰ্ণ বৈঠক

🔷 বৈঠকত অংশগ্ৰহণ ৰাজ্যৰ দুৰ্যোগ ব্যৱস্থাপনা মন্ত্ৰী যোগেন মহনৰ

নিয়মীয়া বাৰ্তা, মৰাণ, ১৬ জুনঃ কেন্দ্ৰীয় গৃহমন্ত্ৰী অমিত শ্বাহৰ সভাপতিত্বত দিল্লীৰ বিজ্ঞান ভৱনত ১৩ জুনত সম্পন্ন হোৱা দুৰ্যোগ ব্যৱস্থাপনাৰ এখন গুৰুত্বপূৰ্ণ সভাত অসমক প্ৰতিনিধিত্ব কৰি অংশগ্ৰহণ কৰে ৰাজ্যৰ ৰাজহ আৰু দুৰ্যোগ ব্যৱস্থাপনা, পাৰ্বত্য অঞ্চল উন্নয়ন আৰু খনি আৰু খনিজাত দপ্তৰৰ মন্ত্ৰী যোগেন মহনে। দেশৰ ১৮খন ৰাজ্যৰ দুৰ্যোগ ব্যৱস্থাপনা বিভাগৰ মন্ত্ৰীসকলে অংশগ্ৰহণ কৰা এই বৈঠকত মূলতঃ ৰাজ্যসমূহৰ দুৰ্যোগ ব্যৱস্থাপনা বিভাগটোৱে কেনেদৰে কাৰ্য সম্পন্ন কৰি আছে আৰু কেনেদৰে আগন্তুক প্ৰাকৃতিক দুৰ্যোগৰ মোকাবিলা কৰিব পৰাকৈ ৰাজ্যসমূহ সাজু আছে, তাৰ ওপৰত মন্ত্ৰীসকলৰ লগত বিস্তৃত আলোচনা কৰে গৃহমন্ত্ৰী অমিত শ্বাহে। গৃহমন্ত্ৰীগৰাকীয়ে এই সন্দৰ্ভত সভাৰ শেষলৈকে ৰাজ্যৰ বিভাগীয় মন্ত্ৰীসকলৰ লগত ৰাষ্ট্ৰীয় আৰু ৰাজ্যিক দুৰ্যোগ ব্যৱস্থাপনা প্ৰাধিকৰণৰ বিভিন্ন নিয়মাৱলী তথা নিৰ্দেশনাৱলী সন্দৰ্ভত আলোচনা কৰে। সভাত গৃহমন্ত্ৰীগৰাকীয়ে মূলতঃ ৰাইজৰ সহযোগত কেনেকৈ দুৰ্যোগৰ ক্ষয়-ক্ষতি কম কৰিব পাৰি; ধুমুহা-বজ্ৰপাত আদি প্ৰাকৃতিক দুৰ্যোগৰ আগজাননী কেনেকৈ পাব পাৰি; সাহায্য শিবিৰ আদিৰ বাবে প্ৰস্তুতি আৰু সজাগতা সৃষ্টি আদি বিষয়ত বহু গুৰুত্বপূৰ্ণ মন্তব্য প্ৰদান কৰে।

উক্ত সভাতেই মন্ত্ৰী যোগেন মহনেও অসমৰ দুৰ্যোগ ব্যৱস্থাপনা বিভাগৰ দ্বাৰা ৰাইজৰ মাজত সজাগতা সৃষ্টি, প্ৰশিক্ষণ প্ৰদান, সাহায্য শিবিৰ স্থাপন আদি বিষয়ত গৃহমন্ত্ৰীগৰাকীক অৱগত কৰে। তদুপৰি মন্ত্ৰীগৰাকীয়ে ৰাজ্যৰ দুৰ্যোগ ব্যৱস্থাপনাৰ ক্ষতিপূৰণ বৃদ্ধি সন্দৰ্ভত গৃহমন্ত্ৰীগৰাকীক কেইবাটাও প্ৰস্তাৱ আবেদন আকাৰে দাখিল কৰে আৰু উক্ত প্ৰস্তাৱসমূহত দেশৰ আন আন ৰাজ্যৰ মন্ত্ৰীসকলেও সহমত প্ৰকাশ কৰে। মন্ত্ৰীগৰাকীয়ে আবেদনত উল্লেখ কৰা অনুসৰি, বৰ্তমান ৰাজ্যত প্ৰাকৃতিক দুৰ্যোগত সম্পূৰ্ণকৈ কোনো বাসগৃহৰ ক্ষয়ক্ষতি হ’লে ১ লাখ ২০ হাজাৰ টকা, আংশিকভাৱে পকী বাসগৃহৰ ক্ষতি হ’লে ৬ হাজাৰ ৫০০ টকা আৰু আংশিকভাৱে কেঁচা বাসগৃহৰ ক্ষয়ক্ষতি হ’লে ৪ হাজাৰ টকা লাভ কৰে। এইকেইটা স্তৰৰ মাজত ৫০ হাজাৰ টকাৰ এক ক্ষতিপূৰণ স্তৰৰ ব্যৱস্থা কৰিবলৈ মন্ত্ৰীগৰাকীয়ে আবেদন কৰে। আনহাতে, লোকনিৰ্মাণ বিভাগৰ ১ কিলোমিটাৰ ৰাস্তাৰ বৰ্তমান ৬০ হাজাৰ টকা ক্ষতিপূৰণৰ পৰিমাণ ৩ লাখ টকালৈ বৃদ্ধি, নিম্ন প্ৰাথমিক আৰু মধ্য ইংৰাজী বিদ্যালয়ৰ লগতে উচ্চ মাধ্যমিক আৰু উচ্চতৰ মাধ্যমিক বিদ্যালয়ৰ অন্তৰ্ভুক্তি, কেন্দ্ৰীয় চৰকাৰৰ নিয়মাৱলী অনুসৰি বৰ্তমানৰ ৰাজ্যিক দুৰ্যোগ বিশেষ পুঁজিত কৰিব পৰা খৰচৰ পৰিমাণ ১০ শতাংশৰ পৰা ৫০ শতাংশলৈ বৃদ্ধি আদিয়ে উল্লেখযোগ্য। উল্লেখ্য যে ইতিমধ্যে মুখ্যমন্ত্ৰী ড° হিমন্ত বিশ্ব শৰ্মাৰ অধ্যক্ষতাত আৰু মন্ত্ৰী যোগেন মহনৰ উপস্থিতিত জিলাৰ উপায়ুক্তসকলৰ লগত ভিডিঅ’ কনফাৰেন্সিংযোগে বানপানীৰ পূৰ্ব প্ৰস্তুতি সন্দৰ্ভত এখন বৈঠক অনুষ্ঠিত হৈ গৈছে।

You might also like