নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

ডিব্ৰুগড় বিমান বন্দৰত কেন্দ্ৰীয় গৃহমন্ত্ৰী অমিত শ্বাহক উস্ম আদৰণি মুখ্যমন্ত্ৰী ড° হিমন্ত বিশ্ব শৰ্মাৰ

  • ডিব্ৰুগড় কাৰ্যসূচীৰ বাবে ৮০০ নিৰাপত্তাৰক্ষী সাজু
  • অমিত শ্বাহৰ ১১ এপ্ৰিলৰ জনসভাৰ কাৰ্যসূচীৰ প্ৰস্তুতি পৰিদৰ্শন কৰে মুখ্যমন্ত্রী আৰু ডি জি পি জি পি সিঙে

নিয়মীয়া বাৰ্তা, ১০ এপ্ৰিল: দুদিনীয়া অৰুণাচল ভ্ৰমণৰ কাৰ্যসূচী লৈ ডিব্ৰুগড়ত উপস্থিত হোৱা কেন্দ্ৰীয় গৃহমন্ত্ৰী অমিত শ্বাহক ৰাজ্যৰ মুখ্যমন্ত্ৰী ড° হিমন্ত বিশ্ব শৰ্মাই ডিব্ৰুগড়ৰ মোহনবাৰী বিমান বন্দৰত উস্ম আদৰণি জনায়।কেন্দ্ৰীয় গৃহ মন্ত্ৰী অমিত শ্বাহ দিনৰ প্ৰায় ১:৫০ বজাত বি এচ এফৰ বিশেষ বিমানেৰে উপস্থিত হোৱাৰ পাছত মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাকে আদি কৰি সাংসদ কামাখ্যা প্ৰসাদ তাছা,তপন গগৈ,ৰাজ্যিক সভাপতি ভৱেশ কলিতা,সাংগঠনিক সম্পাদক ফণী শৰ্মাসহ ডিব্ৰুগড় আৰু তিনিচুকীয়া জিলাৰ সকলো বিধায়কৰ অভিবাদন গ্ৰহণ কৰি অমিত শ্বাহে পুনৰ ২ বাজি ৮ মিনিটত বি এছ এফৰ হেলিকপ্টাৰ যোগে অৰুণাচলৰ কিৱিথুলৈ ৰাওঁনা হয়।ইফালে কেন্দ্রীয় গৃহ মন্ত্রীক বিদায় জনাই মুখ্যমন্ত্রী হিমন্ত বিশ্ব শৰ্মাই মোহনবাৰী বিমান বন্দৰৰ পৰাই পোনে পোনে মুম্বাইলৈ ৰাওঁনা হয়।মুম্বাইলৈ যোৱাৰ পূৰ্বে ডিব্ৰুগড়ৰ মানকটা খেলপথাৰত অনুষ্ঠিত হব লগা অমিত শ্বাহৰ ১১ এপ্ৰিলৰ জনসভাৰ কাৰ্যসূচীৰ প্ৰস্তুতি পৰিদৰ্শন কৰে মুখ্যমন্ত্রী আৰু ডি জি পি জি পি সিঙে।আজি দিনৰ ১১ বজাত গুৱাহাটীৰ পৰা মোহনবাৰী বিমান বন্দৰত উপস্থিত হৈ মুখ্যমন্ত্রী ড° হিমন্ত বিশ্ব শৰ্মাই স্থল পথেৰে ডিব্ৰুগড়ৰ লাহোৱাল সমষ্টিৰ অন্তৰ্গত মানকটা খেলপথাৰত উপস্থিত হৈ ৰাজহুৱা সভাৰ বাবে প্ৰস্তুত কৰা বৃহৎ পেণ্ডেল,মঞ্চ,নিৰাপত্তা ইত্যাদি বিভিন্ন দিশ সমূহ পৰিদৰ্শন কৰে।নিৰ্মীয়মান অস্থায়ী মঞ্চত কেন্দ্রীয় মন্ত্রী ৰামেশ্বৰ তেলী,আৰক্ষী সঞ্চালক প্ৰধান জি পি সিং,বিজেপিৰ ৰাজ্যিক সভাপতি ভৱেশ কলিতা,মন্ত্ৰী বিমল বৰা আৰু বিজেপি নেতৃত্বৰে সৈতে সৰ্বদিশ তন্ন তন্নকৈ নিৰীক্ষণ কৰে।
উল্লেখ্য যে এই মঞ্চৰ পৰাই ১১ এপ্রিলত ডিব্ৰুগড়ৰ জীৱন ফুকন নগৰত নিৰ্মাণ হৈ উঠিব লগীয়া
বিজেপিৰ উজনিৰ আঞ্চলিক কাৰ্যালয়ৰ আধাৰশিলা আৰু ভূমি পূজন ভাৰ্চুৱেলী কৰাৰ লগতে প্ৰায় ৪০ হাজাৰ লোকৰ সমাৱেশেৰে এখন জনসভা সম্বোধন কৰিব কেন্দ্ৰীয় গৃহমন্ত্ৰী অমিত শ্বাহে।জানিব পৰামতে অমিত শ্বাহৰ ডিব্ৰুগড়ৰ এই কাৰ্যসূচীৰ বাবে ৮০০ আৰক্ষী নিৰাপত্তাৰ বাবে সাজু কৰা হৈছে।সেয়ে আৰক্ষী সঞ্চালক প্ৰধান জি পি সিঙে আজি আৰক্ষীৰ সামগ্ৰিক নিৰাপত্তাৰ দিশটোও পুংখানুপুংখভাবে তদাৰৰক কৰে।মুখ্যমন্ত্ৰী ড° হিমন্ত বিশ্ব শৰ্মাই সংবাদ মাধ্যমৰ আগত কয় যে অৰুণাচলৰ ভাৰত-চীন সীমান্ত কিবিথু অঞ্চল ভ্ৰমণ কৰি দিল্লীলৈ উভতাৰ পথত ডিব্ৰুগড়ত উজনিৰ বিজেপিৰ আঞ্চলিক কাৰ্যালয়ৰ আধাৰশিলা কৰিব কেন্দ্ৰীয় গৃহমন্ত্ৰী অমিত শ্বাহে,লগতে প্ৰায় ৪০ হাজাৰ লোকৰ জনসভাত ভাষণ প্ৰদান কৰিব মন্ত্ৰীগৰাকীয়ে।

আনহাতেদি প্ৰায়বোৰ দিশ পৰ্যৱেশন কৰি মুখ্যমন্ত্ৰী ড° হিমন্ত বিশ্ব শৰ্মাই ৰাজ্যিক সভাপতি ভৱেশ কলিতা,মন্ত্ৰী বিমল বৰা,সঞ্জয় কিশানসহ ডিব্ৰুগড়ৰ তিনিচুকীয়াৰ বিধায়কেৰে এক চাহ মেলত ভাগ লৈ কোন বিধায়কে সভালৈ কিমান মানুহ আনিব তাৰো এক হিচাপ লয়।লগতে ডিব্ৰুগড়ৰ জীৱন ফুকন নগৰত নিৰ্মাণ হ’ব লগীয়া বিজেপিৰ উজনীৰ আঞ্চলিক কাৰ্যালয়টো আগন্তুক এবছৰৰ ভিতৰত সম্পূর্ণ কৰাৰ ওপৰতো গুৰুত্ব দিয়ে।

সৰুসজাইৰ বিশ্ব অভিলেখৰ বাবে ডিব্ৰুগড়ৰ জালান আউটডৰ ষ্টেডিয়ামত নাচনী ঢোলীয়াৰ অন্তিম আখৰাৰ কাৰ্যসূচীৰ বিষয়েও মন্ত্রী বিমল বৰাৰ পৰা বুজ লয় মুখ্যমন্ত্ৰীয়ে।ইফালে মে’ মাহত ৫১,০০০ হাজাৰৰ নতুন নিযুক্তিৰ বাবে অনুষ্ঠান আয়োজনৰ ঠাই সম্পৰ্কেও উক্ত চাহ মেলতে বিধায়ক,মন্ত্রী আৰু উপস্থিত বিজেপি নেতৃত্বৰে চমু আলোচনা কৰে।ইয়াৰ পাছতে মন্ত্রী গৰাকীয়ে মোহনবাৰী বিমান বন্দৰলৈ অমিত শ্বাহক আদৰিবলৈ যায়।

ডিব্ৰুগড়ৰ পৰা বিভাস দুৱৰা।

You might also like